ETV Bharat / bharat

আজি দিল্লীৰ মুখ্যমন্ত্ৰী পদ এৰিব অৰবিন্দ কেজৰিৱালে ! কোন হ’ব পৰবৰ্তী CM ? - Kejriwal To Resign As Delhi CM

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 11:10 AM IST

Arvind Kejriwal : অৰবিন্দ কেজৰিৱালে আজি দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা আছে ৷ আপৰ বিধায়কসকলে কেজৰিৱালৰ উত্তৰাধিকাৰী বাছনি কৰিবলৈ পুৱা তেওঁৰ বাসগৃহত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব ৷ দিনটোৰ শেষভাগত কেজৰিৱালে দিল্লীৰ এল-জি ভি কে চাক্সেনাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰাৰ সম্ভাৱনা ।

Arvind Kejriwal
আজি দিল্লীৰ মুখ্যমন্ত্ৰী পদ এৰিব অৰবিন্দ কেজৰিৱালে ! (ETV Bharat)

নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে পদত্যাগ কৰিব বুলি আশা কৰা হৈছে ৷ উল্লেখ্য যে আপৰ বিধায়কসকলে কেজৰিৱালৰ উত্তৰাধিকাৰী বাছনি কৰিবলৈ পুৱা ১১.৩০ বজাত তেওঁৰ বাসগৃহত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব । কেজৰিৱালে আবেলি ৪.৩০ বজাত লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাক লগ কৰাৰ আৰু পদত্যাগ পত্ৰ প্ৰদান কৰাৰ সম্ভাৱনা আছে ।

আবকাৰী নীতি গোচৰত জামিন লাভ কৰি তিহাৰ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত, আপৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে দেওবাৰে কৈছিল যে তেওঁ ৪৮ ঘণ্টাৰ ভিতৰত পদত্যাগ কৰিব আৰু দিল্লীত আগতীয়া নিৰ্বাচন বিচাৰিব। যেতিয়ালৈকে মানুহে তেওঁক "সততাৰ প্ৰমাণপত্ৰ" নিদিয়ে তেতিয়ালৈ তেওঁ মুখ্যমন্ত্ৰীৰ চকীত নবহে বুলিও ঘোষণা কৰিছিল আপ নেতাগৰাকীয়ে ।

সোমবাৰে, কেজৰিৱালে তেওঁৰ চৰকাৰী বাসভৱনত তেওঁৰ উত্তৰাধিকাৰী নিৰ্বাচনৰ সন্দৰ্ভত দলটোৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা, ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্যসকলৰ পৰা মতামত বিচাৰি কেইবাটাও বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তেওঁ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া আৰু ৰাজ্যসভাৰ সদস্য ৰাঘৱ চড্ডাকে ধৰি জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী পদৰ বাবে দলৰ পচন্দৰ বিষয়ে আলোচনা কৰে ।

দিল্লীৰ মন্ত্ৰী আতিশী, গোপাল ৰায়, কৈলাশ গেহলত আৰু সৌৰভ ভৰদ্বাজৰ নাম কেজৰিৱালৰ উত্তৰাধিকাৰী হিচাপে উচ্চাৰিত হৈছে ৷ তাৰোপৰি দলৰ আভ্যন্তৰীণ সূত্ৰমতে কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল আৰু বিধানসভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলৰ নামো এই ক্ষেত্ৰত চৰ্চাত আছে । বিধানসভাৰ উপাধ্যক্ষ তথা মংগোলপুৰীৰ বিধায়ক ৰাখী বিড়লা আৰু কোণ্ডলীৰ বিধায়ক কুলদীপ কুমাৰৰ নামো সাম্ভাৱ্য প্ৰাৰ্থী হিচাপে চৰ্চালৈ আহিছে ।

আপৰ দলীয় সূত্ৰ মতে, শেষ মূহুৰ্তত প্ৰাৰ্থীজন সংখ্যালঘু সম্প্ৰদায়ৰো হ'ব পাৰে কিয়নো দলটোৱে ২০২০ চনৰ দিল্লী সংঘৰ্ষৰ পিছত সম্প্ৰদায়টোৰ মাজত দলৰ প্ৰতি সমৰ্থন প্ৰত্যক্ষ কৰিছে। এনে পৰিস্থিতিত দিল্লীৰ মন্ত্ৰী ইমৰান হুছেইন সেই মুখ হ'ব পাৰে ৷

আনহাতে বিজেপিয়ে পদত্যাগ প্ৰসংগত কয় যে কেজৰিৱালৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ‘নীতিগত’ নহয় বৰং এক ‘বাধ্যবাধকতা’হে ৷ গেৰুৱা দলটোৱে তেওঁৰ পদক্ষেপক ‘নাটক’ আৰু ‘অপৰাধৰ স্বীকাৰোক্তি’ বুলি বৰ্ণনা কৰিছে আৰু প্ৰশ্ন কৰিছে যে কেজৰিৱালে আপত চলি থকা অন্তৰ্দ্বন্দ্বৰ বাবে পদত্যাগৰ প্ৰস্তাৱ দিছিল নেকি !

এইখিনিতে উল্লেখযোগ্য যে দেওবাৰে দলীয় কৰ্মীসকলক সম্বোধন কৰি কেজৰিৱালে অহা নৱেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানীত নিৰ্বাচন দাবী কৰিছিল । দিল্লী বিধানসভাৰ কাৰ্যকাল ২৩ ফেব্ৰুৱাৰীত শেষ হ'ব আৰু ফেব্ৰুৱাৰীৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক : কোন হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? - Arvind Kejriwal resignation

লগতে পঢ়ক : পৰম্পৰা ভংগ কৰি কেজৰিৱালে পত্নীৰ পৰিৱৰ্তে আনক দিব নেকি মুখ্যমন্ত্ৰীৰ দায়িত্ব ? - Kejriwal to resign

লগতে পঢ়ক : ১১৭ দিন কাৰাগাৰত কিদৰে কটালে কেজৰিৱালে ? কালৈ লিখিছিল চিঠি ? - Arvind Kejriwal resignation

লগতে পঢ়ক : মঙলবাৰে পোহৰলৈ আহিব দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ মুখ ! - Delhi CM Arvind Kejriwal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.