ETV Bharat / bharat

ৰাম নৱমীৰ মাজতেই সংঘাত: মুৰ্ছিদাবাদত কেন্দ্ৰীয় বাহিনী মোতায়েন - Murshidabad violence

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 10:30 PM IST

Ram Navami Procession: লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগৰ শক্তিপুৰত উত্তেজনা বৃদ্ধি । বুধবাৰে সন্ধিয়া নিৰ্বাচন আয়োগে অঞ্চলটোত কেন্দ্ৰীয় বাহিনীৰ এটা কোম্পানী মোতায়েন কৰে ।

RAM NAVAMI PROCESSION
RAM NAVAMI PROCESSION

নিউজ ডেস্ক, ১৮ এপ্ৰিল: ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ এদিন পিচতে বৃহস্পতিবাৰে পশ্চিমবংগৰ শক্তিপুৰত উত্তেজনা বৃদ্ধি পায় । বুধবাৰে সন্ধিয়া নিৰ্বাচন আয়োগে অঞ্চলটোত কেন্দ্ৰীয় বাহিনীৰ এটা কোম্পানী মোতায়েন কৰে । আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আইন-শৃংখলা বিঘ্নিত হোৱাৰ বাবে সমগ্ৰ বিষয়টোত আৰক্ষীৰ ভূমিকাক লৈ স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে তিনিজনক ।

বুধবাৰে ৰাম নৱমীৰ আশে-পাশে উদযাপন কৰা চড়ক পূজাৰ সময়ত শক্তিপুৰত উত্তেজনাৰ সৃষ্টি হৈছিল । বুধবাৰে নিশা বেৰহামপুৰৰ কংগ্ৰেছ নেতা তথা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী অধীৰ ৰঞ্জন চৌধুৰীয়ে মুৰ্ছিদাবাদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন আহত লোকসকলক সাক্ষাৎ কৰাৰ সময়তে শক্তিপুৰৰ উত্তেজনা বৃদ্ধি পায় ।

চৌধুৰী তাত উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতে ‘গ’-বেক’ শ্লোগান দিয়া হৈছিল । কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত কাজিয়া সৃষ্টি হোৱাৰো অভিযোগ উত্থাপন হৈছে । মুৰ্ছিদাবাদ জিলা বিজেপিৰ সভাপতি শখৰভ সৰকাৰ আহত হোৱাৰ পিচতেই চৌধুৰীয়ে তেওঁক ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰে ।

বৃহস্পতিবাৰে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে আৰু কেন্দ্ৰীয় বাহিনীয়ে অঞ্চলটো ঘেৰি ধৰে । আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । ১৪৪ ধাৰাৰ জৰিয়তে নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু মানুহৰ গতিবিধিও ৰোধ কৰা হৈছে ।

উল্লেখ্য যে মুৰ্ছিদাবাদ জিলাৰ ৰেজিনগৰ বিধানসভাৰ শক্তিপুৰত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল । এই ঘটনাত তিনিগৰাকী মহিলা আৰু দুটি শিশুকে ধৰি ২০ জন লোক আহত হয় । আহত তিনিগৰাকী মহিলাক নিশা মুৰ্ছিদাবাদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ বিপৰীতে বৃহস্পতিবাৰে আন এগৰাকী মহিলাক ভৰ্তি কৰোৱা হয় ।

মালদাৰ পৰা উভতি অহাৰ পাচত অধীৰ চৌধুৰীয়ে পোনে পোনে চিকিৎসালয়লৈ গৈ আহত লোকসকলৰ অৱস্থাৰ বুজ লয় । তাৰ পাছত ‘গ’-বেক’ শ্লোগানে তেওঁৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে একাংশ লোকে । ইয়াৰ ফলত তেওঁৰ আৰু বিজেপি কৰ্মীসকলৰ মাজত কাজিয়াৰ সৃষ্টি হয় । "মই জীয়াই থকালৈকে এই মুৰ্ছিদাবাদত হিংসাৰ অনুমতি নিদিওঁ । মোৰ চৌপাশৰ প্ৰতিবাদৰ কি হ'ব ? ইয়াত বিজেপিয়ে নাটক মঞ্চায়ন কৰিছে । আহতসকলক চাবলৈ আহিছো । যাৰ বাবে এই ঘটনা সংঘটিত হৈছে তেওঁলোকক প্ৰশ্ন কৰা উচিত ।" চৌধুৰীয়ে কয় ।

বিগত কিছুদিন ধৰি বিদায়ী সাংসদগৰাকীয়ে বেৰহামপুৰত উচটনিমূলক বক্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰিছে জিলা বিজেপিৰ সভাপতি শখৰভ সৰকাৰে । উল্লেখযোগ্য যে শক্তিপুৰত ৰাম নৱমী শোভাযাত্ৰাৰ সময়ত শিলগুটি নিক্ষেপ আৰু বোমা বিস্ফোৰণৰ অভিযোগৰ পিছতে অঞ্চলটোত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হৈছে । কেন্দ্ৰীয় বাহিনীৰ এটা কোম্পানীয়ে নিশা শক্তিপুৰ আৰু ইয়াৰ আশে-পাশে টহল দিবলৈ আৰম্ভ কৰে ।

২০ জন লোক আহত হোৱাৰ উপৰিও মাণিক্যাহাৰ অঞ্চলতো কেইবাখনো দোকানত লুণ্ঠন সংঘটিত হোৱাৰ খবৰ আহিছে । শক্তিপুৰৰ উপৰিও ৰাম নৱমী শোভাযাত্ৰাৰ সময়ত মাণিক্যাহাৰ অঞ্চলতো আক্রমণ কৰা হয় । শক্তিপুৰৰ ঘৰৰ ছাদৰ পৰা দুস্কৃতিকাৰীয়ে শোভাযাত্ৰাত শিলগুটি নিক্ষেপ কৰে । কেৱল সেয়াই নহয়, স্থানীয় লোকৰ অভিযোগ যে শোভাযাত্ৰাটোক লক্ষ্য কৰি বোমাও নিক্ষেপ কৰা হৈছিল । পৰিস্থিতিৰ সন্দৰ্ভত প্ৰশাসনে মুখ বন্ধ কৰি ৰাখিছে আৰু এতিয়ালৈকে কোনো বিবৃতি দিয়া হোৱা নাই ।

প্ৰসংগক্ৰমে দুদিনমান পূৰ্বে কামনগৰত শিৱ পূজাৰ সময়ত হিংসাৰ অভিযোগ উত্থাপন হৈছিল । অঞ্চলটোত জাৰি কৰা হৈছিল ১৪৪ ধাৰা । ঘটনাৰ পিছতে মুৰ্ছিদাবাদৰ ডিআইজি মুকেশ কুমাৰাপক বদলি কৰা হয় । আয়োগৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে ।

উত্তৰ বংগত অনুষ্ঠিত দলীয় বৈঠকৰ পৰা মমতা বেনাৰ্জীয়ে হুংকাৰ দিছিল যে যদি এই ধৰণে আৰক্ষী বিষয়াক অপসাৰণৰ ফলত আইন-শৃংখলাৰ সমস্যাৰ সৃষ্টি হয়, তেন্তে নিৰ্বাচন আয়োগক দোষাৰোপ কৰা হ’ব । এবছৰ পূৰ্বে হাওৰাৰ হুগলীৰ ৰিশ্ৰা আৰু শিবপুৰতো একেধৰণৰ হিংসাৰ সাক্ষী হৈছিল ৰাম নৱমীৰ সময়ত ।

লগতে পঢ়ক: অৰুণাচলৰ চীন-তিব্বত সীমান্তত অৱস্থিত এটা দুৰ্গম ভোট কেন্দ্ৰলৈ ভোটগ্ৰহণৰ বাবে ৰাওনা নিৰ্বাচনী বিষয়াৰ দল - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.