নিউজ ডেস্ক, ২৩ জুলাই : মঙলবাৰে সংসদত উত্থাপন হয় নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট । আনহাতে, সপ্তমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰি অভিলেখ সৃষ্টি কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । এই বাজেটক লৈ ইতিমধ্যে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰা হয় ।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেট ভাষণত পৰৱৰ্তী পাঁচ বছৰত প্ৰায় ৪.১ কোটি যুৱক-যুৱতীৰ বাবে নিযুক্তি সৃষ্টিৰ প্ৰস্তাৱ দিছে । ইয়াৰ বাবে বিত্তমন্ত্ৰীয়ে 2 লাখ কোটি টকা আৱণ্টন কৰিছে । একেদৰে নিয়োগ সৃষ্টিৰ বাবে যাতে নাগৰিকসকলক দক্ষ কৰিব পৰা যায় তাৰ বাবে তেওঁ বাজেটত 1.48 কোটি টকাৰ প্ৰস্তাৱ দিছে । ইয়াৰ দ্বাৰা আগন্তুক পাঁচ বছৰৰ ভিতৰত 20 লাখ যুৱক-যুৱতীক দক্ষ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।
আনহাতে, বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা মতে, দেশৰ মুঠ 1,000 ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উন্নীত কৰা হ'ব । বাজেট ভাষণত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে প্ৰস্তাৱ দিয়ে যে সকলো খণ্ডৰে নতুনকৈ নিযুক্তিপ্ৰাপ্ত সকলো কৰ্মচাৰীক এককালীন মজুৰি প্ৰদান কৰা হ'ব । এই ইনচেণ্টিভ নতুনকৈ নিযুক্তি লাভ কৰাসকলক প্ৰত্যক্ষ লাভালাভ প্ৰদানৰ (Direct Benefit Transfer, DBT) জৰিয়তে প্ৰদান কৰা হ'ব ।
লগতে বিত্তমন্ত্ৰীয়ে কয় যে চৰকাৰে পাঁচ বছৰত এক কোটি যুৱক-যুৱতীক ৫০০ টা কোম্পানীত ইণ্টাৰ্ণশ্বিপৰ সুযোগ আৰম্ভ কৰিব । এই ইণ্টাৰ্ণসকলে বাস্তৱ জীৱনৰ পৰিৱেশৰ সংস্পৰ্শলৈ আহিব আৰু প্ৰতিমাহে 5000 টকাৰ ভাট্টা লাভ কৰিব বুলিও বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে ।
উল্লেখ্য যে কোম্পানীবোৰে এই প্ৰশিক্ষণ প্ৰদান কৰিব আৰু চি এছ আৰ পুঁজিৰ পৰা ১০ শতাংশ প্ৰশিক্ষণ ব্যয় বহন কৰিব । বিত্তমন্ত্ৰী সীতাৰমণে কয় যে এই বাজেটৰ মুখ্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ভিতৰত নিযুক্তি, দক্ষতা, এম এছ এম ই আৰু মধ্যবিত্ত শ্ৰেণী অন্যতম ।
উল্লেখ্য যে পৰম্পৰাগত শাৰী পৰিধান কৰি সংসদত নিজৰ ঐতিহাসিক বাজেট উত্থাপন কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । প্ৰতিবাৰ বাজেট ভাষণৰ সময়ত বিত্তমন্ত্ৰীয়ে পৰিধান কৰা সাজক লৈয়ো বিশেষ চৰ্চা হৈ আহিছে । এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল ।