ETV Bharat / bharat

এয়া ভাৰতৰ ফেডাৰেল গাঁথনিৰ মৰ্যাদাৰ ওপৰত আক্ৰমণ: বাজেট সন্দৰ্ভত ৰাহুল গান্ধী - India Budget 2024

author img

By ANI

Published : Jul 24, 2024, 4:02 PM IST

Rahul Gandhi on Budget 2024: বুধবাৰে দাখিল কৰা কেন্দ্ৰীয় বাজেটক লৈ ক্ষোভ প্ৰকাশ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷ এই কাৰ্যৰ দ্বাৰা শাসকীয় বিজেপিয়ে ফেডাৰেল গাঁথনিৰ মৰ্যাদাৰ ওপৰত আক্ৰমণ চলাইছে বুলি দাবী কৰে গান্ধীয়ে ৷

"Attack on dignity of India's federal structure": Rahul Gandhi on Budget 2024
কংগ্ৰেছ নেতা ৰাহুল গান্ধী (ANI)

নেশ্যনেল ডেস্ক, 24 জুলাই: মঙলবাৰে দাখিল কৰা কেন্দ্ৰীয় বাজেটক লৈ শাসকীয় ভাৰতীয় জনতা পাৰ্টিক তীব্ৰ সমালোচনা কৰে বিৰোধী ঐক্যই ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই বাজেট ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মৰ্যাদাৰ ওপৰত আক্ৰমণ বুলি উল্লেখ কৰে । ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত এক পোষ্টযোগে কয়, "এই বাজেট ভাৰতৰ ফেডাৰেল গাঁথনিৰ মৰ্যাদাৰ ওপৰত আক্ৰমণ ৷ ক্ষমতা ৰক্ষাৰ লোভত দেশৰ আন ৰাজ্যৰ প্ৰতি উপেক্ষা কৰা হৈছে ৷ আন ৰাজ্যৰ বিৰুদ্ধে বৈষম্য কৰা হৈছে ।"

Attack on dignity of India's federal structure
হাতে হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদ (ANI)

শুকুৰবাৰে সদন চৌহদত বাজেটৰ বিৰুদ্ধে INDIA ব্লকৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে । কংগ্ৰেছ সাংসদগৰাকীয়ে এক পোষ্টযোগে কয়, "আজি সংসদ ভৱনৰ চৌহদত NDA ৰ ‘কুৰ্ছি বাচাও বাজেট’ৰ বিৰুদ্ধে ভাৰতৰ ব্লকৰ সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে । "

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে X যোগে কয়, "কেন্দ্ৰীয় বাজেট কৃষক, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বিৰুদ্ধে আৰু দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বিৰোধী । "কংগ্ৰেছ নেতাগৰাকীয়ে বিৰোধী ব্লকে সদায়ে জনগণৰ হৈ মাত মাতি যাব বুলি আশ্বাস প্ৰদান কৰে ।

আজি সংসদ চৌহদত বাজেটখন "বৈষম্যমূলক" বুলি দাবী কৰি হাতে হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে INDIA গোটৰ সাংসদসকলে ৷ সাংসদসকলে "বিৰোধী কুৰ্চি বাচাও বাজেট মুৰ্দাবাদ" শ্লোগান দি কেন্দ্ৰীয় বাজেটৰ তীব্ৰ প্ৰতিবাদ কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীত ৰাহুল গান্ধী, কংগ্ৰেছ সাংসদ ছোনিয়া গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, টি এম চিৰ সাংসদ ডোলা সেনৰ লগতে বহু সাংসদে অংশগ্ৰহণ কৰা দেখা যায় ।

প্ৰতিবাদৰ সময়ত সংবাদ মাধ্যমৰ আগত খাৰ্গেই কয়, "এই বাজেট প্ৰতাৰণামূলক । এই বাজেট কেৱল তেওঁলোকৰ মিত্ৰসকলক সন্তুষ্ট কৰিবলৈ ৷ তেওঁলোকে কাকো একো দিয়া নাই ।"

লগতে পঢ়ক: কেন্দ্ৰীয় বাজেটৰ বিৰুদ্ধে সদনৰ চৌহদত বিৰোধী সাংসদৰ প্ৰতিবাদ - India Budget 2024

বাজেটত বিমুখ: নীতি আয়োগৰ বৈঠক বৰ্জনৰ সিদ্ধান্ত 4 মুখ্যমন্ত্ৰীৰ - India Budget 2024

বিত্তমন্ত্ৰীৰ এই বাজেট সম্পূৰ্ণ নিৰাশাজনক: গৌৰৱ গগৈ - India Budget 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.