নিউজ ডেস্ক, ২৫ আগষ্ট: কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দুৰ্নীতি বিৰোধী শাখাই দেওবাৰে পশ্চিমবংগৰ কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু তেওঁৰ আত্মীয়ৰ সৈতে জড়িত কেইবাটাও স্থানত অভিযান চলায় । চিবিআইৰ সূত্ৰ অনুসৰি ডাঃ ঘোষ আৰু তেওঁৰ আত্মীয়ৰ সৈতে জড়িত ১৫টা স্থানত অভিযান চলোৱা হৈছে ।
দেওবাৰে পুৱা আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ফৰেনছিক মেডিচিন বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ দেবাশীষ সোমৰ বাসগৃহতো উপস্থিত হয় বুলি চিবিআইৰ সূত্ৰটোৱে জানিবলৈ দিয়ে । তিনিদিন পূৰ্বে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন উপ অধীক্ষক আখতাৰ আলীয়ে প্ৰতিষ্ঠানটোত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন কৰি বিশেষভাৱে ডাঃ দেৱাশীষ সোমৰ নাম উল্লেখ কৰি দাখিল কৰা এজাহাৰৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
লগতে পঢ়ক: চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক ধৰ্ষণ: দেশজুৰি প্ৰতিবাদ - Kolkata PGT Doctor rape
শনিবাৰে চিবিআইয়ে কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত ডাঃ সন্দীপ ঘোষৰ বিৰুদ্ধে প্ৰথম এজাহাৰ দাখিল কৰে । উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে চিকিৎসা মহাবিদ্যালয়খনত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্তৰ বাবে চিবিআইক নিৰ্দেশ দিয়াৰ পিছতে তদন্ত আৰম্ভ কৰা হয় ।
ইয়াৰ পূৰ্বে কলিকতা উচ্চ ন্যায়ালয়ৰ বিশেষ তদন্তকাৰী দলে নিজাম পেলেচস্থিত চিবিআইৰ কাৰ্যালয় পৰিদৰ্শন কৰি গোচৰটোৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ নথি-পত্ৰ প্ৰদান কৰে । এই তথ্যৰ ওপৰত তৎকালীনভাৱে কাম কৰি চিবিআইয়ে এজাহাৰ দাখিল কৰি শনিবাৰে আলিপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ইয়াৰ প্ৰতিলিপি দাখিল কৰে ।
১৭ ছেপ্টেম্বৰত দাখিল কৰিবলগীয়া তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ কলকাতা উচ্চ ন্যায়ালয়ে চিবিআইক তিনি সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে ।