ETV Bharat / bharat

বিহাৰত ভাৰত জোড়ো ন্যায় যাত্ৰা, ৰাহুল গান্ধীক তেজস্বী যাদৱৰ সংগ

Bharat Jodo Nyay Yatra: বিহাৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আজি অন্তিম দিন । ৰাহুল গান্ধী আৰু তেজস্বী যাদৱক একেখন জীপতে দেখা গ'ল । সন্ধিয়ালৈ এই যাত্ৰা উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ কথা আছে । প্ৰিয়ংকা গান্ধীয়ে এই যাত্ৰাত অংশ ল'ব ।

author img

By ANI

Published : Feb 16, 2024, 11:27 AM IST

Tejashwi Yadav joins Rahul Gandhi
বিহাৰত ভাৰত জোড়ো ন্যায় যাত্ৰা, ৰাহুল গান্ধীক তেজস্বী যাদৱৰ সংগ

নেশ্যনেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী: কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটো সম্প্ৰতি বিহাৰত আছে । আজি বিহাৰত ৰাহুল গান্ধীৰ নেতৃত্বত এই যাত্ৰাৰ অন্তিম দিন । দলটোৱে আজি উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ কথা আছে । অন্তিম দিনটোত ভাৰত জোড়ো ন্যায় যাত্ৰাত বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱে অংশগ্ৰহণ কৰে । ৰাহুল গান্ধী আৰু আন নেতাৰ সৈতে যাদৱক এখন জীপত দেখা গৈছে । জীপখন যাদৱে নিজে চলাই আছিল আৰু সেই সময়ত কাষত আছিল ৰাহুল গান্ধী ।

যাদৱে কাইমুৰৰ দুৰ্গাৱতীৰ ধনেছাত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীৰ সৈতে উপস্থিত থাকিব । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইণ্ডিয়া ব্লকৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ পিচত প্ৰথমবাৰৰ বাবে আৰজেডি নেতাজনক বিহাৰত ৰাহুল গান্ধীৰ সৈতে একেখন মঞ্চত দেখা যাব ।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই যাত্ৰা সন্দৰ্ভত কয় যে আজি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৩৪ সংখ্যক দিন আৰু ৰাহুল গান্ধীয়ে ৰোহতাছত কৃষক নেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব । দুপৰীয়া তেজস্বী যাদৱ আৰু ৰাহুল গান্ধীয়ে কাইমুৰত এক জনসভা সম্বোধন কৰিব আৰু সন্ধিয়া প্ৰায় ৫ বজাত যাত্ৰাটো উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিব ।

দিনটোৰ শেষলৈ ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা উত্তৰ প্ৰদেশৰ চান্দৌলীলৈ যাত্ৰা কৰিব । ২২ আৰু ২৩ ফেব্ৰুৱাৰীত দুদিনীয়া বিৰতিৰ পিচত ২৫ ফেব্ৰুৱাৰীৰ সন্ধিয়ালৈকে ৰাহুল গান্ধী উত্তৰ প্ৰদেশতে থাকিব । শুকুৰবাৰে সন্ধিয়া উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ লগে লগে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাত যোগদান কৰিব ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে যাত্ৰাটো বিহাৰৰ ঔৰঙ্গাবাদত উপস্থিত হৈছিল । য'ত গান্ধীয়ে নিৰ্বাচনী বণ্ড আঁচনি কৰ্তন কৰাৰ ৰায়ৰ বাবে উচ্চতম ন্যায়ালয়ক প্ৰশংসা কৰিছিল । আগন্তুক লোকসভা নিৰ্বাচনত ক্ষমতালৈ আহিলে তেওঁ সমগ্ৰ দেশতে এক বিত্তীয় জৰীপ কৰাৰ প্ৰতিশ্ৰুতিও দিছিল ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনত ছোনিয়া গান্ধীয়ে নকৰে প্ৰতিদ্বন্দ্বিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.