ETV Bharat / bharat

২১ জুনত কংগ্ৰেছৰ দেশজোৰা NEET-UG কেলেংকাৰীৰ প্ৰতিবাদ কাৰ্যসূচী - Congress To Protest NEET UG Scam

Congress To Protest Against NEET UG Scam : কংগ্ৰেছৰ নেতাসকলৰ বিশ্বাস যে লাখ লাখ শিক্ষাৰ্থীৰ জীৱনৰ সৈতে জড়িত চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত উত্থাপিত কেলেংকাৰীৰ অভিযোগটো যুৱসকলৰ সৈতে জড়িত এটা সমস্য়া । দেশৰ সবাতোকৈ পুৰণি দলটোৱে এই বিষয়ত মাত মতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । জ্বলন্ত বিষয় সন্দৰ্ভত চৰকাৰক সহজে এৰি নিদিব বুলি মন্তব্য গৌৰৱ গগৈৰ ।

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 7:07 PM IST

Congress To Protest Against NEET UG Scam
NEET-UG কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat)

নিউজ ডেস্ক, ১৯ জুন : কংগ্ৰেছে প্ৰাক-চিকিৎসা বিজ্ঞান প্ৰৱেশ পৰীক্ষা NEET-UG ত তথাকথিত কেলেংকাৰীৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে । লগতে বিষয়টো সন্দৰ্ভত ২১ জুনত দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব আৰু নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক প্ৰতিহত কৰিবলৈ বিষয়টো সংসদত উত্থাপন কৰিব ।

দলৰ ভিতৰুৱা সূত্ৰ মতে, অভিযোগ উত্থাপিত হোৱা এন ই ই টি কেলেংকাৰীত লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যৎ জড়িত হৈ আছে । সেয়ে দলটোৱে এই বিষয়টো বিতৰ্কলৈ লৈ যাব বিচাৰে । দলৰ ব্যৱস্থাপকসকলে ৰাহুল গান্ধীৰ পৰা প্ৰেৰণা গ্ৰহণ কৰিছে, যিয়ে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (এন টি এ) ৪ জুনত NEET-UG ৰ ফলাফল ঘোষণা কৰাৰ পিচতে বিষয়টো উত্থাপন কৰিছিল । উল্লেখ্য, একেদিনাই ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলো ওলাইছিল ।

তেতিয়াৰে পৰা কংগ্ৰেছে কেইবাবাৰো বিষয়টো উত্থাপন কৰি আহিছে । লগতে NEET-UG ফলাফলত সংঘটিত বৃহৎ পৰিমাণৰ অনিয়মৰ ব্যাখ্যা আগবঢ়াবলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰীক্ষণ কৰা এক তদন্তৰো দাবী জনায় ।

উল্লেখ্য, চৰকাৰে প্ৰথমতে এই পৰীক্ষাত কোনো অনিয়ম হোৱা নাই বুলি উল্লেখ কৰি অভিযোগবোৰ উলাই কৰিছিল । কিন্তু পিচত এই কথা স্বীকাৰ কৰে যে প্ৰাক-চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ কিছুমান দিশ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে ।

লগতে পঢ়ক :NEET-UG গোচৰ স্থানান্তৰৰ আবেদনত ছুপ্ৰিম কোৰ্টৰ জাননী - NEET UG Row

লগতে কংগ্ৰেছে ৰাজ্যিক গোটসমূহক ২১ জুনত সকলো ৰাজ্যৰ ৰাজধানীত প্ৰতিবাদ কৰিবলৈ নিৰ্দেশ দিছে আৰু জ্যেষ্ঠ নেতাসকলক শক্তি প্ৰদৰ্শনত যোগদান কৰিবলৈ নিৰ্দেশ দিছে । ২৪ জুনৰ পৰা আৰম্ভ হ'বলগা সংসদৰ বিশেষ অধিবেশনৰ সময়ত বিষয়টো উত্থাপন কৰিবলৈ মহান পুৰণি দলটোৱে ইণ্ডিয়া ব্লক দলসমূহৰ সৈতেও সমন্বয় ৰক্ষা কৰি আছে ।

"আমাৰ নেতা ৰাহুল গান্ধীয়ে ফলাফল ঘোষণা হোৱাৰ লগে লগে NEET-UG পৰীক্ষাৰ বিষয়টো গ্ৰহণ কৰিছিল । এইটো এটা ৰহস্য যে ৪ জুনত সমগ্ৰ দেশে নিৰ্বাচনৰ ফলাফলৰ বিষয়ে চৰ্চা কৰি থকাৰ সময়ত এই ফলাফল কিয় ঘোষণা কৰা হৈছিল । এনেকুৱা লাগিছে যে তেওঁলোকে জানিছিল যে নিৰ্বাচনৰ ধুমুহা চলি আছে আৰু সেয়ে তেওঁলোকে এন ই ই টিৰ ফলাফলৰ ওপৰত কোনো আলোচনা এৰাই চলিব বিচাৰিছিল । এই কাৰণেই আমি এই সমগ্ৰ কেলেংকাৰীটোৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰীক্ষণ কৰা তদন্ত বিচাৰোঁ । কিয়নো ২৪ লাখ যুৱ ভাৰতীয়ৰ জীৱনক এনেদৰে উলাই কৰিব নোৱাৰি ।" জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা লোকসভাৰ সদস্য গৌৰৱ গগৈয়ে ই টিভি ভাৰতক কয় ।

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে ১৮ সংখ্যক লোকসভাৰ সময়ত বিৰোধী দল শক্তিশালী হৈ উঠিছে আৰু জ্বলন্ত বিষয় সন্দৰ্ভত চৰকাৰক সহজে এৰি নিদিব ।

লগতে পঢ়ক :০.০০১ শতাংশ গাফিলতি হ'লেও ইয়াৰ সৈতে মোকাবিলা কৰা উচিত: উচ্চতম ন্যায়ালয় - NEET paper leak case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.