ETV Bharat / bharat

ঝাৰখণ্ডৰ নিহত কনিষ্টবলৰ মাতৃক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; হত্যাকাৰীক ফাঁচিৰ দাবী - Jharkhand Elections 2024

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 2:29 PM IST

Himanta Biswa Sarma in Giridih : অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গিৰিদিহৰ বেংগাবাদত অপৰাধীৰ হাতত মৃত্যুবৰণ কৰা কনিষ্টবল চৌহান হেমব্ৰামৰ মাতৃক সাক্ষাৎ কৰে । তেওঁ হেমন্ত চোৰেন চৰকাৰক হত্যাকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ শাস্তি বিহিবলৈ দাবী জনায় ।

Himanta Biswa Sarma in Giridih
ঝাৰখণ্ডৰ নিহত কনিষ্টবলৰ মাতৃক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat)

নিউজ ডেস্ক, ১৭ আগষ্ট : নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰে বৰ্তমান ঝাৰখণ্ডত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । এই সময়ছোৱাত তেওঁ হাজৰিবাগত এজন দোষী সাব্যস্ত কয়দীৰ হাতত নিৰ্মমভাৱে মৃত্যু হোৱা আৰক্ষী কনিষ্টবল চৌহান হেমব্ৰামৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে । শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডীয়ে ইয়াৰ বাবে গিৰিদিহৰ বেংগাবাদত উপস্থিত হয় । তেওঁ ভুক্তভোগী কনিষ্টবলজনৰ ঘৰত উপস্থিত হয় । কিন্তু তাত তেওঁ নিহত কনিষ্টবলজনৰ পত্নীক লগ নাপালেও তেওঁৰ মাতৃ ৰৌশনী দেৱীক সাক্ষাৎ কৰে । ৰৌশনী দেৱীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "ময়ো আপোনাৰ পুত্ৰ ।"

আনহাতে, এই হত্যাকাণ্ড সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, "ৰাজ্য চৰকাৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । এতিয়ালৈকে হেমন্ত চৰকাৰে এই জনজাতীয় পৰিয়ালটোৰ খবৰ লোৱা নাই । কিন্তু মোৰ আগমনৰ পূৰ্বে অৱশ্যে পৰিয়ালটোক সহায় কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰে । কিন্তু এগৰাকী বন্দীক হাস্পতাললৈ নিয়াৰ সময়ত দুৰ্ধৰ্ষ অপৰাধীটোৱে অতি নিৰ্দয়ভাৱে কনিষ্টবলজনক হত্যা কৰে । এগৰাকী আদিবাসী লোকক এনেদৰে হত্যা কৰাৰ পিচতো চৰকাৰ নীৰৱ হৈ আছে । চৰকাৰে অতি সোনকালে হত্যাকাৰীক কৰায়ত্ত কৰি কঠোৰতম শাস্তি বিহিব লাগে ।"

মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যখনৰ বিজেপি বিধায়ক ৰণধীৰ সিং, নাৰায়ণ দাস, কেদাৰ হাজৰা, প্ৰাক্তন বিধায়ক নিৰ্ভয় কুমাৰ শ্বাহবাদি, জিলা সভাপতি মহাদেৱ ডুবে, দিলীপ বাৰ্মা, দীনেশ যাদৱ, চুন্নুকান্ত, মুকেশ জালান, সঞ্জীৱ সিং, চিকন্দৰ হেমব্ৰাম, ৰঞ্জিত মাৰাণ্ডীকে ধৰি বহুকেইগৰাকী নেতা উপস্থিত থাকে ।

উল্লেখ্য যে হাজৰিবাগৰ শ্বেখ বিহাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত যাৱজ্জীৱন কাৰাবাস খাটি থকা কয়দী শ্বাহিদ আনছাৰী চিকিৎসাধীন হৈ আছিল । হাবিলদাৰ চৌহান হেমব্ৰাম তাত নিৰাপত্তাৰ দায়িত্বত আছিল । কিন্তু তেনে সময়তে শ্বাহিদে চৌহানৰ মূৰত লোহাৰ ৰডেৰে আঘাত কৰে আৰু চেলাইনৰ পাইপেৰে ডিঙিত বান্ধি দিয়ে । ইয়াৰ ফলত চৌহান অজ্ঞান হৈ পৰে । ইয়াৰ পিচত অপৰাধী শ্বাহিদে তেওঁক নিৰ্মমভাৱে হত্যা কৰে । আনহাতে, হত্যাৰ পিচত শ্বাহিদ হস্পিটেলখনৰ পৰা পলাই যায় । এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া ঝাৰখণ্ডত ৰাজনৈতিক বাতাবৰণ উত্তপ্ত হৈ পৰিছে ।

লগতে পঢ়ক :কৰ্তব্যৰত আৰক্ষীক হত্যা; ঝাৰখণ্ড চৰকাৰক আক্ৰমণ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM slams Jharkhand govt
লগতে পঢ়ক :প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্যা : IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশজুৰি চিকিৎসাকৰ্মীৰ কৰ্মবিৰতি - RG Kar Medical College rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.