ETV Bharat / bharat

মহাকাশলৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীক মণিপুৰলৈ যোৱাৰ আহ্বান জয়ৰাম ৰমেশৰ - Jairam Ramesh on Manipur issue

author img

By ANI

Published : Jul 4, 2024, 3:29 PM IST

Jairam Ramesh on Manipur issue: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গগনযান মিছনৰ অংশ হ'লে গৌৰৱান্বিত হ'ব বুলি ইছৰোৰ মুৰব্বীয়ে কৰা ঘোষণাৰ পিচতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মহাকাশলৈ যোৱা পূৰ্বে প্ৰধানমন্ত্ৰীক হিংসাজৰ্জৰ মণিপুৰ ভ্ৰমণৰ আহ্বান জনাইছে কংগ্ৰেছ নেতাগৰাকীয়ে ।

Jairam Ramesh on Manipur issue
মহাকাশলৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীক মণিপুৰলৈ যোৱাৰ আহ্বান জয়ৰাম ৰমেশৰ (ANI)

নেশ্যনেল ডেস্ক,৪ জুলাই : শেহতীয়াকৈ ইছৰোৰ মুৰব্বী এছ সোমনাথে কৈছিল যে ২০২৫ চনত ভাৰতৰ প্ৰথম মানৱ মহাকাশ অভিযান 'গগনযান' আৰম্ভ হ'ব । তেওঁৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই অভিযানৰ অংশ হ'ব পাৰে ! সোমনাথৰ মতে প্ৰধানমন্ত্ৰী মোদীৰ নিশ্চিতভাৱে আন বহুতো গুৰুত্বপূৰ্ণ দায়িত্ব আছে, মানৱ মহাকাশ অভিযান বিকশিত কৰাটো হৈছে গগনযান মহাকাশ কাৰ্যসূচী, বিশেষকৈ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ (আইএছএছ) বাবে মহাকাশচাৰী প্ৰশিক্ষণ কাৰ্যসূচী, বিকাশ আৰু অৰিহণা যোগাব বিচৰা এক সামৰ্থ্য ।

ইছৰোৰ মুৰব্বীৰ মন্তব্যৰ পিচতে বিৰোধীয়ে প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰা দেখা গৈছে । কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এছ সোমনাথৰ উদ্ধৃতি দি কয় যে মহাকাশলৈ যোৱাৰ পূৰ্বে 'নন বায়'লজিকেল' প্ৰধানমন্ত্ৰীয়ে মণিপুৰলৈ যোৱা উচিত ।

প্ৰতিবেদন অনুসৰি সোমনাথে কৈছিল,"যদি আমাৰ আত্মবিশ্বাসেৰে প্ৰধানমন্ত্ৰীক মহাকাশলৈ প্ৰেৰণ কৰাৰ ক্ষমতা থাকে তেন্তে আমি সকলোৱে অতি গৌৰৱান্বিত হ'ম ।" গগনযান মিছন হৈছে আন এক মুখ্য ভাৰতীয় অভিযান য'ত ৩ জন সদস্যৰ এটা দলক ৩ দিনীয়া অভিযানৰ বাবে ৪০০ কিলোমিটাৰ কক্ষপথলৈ প্ৰেৰণ কৰি ভাৰতীয় জলসীমাত অৱতৰণ কৰি তেওঁলোকক সুৰক্ষিতভাৱে পৃথিৱীলৈ ঘূৰাই অনাৰ দ্বাৰা মানৱ মহাকাশ ভ্ৰমণ ক্ষমতা প্ৰদৰ্শনৰ পৰিকল্পনা কৰা হৈছে ।

ইফালে, ২০২৩ চনৰ মে' মাহৰ পৰা উত্তৰ-পূৱৰ ৰাজ্য মণিপুৰত জাতিগত হিংসা অব্যাহত আছে । পৰিস্থিতি নিয়ন্ত্ৰণত অক্ষম কেন্দ্ৰীয় চৰকাৰক ইণ্ডিয়া ব্লকৰ বিৰোধী সাংসদসকলে তীব্ৰ সমালোচনা অব্যাহত ৰাখিছে ।

অৱশ্যে প্ৰধানমন্ত্ৰীয়ে বুধবাৰে ৰাজ্যসভাত ভাষণ প্ৰদান কৰি নিশ্চিত কৰে যে কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে । তেওঁ উল্লেখ কৰিছে যে ১১,০০০ তকৈও অধিক গোচৰ ৰুজু কৰা হৈছে আৰু ৫০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে দাবী কৰা মতে মণিপুৰত হিংসাত্মক ঘটনা নিৰন্তৰ হ্ৰাস পাই আহিছে । তেওঁ লগতে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শান্তি প্ৰতিষ্ঠাৰ বাবে সকলো অংশীদাৰৰ সৈতে বাৰ্তালাপ কৰি আছে । ৰাজ্যখনত বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠান খোলা আছে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণ; গুৰুত্বপূৰ্ণ হ'ব পুটিনৰ সৈতে দ্বিপাক্ষিক সন্মিলন - PM Modi to Visit Russia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.