ETV Bharat / bharat

বন্ধ কৰিলে ভিছা: বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ জৰুৰী সিদ্ধান্ত - BANGLADESH ANTI HINDU VIOLENCE 2024

ত্ৰিপুৰাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয় আক্ৰমণৰ ঘটনাৰ পিছতেই উদ্বিগ্নতা বৃদ্ধি ।

Bangladesh suspended all visa
বন্ধ কৰিলে ভিছা: বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ জৰুৰী সিদ্ধান্ত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 3, 2024, 7:04 PM IST

আগৰতলা: সোমবাৰে আগৰতলাত সোঁপন্থী কৰ্মীৰ এটা দলে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰি সৃষ্টি কৰিছিল এক হুলস্থূলীয়া পৰিৱেশৰ ৷ এই ঘটনাত জড়িত থকাৰ অভিযোগত ইতিমধ্য়ে সাতজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে ৷ বাংলাদেশৰ জাতীয় পতাকাক অপমান কৰাৰ পাছতে চাৰিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিলেও নিৰাপত্তা পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয় ।

আগৰতলাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই মঙলবাৰে নিৰাপত্তা পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি সকলো ভিছা আৰু কনচুলাৰ সেৱা সাময়িকভাৱে স্থগিত ৰাখিছে । মঙলবাৰে জাৰি কৰা এক চৰকাৰী জাননীত সহকাৰী উচ্চায়ুক্তৰ প্ৰথম সচিব মোঃ আল আমিনে ঘোষণা কৰে যে পৰৱৰ্তী জাননী নোপোৱালৈকে এই সিদ্ধান্ত কাৰ্যকৰী হৈ থাকিব ।

এই জাননীখনত সহকাৰী উচ্চায়ুক্তৰ প্ৰথম সচিব মোঃ আল আমিনে কয়,"নিৰাপত্তা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই আগৰতলাত সকলো ভিছা আৰু কনচুলাৰ সেৱা পৰৱৰ্তী জাননী নোপোৱালৈকে স্থগিত ৰখা হ'ব । " এয়া সকলো ভিছা আৰু কনচুলাৰ সেৱা প্ৰাৰ্থীৰ তথ্যৰ বাবে প্ৰযোজ্য় বুলি জাননীখনত উল্লেখ কৰা হৈছে ।

এটা সোঁপন্থী গোটে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত চৌহদত কৰা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ লোৱা হৈছে । উল্লেখ্য় যে চুবুৰীয়া দেশখনত সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে কপা প্ৰদৰ্শনৰ সময়ত প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা জ্বলাই দিছিল । ইয়াৰ প্ৰত্যুত্তৰত ত্ৰিপুৰা আৰক্ষীয়ে সাতজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি তিনিগৰাকী উপ-পৰিদৰ্শকক নিলম্বন কৰিছে । এই পৰিস্থিতিয়ে কূটনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দৃষ্টি আকৰ্ষণ কৰিছে ।

লগতে পঢ়ক:ত্ৰিপুৰাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত আক্ৰমণ; গ্ৰেপ্তাৰ ৭

বাংলাদেশী পণ্য এসপ্তাহৰ ভিতৰত বিক্ৰী কৰি শেষ কৰাৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.