ETV Bharat / bharat

আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ সময়তে ১৫ গৰাকী প্ৰাৰ্থীৰ মৃত্যু : মুখ্যমন্ত্ৰীৰ উদ্বেগ প্ৰকাশ - Police Physical test

author img

By ANI

Published : Sep 3, 2024, 6:46 AM IST

Police Physical test : আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে । শাৰীৰিক দক্ষতা পৰীক্ষা দি থকাৰ সময়তে প্ৰায় ১৫ গৰাকী প্ৰাৰ্থীৰ মৃত্যু হৈছে । ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Police Physical test
আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ সময়তে ১৫ গৰাকী প্ৰাৰ্থীৰ মৃত্যু (ANI)

নেশ্যনেল ডেস্ক, ৩ ছেপ্টেম্বৰ : ঝাৰখণ্ডত আৰক্ষীৰ নিযুক্তি পৰীক্ষা চলি থকাৰ মাজতে ভয়ংকৰ ঘটনা । শাৰীৰিক দক্ষতা পৰীক্ষাৰ সময়ত অকাল মৃত্যুক সাৱটি লয় কেইবাগৰাকী প্ৰাৰ্থীয়ে । যাক লৈ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । বিৰোধী বিজেপিয়ে এই বিষয়ত ঝাৰখণ্ড চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ।

  • শাৰীৰিক দক্ষতা পৰীক্ষাৰ সময়ত প্ৰাৰ্থীৰ মৃত্যু

ঝাৰখণ্ড বিজেপিৰ সহ-প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও হেমন্ত ছোৰেন চৰকাৰক কঠোৰ সমালোচনা কৰিছে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (এনএইচআৰচি) তদন্ত আৰু ভুক্তভোগী পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ দাবী জনায় ।

লগতে পৰীক্ষাবোৰৰ সময়সূচী আৰু চৰ্তাৱলী সলনিৰো পৰামৰ্শ দিয়ে । সোমবাৰে ঝাৰখণ্ডৰ ৰাঁচীত এখন সংবাদমেলত তেওঁ ঘটনাটোক গৰিহণা দিয়ে আৰু গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

  • উদ্বিগ্ন ড৹ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আৰক্ষী নিযুক্তিৰ শাৰীৰিক দক্ষতা পৰীক্ষাৰ সময়ত বহুতো প্ৰাৰ্থীয়ে প্ৰাণ হেৰুৱাইছে । আমাৰ দেশত, নিযুক্তি প্ৰক্ৰিয়াৰ সময়ত আগতে কেতিয়াও ইমান লোকৰ মৃত্যু হোৱা নাছিল । বিজেপিয়ে এই ঘটনাক গৰিহণা দিছে । এই মৃত্যুবোৰৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ । আমি ঘটনাটোৰ তদন্তৰ দাবীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত আবেদন দাখিল কৰিম । শোকসন্তপ্ত লোকসকলৰ পৰিয়ালক কমেও ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে ।"

তেওঁ অভিযোগ কৰে যে পৰীক্ষাবোৰ সঠিক সময়ত হোৱা নাই । তেওঁ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক পৰীক্ষাবোৰ পুনৰ নিৰ্ধাৰণ কৰিবলৈও আহ্বান জনায় ।

  • ঝাৰখণ্ড চৰকাৰক সমালোচনা

পৰীক্ষাৰ সময়সূচী সন্দৰ্ভত আপত্তি দৰ্শাই তেওঁ কয়, "পৰীক্ষাবোৰ ছেপ্টেম্বৰ মাহৰ পিচত অনুষ্ঠিত কৰা উচিত । এই মুহূৰ্তত যথেষ্ট গৰম । যুৱক-যুৱতীসকল আহে কিন্তু তেওঁলোকে পুৱা একো খাবলৈ নাপায় । এতিয়ালৈকে ১৫ জন যুৱকৰ মৃত্যু হৈছে । মই আজি মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক অনুৰোধ জনাইছো যে পৰীক্ষাটো ১৫ ছেপ্টেম্বৰৰ পিচত অনুষ্ঠিত হ'ব লাগে । সকলো প্ৰাৰ্থীক গাখীৰ আৰু ফল দিব লাগে আৰু তেওঁলোকক চিকিৎসা পৰীক্ষাৰ পিচতহে দৌৰিবলৈ অনুমতি দিয়া উচিত ।"

লগতে পঢ়ক :গৰম বা শীতৰ বন্ধ নহয়, ৬ মাহৰ বাবে বন্ধ থাকে বিদ্যালয় ! কিয় জানেনে ? - Bihar CM Nitish Kumar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.