ETV Bharat / bharat

আজি কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক; যুৱ প্ৰজন্ম আৰু নিৰ্বাচনী ইস্তাহাৰৰ ওপৰত গুৰুত্ব প্ৰদানৰ সম্ভাৱনা

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 12:26 PM IST

CWC Meet : কংগ্ৰেছ ৱৰ্কিং কমিটীৰ আহ্বায়ক টি এছ সিংদেউৰ মতে, ইস্তাহাৰখনত নিশ্চিতভাৱে 'ৰাহুল গান্ধীৰ সামাজিক ন্যায়ৰ কাৰ্যসূচী'ৰ চাপ থাকিব । এআইচিচিৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে লগতে কয় যে শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাটোৱে ন্যায়ৰ বাবে পাঁচটা 'গেৰাণ্টি'ৰ ওপৰতো গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে ।

আজি কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক

নিউজ ডেস্ক, ১৯ মাৰ্চ : মঙলবাৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক । এই বৈঠকত লোকসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰৰ বিষয়ে আলোচনা কৰিব । লগতে আন কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ উপৰি দলৰ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ ভাৰত জোডো ন্যায় যাত্ৰাৰ সময়ত গুৰুত্ব দিয়া 'সামাজিক ন্যায়'ৰ সন্দৰ্ভত চূড়ান্ত ৰূপ দিয়াৰ সম্ভাৱনা আছে ।

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ইস্তাহাৰৰ অন্যতম আকৰ্ষণ হ'ব দলৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীৰ সামাজিক ন্যায়ৰ কাৰ্যসূচীৰ প্ৰতিফলন, যিটো তেওঁৰ সদ্যসমাপ্ত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে স্থাপন কৰি আহিছে ।

দলৰ ভিতৰুৱা সূত্ৰ মতে, ইস্তাহাৰখনে চৰকাৰী নিযুক্তিত স্বচ্ছতা নিশ্চিত কৰাৰ বাবে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সমস্যা সমাপ্তিৰ বাবে এখন আইনৰ প্ৰতিশ্ৰুতি দিয়াৰ সম্ভাৱনা আছে । লগতে ইণ্ডিয়া ব্লক ক্ষমতালৈ আহিলে সকলো অমীমাংসিত চৰকাৰী খালী পদ পৰ্যায়ক্ৰমে পূৰণ কৰাৰ আশ্বাস দিয়াৰ সম্ভাৱনা আছে ।

ইস্তাহাৰখনে কৃষকসকলৰ সমস্যা সমাধান কৰিবলৈ আৰু তেওঁলোকক ন্যায় প্ৰদান কৰিবলৈ আইনী এমএছপিৰ প্ৰতিশ্ৰুতি দিয়াৰ সম্ভাৱনা আছে । লগতে কিছুমান গুৰুত্বপূৰ্ণ কৃষি সঁজুলি আৰু সামগ্ৰীৰ ওপৰত জিএছপি খাদ্য উৎপাদকসকলক সকাহ দিয়াৰ বাবে হ্ৰাস কৰিব পাৰে ।

গ্ৰাম্য চাকৰিৰ ওপৰত গুৰুত্ব দিয়াৰ অংশ হিচাপে দলটোৱে এমজিএনৰেগাৰ বাবে অধিক পুঁজিৰ প্ৰতিশ্ৰুতি দিয়াৰ সম্ভাৱনা আছে । দলটোৱে কেন্দ্ৰীয় চৰকাৰক পূৰ্বৰ ইউপিএ শাসনৰ দ্বাৰা আৰম্ভ কৰা গ্ৰাম্য চাকৰি আঁচনিক অৱহেলা কৰাৰ অভিযোগ কৰি আহিছে । লগতে যিহেতু ৰাহুল গান্ধীয়ে কৈ আহিছে যে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়বোৰে বৃহৎ পৰিমাণৰ চাকৰি সৃষ্টি কৰাত সহায় কৰে, কিন্তু কেন্দ্ৰই ইয়াক উপেক্ষা কৰিছে, সেয়ে এই খণ্ডটোৰ বাবে সস্তীয়া ঋণৰ ব্যৱস্থা কৰা হ'ব পাৰে ।

সমিতিখনৰ আহ্বায়ক তথা ছত্তীশগড়ৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী টি এছ সিংদেউৱে ব্যাখ্যা নকৰাকৈ কয় যে ইস্তাহাৰখনে সকলো সম্ভাৱনাৰে কংগ্ৰেছৰ সৈতে ঘনিষ্ঠভাৱে জড়িত ধাৰণাবোৰ প্ৰতিফলিত কৰিব আৰু নিশ্চিতভাৱে 'ৰাহুল গান্ধীৰ সামাজিক ন্যায় কাৰ্যসূচী'ৰ চাপ বহন কৰিব ।

সিংদেউৱে কয়, "ৰাহুল গান্ধীয়ে গুৰুত্ব দিয়াৰ দৰে ইস্তাহাৰৰ বিশেষত্বত যুৱসকলৰ ওপৰত অধিক মনোযোগ দিয়াৰ সম্ভাৱনা আছে ।"

উল্লেখ্য যে ৫ মাৰ্চত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ অধ্যক্ষতাত গতাই দিয়া দলৰ ইস্তাহাৰ সমিতিয়ে খচৰাখন চূড়ান্ত কৰে আৰু ইয়াৰ অনুমোদনৰ বাবে দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেক হস্তান্তৰ কৰে ।

আনহাতে, এআইচিচিৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে দলটোৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা চিডব্লিউচিয়ে ন্যায়ৰ বাবে পাঁচটা 'গেৰাণ্টি' বহন কৰা খচৰা ইস্তাহাৰত সন্মতি দিয়াৰ সম্ভাৱনা আছে ।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া, কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ, কংগ্ৰেছ নেতা শশী থাৰুৰ আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰা এই কমিটীখনৰ আন সদস্য । চিদাম্বৰমৰ মতে, লোকসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ 'জনসাধাৰণৰ ইস্তাহাৰ' হ'ব আৰু দলৰ নেতাসকলৰ ৰাজহুৱা পৰামৰ্শৰ উপৰি ই-মেইল আৰু এটা ৱেবছাইটৰ জৰিয়তে পৰামৰ্শ লোৱা হৈছে ।

লগতে পঢ়ক :সাংসদ হোৱাৰ সপোন ৰাজ্যপালৰ পদতকৈ ডাঙৰ বুলি প্ৰমাণ কৰিলে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.