ETV Bharat / bharat

সংবাদমেলৰ মাজতে ঢলি পৰি কংগ্ৰেছ নেতাৰ মৃত্যু - Congress Leader Dies Heart Attack

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 10:06 PM IST

Congress leader died Heart Attack: মৃত্যু এক চিৰন্তন সত্য ৷ জীৱনত মৃত্যু কেতিয়া, কেনেকৈ আহে কোনেও নাজানে ৷ জন্ম কেৱল মাতৃ গৰ্ভত, কিন্তু মৃত্যু কেনেকৈ আহিব পাৰে সেয়া নিশ্চিত নহয় । এনে এক ঘটনা সংঘটিত হৈছে কৰ্ণাটকত ৷ এখন সংবাদমেল সম্বোধন কৰি থকা সময়তে কেমেৰাৰ সমুখত হঠাৎ ঢলি পৰি মৃত্যু হয় এজন কংগ্ৰেছ নেতাৰ ৷ কিন্তু প্ৰকৃততে হৈছিল কি ! জানিবলৈ পঢ়ক....

Congress leader died of a heart attack while speaking at a press conference
সংবাদমেলৰ মাজতে ঢলি পৰি কংগ্ৰেছ নেতাৰ মৃত্যু (Etv Bharat)

নিউজ ডেস্ক, ১৯ আগষ্ট: এই পৃথিৱীত জন্ম হৈছো যেতিয়া মৃত্যুও অনিৰ্বায্য ৷ মৃত্যুক আমি কোনেও জয় কৰিব নোৱাৰো ৷ আমাৰ প্ৰত্যেকৰে দৈনন্দিন জীৱনত মৃত্যুৰ ছাঁই আবৰি ৰাখিছে । আমি বিচনাত শুই থকা অৱস্থাত বা ৰাস্তা পাৰ হওঁতে অথবা ক’ৰবাত বহি থাকোতে, যি কোনো মুহূৰ্ততে মৃত্যু আহিব পাৰে । এনে এক ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বেংগালুৰুত ৷ বেংগালুৰু প্ৰেছ ক্লাবত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি থকা সময়তে হঠাৎ হাৰ্ট এটেক হৈ অকাল মৃত্যুক আকোৱালি লয় এগৰাকী কংগ্ৰেছ নেতাই । মৃত কংগ্ৰেছ নেতাজনৰ নাম চি কে ৰবিচন্দ্ৰন ।

সংবাদমেলৰ মাজতে ঢলি পৰি কংগ্ৰেছ নেতাৰ মৃত্যু (ETV Bharat)

কৰ্ণাটকৰ কোলাৰৰ বাসিন্দা ৰবিচন্দ্ৰন আৰ আৰ নগৰৰ চন্নসন্দ্ৰত বাস কৰিছিল । তেওঁ এখন ব্যক্তিগত বিদ্যালয় চলাইছিল আৰু কংগ্ৰেছ দলত সুপৰিচিত আছিল । কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ তেওঁ সদস্য আছিল । MUDA কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ বিৰুদ্ধে গোচৰ তৰিবলৈ ৰাজ্যপালৰ অনুমতিৰ বিৰুদ্ধে ৰাজ্যৰ পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু সন্থাই সোমবাৰে বেংগালুৰু প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰিছিল ৷

চি কে ৰবিচন্দ্ৰনে জনসংগ্ৰাম আৰু কংগ্ৰেছ পাৰ্টিৰ প্ৰতিনিধি হিচাপে সংবাদমেলত অংশগ্ৰহণ কৰে । সংবাদমেলখন সম্বোধন কৰা সময়তে হঠাতে হাৰ্ট এটেক হৈ তেওঁ চকীৰ পৰা মাটিত ঢলি পৰে ৷ তেওঁক লগে লগে স্থানীয় হাস্পতাললৈ নিয়া হয় যদিও হাস্পতাল পোৱাৰ আগতেই তেওঁৰ মৃত্যু হয় বুলি হাইগ্ৰাউণ্ডছ আৰক্ষীয়ে জানিবলৈ দিয়ে ।

মুখ্যমন্ত্রীৰ শোক প্রকাশ: চি কে ৰবিচন্দ্ৰনৰ মৃত্যুত মুখ্যমন্ত্রী সিদ্দাৰামাইয়াই X ত পোষ্ট কৰি শোক প্ৰকাশ কৰে ৷ তেওঁ কয়, “কৰ্ণাটক ৰাজ্যৰ পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু সন্থাৰ হৈ বেংগালুৰু প্ৰেছ ক্লাবত ৰাজ্যপালৰ বিচাৰৰ নিৰ্দেশৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি থকা সময়ত আমাৰ দলৰ কৰ্মী চি কে ৰবিচন্দ্ৰনৰ হাৰ্ট এটেকত মৃত্যু হোৱাৰ খবৰ শুনিলো ৷”

তেওঁ আৰু কয়, "সংবিধান আৰু গণতন্ত্ৰৰ অস্তিত্ব ৰক্ষাৰ এই যুঁজত আমাৰ লগত থকা ৰবিচন্দ্ৰনৰ মৃত্যু অতি দুখজনক । তেওঁৰ বিদেহী আত্মাই শান্তি লাভ কৰক বুলি প্ৰাৰ্থনা কৰিছো ।" মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই তেওঁৰ X ৰ পোষ্টত শোকসন্তপ্ত পৰিয়ালৰ সদস্য আৰু আত্মীয়ৰ সৈতে থকাৰ কথা ব্যক্ত কৰে ।

লগতে পঢ়ক: তিতাবৰৰ কৃষি পথাৰত ঘূৰ্ণি বতাহৰ বিৰল দৃশ্য় - Cyclone viral video

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.