নতুন দিল্লী : বৃহস্পতিবাৰে দিল্লী বিধানসভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলে নিৰ্বাচনী ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ৷ এই ঘোষণাৰ পাছতে ৰাজনৈতিক জগতত এক আলোড়নৰ সৃষ্টি হোৱা দেখা গৈছে ।
ইতিমধ্যে ৰাম নিৱাস গোৱেলে আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱাললৈ এক পত্ৰৰ জৰিয়তে এই কথা সদৰী কৰে । পত্ৰখনত বয়স বৃদ্ধিয়েই তেওঁ অৱসৰৰ কাৰণ হিচাপে দৰ্শাইছে ৷ লগতে গোৱেলে ৰাজনৈতিক যাত্ৰাত লাভ কৰা সমৰ্থনৰ বাবেও পত্ৰখনৰ জৰিয়তে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰে ।
- পত্ৰখনত গোৱেলে লিখিছে :
"মই আপোনালোকক বিনম্ৰভাৱে জনাব বিচাৰিছো যে যোৱা ১০ বছৰ ধৰি মই বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিচাপে নিজৰ দায়িত্ব দক্ষতাৰে পালন কৰিছো । আপোনালোকে মোক সদায় অতিশয় সন্মান দিছে, যাৰ বাবে মই সদায় কৃতজ্ঞ । মই আপোনাৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম ।’’
লগতে তেওঁৰ এই যাত্ৰাত সহযোগ কৰা আম আদমি পাৰ্টীৰ সকলো বিধায়ককে ধন্যবাদ জ্ঞাপন কৰে । বয়সৰ বাবে নিৰ্বাচনী ৰাজনীতিৰ পৰা আঁতৰি আহিব বিচাৰিছে যদিও আম আদমী পাৰ্টীৰ হৈ আগন্তুক দিনত সেৱা আগবঢ়াই যাব বুলিও গোৱেলে কয় ।
श्री रामनिवास गोयल जी का चुनावी राजनीति से अलग होने का निर्णय हम सभी के लिए एक भावुक क्षण है। उनके मार्गदर्शन ने वर्षों तक हमें सदन के अंदर और बाहर सही दिशा दिखाई है। अपनी बढ़ती उम्र और स्वास्थ्य के चलते उन्होंने हाल ही में अभी कुछ दिन पहले ही चुनावी राजनीति से अलग होने की अपनी… https://t.co/iaLsnWWCRB
— Arvind Kejriwal (@ArvindKejriwal) December 5, 2024
তেওঁ কেজৰিৱালক আশ্বাস দি কয়, "মই মোৰ সম্পূৰ্ণ তন-মন-ধনেৰে দলৰ হৈ কাম কৰি যাম আৰু মোৰ হাতত যি দায়িত্ব দিয়া হ'ব সেয়া পালন কৰিবলৈ চেষ্টা কৰিম ।"
- কেজৰিৱালৰ প্ৰতিক্ৰিয়া :
একে সময়তে অৰবিন্দ কেজৰিৱালেও তেওঁৰ চিঠিখনৰ উত্তৰত লিখিছে, "ৰামনিৱাস গোৱেল জীয়ে নিৰ্বাচনী ৰাজনীতিৰ পৰা আঁতৰি অহাটো আমাৰ সকলোৰে বাবে এক আৱেগিক মুহূৰ্ত । বছৰ বছৰ ধৰি তেওঁৰ পথ প্ৰদৰ্শনে আমাক সদনৰ ভিতৰত আৰু বাহিৰত সঠিক দিশ দেখুৱাই দি আহিছে । তেওঁৰ বয়স আৰু স্বাস্থ্যৰ বাবে শেহতীয়াকৈ নিৰ্বাচনী ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল ৷ গোৱেল চাহেবে তেওঁৰ অভিজ্ঞতাৰে দলৰ বাবে সদায় অভিভাৱক হৈ আহিছে আৰু হৈ থাকিব ।"
- দীৰ্ঘসময় ধৰি ৰাজনীতিৰ লগত তেওঁ জড়িত :
দীৰ্ঘসময় ধৰি ৰাম নিৱাস গোৱেলে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ আছিল । ১৯৯৩ চনত বিজেপিৰ টিকটত শ্বাহদৰা সমষ্টিৰ পৰা বিধায়ক হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল । পিছত আম আদমী পাৰ্টী গঠন হোৱাৰ সময়ত তেওঁ সেই দলত যোগদান কৰাৰ সিদ্ধান্ত লয় । তেতিয়াৰে পৰাই যোৱা দুটা নিৰ্বাচনত ধাৰাবাহিকভাৱে জয়লাভ কৰি শেষত বিধানসভাৰ অধ্যক্ষৰ আসন শুৱনি কৰে গোৱেলে ৷
গোৱেলৰ অৱসৰ লোৱা সিদ্ধান্ত কেৱল তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে এক নতুন দিশ নহয়, আম আদমী পাৰ্টীৰ বাবেও ই এক টাৰ্নিং পইণ্ট । ভৱিষ্যতে তেওঁৰ অভিজ্ঞতা আৰু নেতৃত্বৰ অভাৱ দলটোৱে অনুভৱ কৰিব পাৰে । ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, গোৱেলৰ এই সিদ্ধান্ত আন দলৰ নেতাসকলৰ বাবেও এক শিক্ষা ৷ বয়স আৰু অভিজ্ঞতাৰে পুষ্ট হৈ কেনেকৈ এক সুস্থ ৰাজনীতি আগুৱাই নিব পাৰি সেই বিষয়ে সকলোৱে জানিবলৈ এক সুযোগ লাভ কৰিব পাৰে ।