নিউজ ডেস্ক, 22 মে’: ৰাজস্থানত অব্যাহত আছে প্ৰচণ্ড গৰম ৷ এই গৰমৰ মাজতে সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱানে ৰাজ্যখনৰ মৰুভূমিৰ বালিত পাপৰ সেকি থকাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে সামাজিক মাধ্যমত বহুলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা দেখা গৈছে ৷
ভিডিঅ’টোত দেখা গৈছে যে অসহ্যকৰ গৰমৰ মাজতে কৰ্তব্য সম্পাদন কৰি থকা জোৱানজনে গৰম বালিৰ মাজত কম সময়ৰ বাবেই এখন পাপৰ ৰাখি সেকিছে খোৱাৰ উপযোগীকৈ ৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে এক্সত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘‘ৰাজস্থানৰ মৰুভূমিৰ এই ভিডিঅ'টোৱে মোক আমাৰ জোৱানসকলৰ প্ৰতি অপৰিসীম সন্মান আৰু কৃতজ্ঞতাৰে মন ভৰাই তুলিছে ৷ এইসকল লোকে অসাধাৰণ পৰিস্থিতিৰ মাজত থাকিও আমাক সুৰক্ষিত কৰি ৰাখে ।’’
আন এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘ৰাজস্থানৰ বিকানেৰত উষ্ণতা 47৹ পৰ্যন্ত বৃদ্ধি পাইছে ৷ আন্তৰ্জাতিক সীমান্তৰ বালি অঞ্চলটোৰ অগ্নিশালৰ দৰে পৰিছে ৷ কিন্তু আমাৰ সৈনিকসকলে শক্তিশালীভাৱে দেশৰ প্ৰতি সেৱা আগবঢ়াই আছে ৷ এগৰাকী বি এছ এফ জোৱানে বালিত এখন পাপৰ সেকি থকাৰ ভিডিঅ’ ভাইৰেল হৈছে । এওঁলোকক অভিবাদন জনাওক ।’’
-
BSF jawan shows the intensity of heat in Rajasthan’s Bikaner by roasting papad in sand
— Swati Goel Sharma (@swati_gs) May 22, 2024
A big salute to soldiers as well as all ground workers engaged in essential services who keep the country running 🫡
Staying indoors in this heat is a privilege pic.twitter.com/pQTl8TuNgY
এক্সত স্বাতী গোৱেল নামৰ আন এগৰাকী ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে, ‘‘বি এছ এফ জোৱানে ৰাজস্থানৰ বালিত পাপৰ সেকি গৰমৰ তীব্ৰতা কিমান হৈছে সেয়া দেখুৱাইছে ৷ বি এছ এফ জোৱানসকলৰ লগতে আন জৰুৰী সেৱাত নিয়োজিত লোকসকলৰ প্ৰতি এক ডাঙৰ অভিবাদন । এই গৰমত ঘৰৰ ভিতৰত থকাটোৱেই ডাঙৰ কথা হৈছে ।’’ এওঁলোকৰ উপৰিও আন বহুতেই বিশেষ ভিডিঅ’টোৰ সন্দৰ্ভত নিজৰ নিজৰ ক’বলগীয়াখিনি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা পাঁচ দিনত দিল্লী, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, ৰাজস্থান আৰু পশ্চিম উত্তৰ প্ৰদেশৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি এই ৰাজ্যসমূহৰ কেবাখনো জিলাত সৰ্বাধিক তাপমাত্ৰাই দিনৰ ভাগত ৪৭ ডিগ্ৰী চেলচিয়াছ পাৰ কৰাৰো সম্ভাৱনা আছে আগন্তুক পাঁচদিনত ৷
লগতে পঢ়ক: উৎকট গৰমে দহিছে ৰাজ্য, যোৰহাটত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি