ভাৰত-বাংলা সীমান্তত সষ্টম হৈ আছে বি এছ এফ : বাতিল হ’ল কেইবাখনো ৰে’লৰ যাত্ৰা - BANGLADESH VIOLENCE - BANGLADESH VIOLENCE
Cancelled several trains connecting India and Bangladesh: বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-বাংলা সীমান্তত অধিক সষ্টম হৈ পৰিছে সীমান্ত সুৰক্ষা বাহিনী । ৰে’ল মন্ত্ৰালয়ে ইতিমধ্যে সুৰক্ষাৰ স্বাৰ্থতে বাতিল কৰিছে কেইবাখনো ৰে’লৰ চলাচল ৷ পঢ়ক ই টিভি ভাৰতৰ গৌতম দেৱৰয়ে যুগুত কৰা এই প্ৰতিবেদন ।


Published : Aug 5, 2024, 8:03 PM IST
নেশ্যনেল ডেস্ক, 5 আগষ্ট: বাংলাদেশৰ শেহতীয়া পৰিস্থিতিয়ে উদ্বিগ্ন কৰি তুলিছে সকলোকে ৷ সোমবাৰে চুবুৰীয়া দেশখনত পুনৰ হিংসাত্মক পৰিস্থিতিয়ে চৰম পৰ্যায় পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ ইতিমধ্যে ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰায় 4,096 কিল’মিটাৰ এলেকাত জাৰি কৰা হৈছে হাই এলাৰ্ট ।
ই টিভি ভাৰতক এই কথা নিশ্চিত কৰি বি এছ এফৰ এগৰাকী শীৰ্ষ বিষয়াই কয়, "সীমান্ত সুৰক্ষা বাহিনীৰ সকলো গোটক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷"
লগতে পঢ়ক: বাংলাদেশত হিংসাত্মক পৰিস্থিতি : ঢাকালৈ বৃহৎ সমদল প্ৰতিবাদকাৰীৰ - Bangladesh Violence
"হয়, ইণ্ডো-বাংলা সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে । বৰ্তমানৰ পৰিস্থিতিৰ সুযোগ লৈ ভাৰত বিৰোধী কৰ্মীসকলে দেশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সম্ভাৱনা আছে"- বিষয়াগৰাকীয়ে কয় ।
সতৰ্কবাণী জাৰি কৰাৰ উপৰিও সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালকপ্ৰধান দলজিৎ সিং চৌধুৰীৰ লগতে অন্যান্য শীৰ্ষ বিষয়াসকলেও সীমান্ত সুৰক্ষা ব্যৱস্থা পৰ্যালোচনা কৰিবলৈ উপস্থিত হৈছে কলকাতাত ।
উল্লেখ্য যে, শ্বেখ হাছিনাই বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰি ঢাকা এৰি যোৱাৰ কেইঘণ্টামানৰ পিচতে জাৰি কৰা হৈছিল এই সতৰ্কবাণী ।
কেইবাখনো ৰে’লৰ চলাচল বাতিল:
ইফালে ৰে'ল মন্ত্ৰালয়ে ভাৰত আৰু বাংলাদেশক সংযোগ কৰা কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰিছে ৷
এগৰাকী শীৰ্ষ চৰকাৰী বিষয়াই সদৰী কৰা অনুসৰি, "ভাৰত আৰু বাংলাদেশৰ মাজত চলাচল কৰা 13109/13110 কলকাতা-ঢাকা-কলকাতা মৈত্ৰী এক্সপ্ৰেছৰ যাত্ৰা 19 জুলাইৰ পৰা 6 আগষ্টলৈকে বাতিল কৰা হৈছে ।"
একেদৰে 13107/13108 কলকাতা-ঢাকা-কোয়া মৈত্ৰী এক্সপ্ৰেছৰ যাত্ৰাও একে সময়ৰ বাবে বাতিল কৰা হৈছে । 13129/13130 কলকাতা-খুলনা-কলকাতা বন্ধন এক্সপ্ৰেছখনো বাতিল কৰা হৈছে ৷
13131/13132 ঢাকা-নিউ জলপাইগুৰি-ঢাকা মিতালী এক্সপ্ৰেছৰ যাত্ৰাও বিগত 21 জুলাইৰ পৰা বাতিল কৰা হৈছে বুলি বিষয়াজনে প্ৰকাশ কৰিছে ।
উল্লেখনীয় যে, কলকাতা–ঢাকা–কলকাতা মৈত্ৰী এক্সপ্ৰেছ নামৰ ৰে’লগাড়ীখনে মঙলবাৰ আৰু শুকুৰবাৰে কলকাতাৰ পৰা যাত্ৰা কৰে আৰু ই বুধবাৰ আৰু শনিবাৰে ঢাকাৰ পৰা যাত্ৰা কৰে ।
লগতে পঢ়ক: বাংলাদেশ জ্বলিছে : হাছিনাৰ হেলিকপ্টাৰ নামিল গাজিয়াবাদৰ সেনাৰ ঘাটিত - Bangladesh PM Sheikh Hasina