ETV Bharat / bharat

উত্তৰ কাশীত তীৰ্থযাত্ৰীক কঢ়িয়াই অনা বাছ দুৰ্ঘটনাত পতিত, নিহত তিনি মহিলা - Uttarakhand bus accident

author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 11:12 AM IST

Pilgrims bus fell into ditch in Uttarkashi : উত্তৰাখণ্ডৰ গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ দুৰ্ঘটনা । গংগোত্ৰী পৰিদৰ্শন কৰি তীৰ্থযাত্ৰীক লৈ উত্তৰ কাশীলৈ উভতি অহাৰ পথতেই সংঘটিত হয় এই বাছ দুৰ্ঘটনাটো ।

Pilgrims bus fell into ditch in Uttarkashi
উত্তৰাখণ্ডৰ গঙ্গোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ দুৰ্ঘটনা (SDRF)

নেশ্য়নেল ডেস্ক, ১২ জুন : উত্তৰাখণ্ডৰ গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ গংগানানিৰ ওচৰত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা । তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত এগৰাকী মহিলাৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুগৰাকী মহিলাৰ চিকিৎসালয়ত মৃত্যু হয় । এই ভয়াৱহ দুৰ্ঘটনাটোত ২৬ গৰাকী যাত্ৰী আহত হোৱাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

আৰক্ষী আৰু প্ৰশাসনে গংগানানিৰ ওচৰত তীৰ্থযাত্ৰী কঢ়িওৱা বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ তথ্য লাভ কৰাৰ লগে লগে এছ ডি আৰ এফ, এন ডি আৰ এফ, আৰক্ষী, বন বিভাগ, অগ্নি নিৰ্বাপক বাহিনী, দুৰ্যোগ ব্যৱস্থাপনা কিউ আৰ টি আৰু ৰাজহ বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হয় । ইপিনে হাৰচিল আৰু গংগানানিৰ পৰা চিকিৎসকৰ দলক এম্বুলেন্সসহ দুৰ্ঘটনাস্থলীলৈ লৈ যোৱাৰ পিচত চিকিৎসা আৰম্ভ কৰা হয় ।

উদ্ধাৰকাৰী দল শীঘ্ৰে ঘটনাস্থলীত উপস্থিত হোৱা বাবে কম সময়ৰ ভিতৰতে উদ্ধাৰকাৰ্য সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় । ঘটনাস্থলীত এগৰাকী মহিলাৰ মৃত্যু হয় । এই বাছখনত আছিল ২৯ গৰাকী তীৰ্থযাত্ৰী । উক্ত ঘটনাৰ পিচতেই আহত আটাইকেইজন যাত্ৰীকে জিলাখনৰ বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

নিহতসকলক নৈনিতাল জিলাৰ হালদুচাউদ হালদৱানীৰ বাসিন্দা মহেন্দ্ৰ চন্দ্ৰৰ দীপা পত্নী, উধম সিং নগৰৰ ৰুদ্ৰপুৰৰ বাসিন্দা পুৰাণ সিং কেদাৰ পত্নী নীমা কেদা আৰু গৌলাপাৰ হালদৱানীৰ বাসিন্দা মহেন্দ্ৰ সিং ৰাইকৱালৰ পত্নী মীনা ৰায়কৱাল বুলি চিনাক্ত কৰা হৈছে ।

প্ৰত্যক্ষদৰ্শী আৰু উদ্ধাৰকাৰী দলে সদৰী কৰা অনুসৰি, যেতিয়া বাছখন নিয়ন্ত্ৰণহীন হেৰুৱাই খাৱৈত পৰি যোৱাৰ সময়ত এডাল গছত ওলমি ৰোৱাত লাহে লাহে তললৈ গতি কৰে । ব্ৰেক ফেইল হোৱা বাবে চালকজনে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই যদিও ভাগীৰথী নদীত পৰি যোৱাৰ পৰা কোনোমতে ৰক্ষা পৰে ।

উল্লেখ্য় যে, বাছখন গংগোত্ৰী ভ্ৰমণ কৰাৰ পিছত তীৰ্থযাত্ৰীসকলক লৈ উত্তৰ কাশীলৈ উভতি আহিছিল । বাছখন গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ গংগানানিত উপস্থিত হোৱাৰ সময়তেই দুৰ্ঘটনাত পতিত হয় । বাছখনৰ যাত্ৰীসকল দিল্লী, মহাৰাষ্ট্ৰ আৰু হালদৱানীৰ বাসিন্দা ।

ইউ কে ০৬ পি এ ১২১৮ নম্বৰৰ বাছখন উধম সিং নগৰৰ পৰা আহিছিল । দুৰ্যোগ নিয়ন্ত্ৰণত উপস্থিত থকা মুখ্য চিকিৎসা বিষয়া ডাঃ বি এছ ৰাৱাটে কয় যে, দুৰ্ঘটনাটোৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে ৬ খন এম্বুলেন্স দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় । পিচত আহতসকলক ভাটৱাড়ী আৰু জিলা চিকিৎসালয় উত্তৰ কাশীলৈ প্ৰেৰণ কৰি চিকিৎসা প্ৰদান কৰা হয় ।

লগতে পঢ়ক:Buc Accident in JK Doda : জম্মু কাশ্মীৰত শোকাৱহ দুৰ্ঘটনা; যাত্ৰীবাহী বাছ খাৱৈত বাগৰি নিহত ৩৬

Oil tanker hits car: তেল টেংকাৰৰ খুন্দাত মৃত্যু চাৰিজনৰ, পলাতক অৱস্থাত তেল টেংকাৰৰ চালকজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.