ETV Bharat / bharat

মুজাফ্ফৰপুৰত বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত - Helicopter Crash - HELICOPTER CRASH

AIR Force Helicopter: বিহাৰৰ মুজাফ্ফৰপুৰত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ হেলিকপ্টাৰ । ইঞ্জিন বিকল হোৱাৰ বাবে দুৰ্ঘটনাত পতিত হয় বায়ুসেনাৰ হেলিকপ্টাৰখন । পাইলটগৰাকীৰ উপস্থিত বুদ্ধিৰ বাবে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে হেলিকপ্টাৰখন । এছ ডি আৰ এফে উদ্ধাৰ কৰে হেলিকপ্টাৰখন ।

Bihar flood air force helicopter crashes in Muzaffarpur
মুজাফ্ফৰপুৰত বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2024, 9:13 PM IST

নেশ্যনেল ডেস্ক,২ অক্টোবৰ: বিহাৰৰ মুজাফ্ফৰপুৰত বুধবাৰে দুৰ্ঘটনাগ্ৰস্ত হয় এখন ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ । ইঞ্জিন বিকল হোৱাৰ বাবে, পাইলটজনে পানীত অৱতৰণ কৰে হেলিকপ্টাৰখন । পানীত অৱতৰণ কৰাৰ সময়তে দু্ৰ্ঘটনাগ্ৰস্ত হয় বিমানখন । পাইলট আৰু আহত জোৱানসকলক চিকিৎসাৰ বাবে এছ কে এম চি এইচলৈ লৈ যোৱা হয় । দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব প্ৰত্যয় অমৃতে দুৰ্ঘটনাটোৰ বিষয়ে সকলো তথ্য সদৰী কৰে ।

বানপীড়িতক সাহাৰ্য বিতৰণ কৰি থাকোতেই অঘটন:

বানৰ ফলত বিহাৰৰ ২৯ খন জিলা ক্ষতিগ্ৰস্ত হৈছে । বিহাৰত কোসী, গান্দক, কমলা বালানৰ দৰে নদীৰ জলপৃষ্ঠ সম্পূৰ্ণৰূপে বৃদ্ধি পাইছে । যাৰ ফলত লাখ লাখ মানুহে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । সেই লোকসকলক সকাহ দিবলৈ, বায়ু সেনাৰ দলটোৱে মঙলবাৰৰ পৰা খাদ্যৰ পেকেট বিতৰণ কৰি আহিছে । ইয়াৰ মাজতে হেলিকপ্টাৰৰ ইঞ্জিন বিকল হৈ পৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত অৱস্থাত অৱতৰণ কৰা হয় হেলিকপ্টাৰখন । পাইলটজনৰ উপস্থিত বুদ্ধিৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ ৰক্ষা পৰে জোৱানসকল ।

এছ ডি আৰ এফে উদ্ধাৰ কৰে হেলিকপ্টাৰখন:

তথ্য অনুসৰি, হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে জোৱানসকলে পানীত জঁপিয়াই নিজৰ জীৱন ৰক্ষা কৰে । হেলিকপ্টাৰত চাৰিজন জোৱান আছিল, চাৰিওজনক সুৰক্ষিতভাৱে উলিয়াই আনিবলৈ সক্ষম হয় এছ ডি আৰ এফে । এই সন্দৰ্ভত গাঁওবাসীয়ে কয় যে এই দুৰ্ঘটনাটোত পাইলট আৰু সেনা জোৱানসকল সুৰক্ষিত থকাটো সৌভাগ্যজনক । ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত মানুহৰ এক বৃহৎ ভিৰ জমা হয় । গাঁওবাসীৰ উদ্যোগত সেই সকলো সৈনিকক পানীৰ পৰা সুৰক্ষিতভাৱে বাহিৰলৈ অনা হয় ।

লগতে পঢ়ক: উৎসৱৰ আনন্দৰ মাজতে হেলিকপ্টাৰ দুৰ্ঘটনা; নিহত দুজন পাইলট, এজন বিমান অভিযন্তা - Helicopter Crash

পূৰ্বপুৰুষক তৰ্পণৰ বাবে আজিৰ দিনটো বিশেষ কিয় ? - Sarva Pitru Amavasya

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.