ETV Bharat / bharat

মেঘালয়ৰ তুৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কিমানত আগবাঢ়ি আছে ? - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 1:43 PM IST

Tura Lok Sabha Constituency : তুৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী চালেং এ চাংমাৰ অগ্ৰগতি । এন পি পি দলৰ আগাথা চাংমাতকৈ তেওঁৰ অগ্ৰগতি কিমান সেয়া জানক ।

Tura Lok Sabha Constituency
তুৰা সমষ্টি (ETV BHARAT ASSAM)

তুৰা, ৪ জুন : বহু প্ৰতীক্ষাৰ অন্ত পেলাই মঙলবাৰে ঘোষণা হ’ব লোকসভা নিৰ্বাচন 2024 ৰ ফলাফল ৷ দেশজুৰি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা ৷ দিনটোৰ শেষৰ ফালে ঘোষণা হ’ব বহু প্ৰতীক্ষিত ফলাফল ৷ ৭৫ দিনতকৈ অধিক সময় ধৰি চলি থকা চৰ্চাৰ অন্তত দেশৰ 543 টা লোকসভা সমষ্টিত চলিছে ভোটগণনা । এই গণনাত সকলোৰে দৃষ্টি নিৱদ্ধ হৈছে উত্তৰ পৃৰ্বাঞ্চলৰ ৰাজ্য় কেইখনত । মেঘালয়ৰ ২ টা লোকসভা সমষ্টিৰ ভিতৰত তুৰা সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী চালেং এ চাংমা । দুপৰীয়া ১২ বজালৈ হোৱা ভোটগণনাত ১ লাখ ৩৯,০১২ ভোটত আগবাঢ়ি আছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী চালেং এ চাংমা ।

মেঘালয়ৰ তুৰাত বতাহ ধুমুহাৰ মাজত অব্যাহত ভোটগণনা । পুৱা ৮ বজাৰ পৰা তুৰাত আৰম্ভ হৈছে ভোটগণনা । পোনপ্ৰথমবাৰৰ বাবে তুৰাৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলত ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হৈছে ৷ মুঠ ১৩২ খন টেবুলত ই ভি এম আৰু ৮ খন টেবুলত বেলট বাকচৰ গণনা কৰা হৈছে । পশ্চিম গাৰো পাহাৰ জিলাৰ ১১ টা বিধানসভা সমষ্টিৰ গণনা কৰা হৈছে তুৰাত । তুৰা লোকসভা সমষ্টিৰ অন্তৰ্গত ৫ খন জিলাত সমগ্ৰ গণনা প্ৰক্ৰিয়া চলিব ।

আজি গণনাৰ পাচতেই ভাগ্য নিৰ্ণয় হ’ব কংগ্ৰেছ দলৰ প্ৰাৰ্থী চালেং এ চাংমা, এন পি পি দলৰ আগাথা চাংমা, তৃণমূল কংগ্ৰেছ দলৰ জেনিথ চাংমা, নিৰ্দলীয় প্ৰাৰ্থী লাবেন মাৰাকৰ । দুপৰীয়া ১২ বজালৈ হোৱা ভোটগণনাত ৩,৪০,৫১৬ টা ভোট লাভ কৰি ১ লাখ ৩৯,০১২ ভোটত কংগ্ৰেছ দলৰ প্ৰাৰ্থী চালেং এ চাংমা আগবাঢ়ি আছে । ইয়াৰ বিপৰীতে এন পি পি দলৰ আগাথা চাংমা লাভ কৰিছে ২,০১,৫০৪ ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

লগতে পঢ়ক:লোকসভা নিৰ্বাচন 2024 ৰ ফলাফলৰ লাইভ আপডেট: মেজিক নাম্বাৰতকৈ অধিক আসনত অগ্ৰগতি এন ডি এৰ - Lok Sabha Election Results 2024

অসমৰ পৰা কোন কোন যাব দিল্লীৰ মচনদলৈ ? - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.