ETV Bharat / bharat

দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তফা দিব কেজৰিৱালে; দুদিনৰ ভিতৰত ঘোষণা হ’ব নতুন নাম - Arvind Kejriwal resignation

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 12:49 PM IST

Delhi CM: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জেলৰ পৰা ওলাই আহি নতুন কাৰ্যালয়ৰ পৰা আম আদমি পাৰ্টীৰ কৰ্মীসকলক সম্বোধন কৰে । তেওঁৰ পূৰ্বে মণিষ ছিছ’দিয়া আৰু সঞ্জয় সিঙেও কৰ্মীসকলক সম্বোধন কৰে । একে সময়তে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগৰ কথাও ঘোষণা কৰে ।

ARVIND KEJRIWAL
KEJRIWAL ANNOUNCED RESIGNATION (ANI)

নিউজ ডেস্ক, 15 ছেপ্টেম্বৰ: আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পদত্যাগ ঘোষণা কৰিছে । আপৰ নতুন কার্যালয়ৰ পৰা দলীয় কৰ্মীসকলক সম্বোধন কৰি তেওঁ কয় যে তেওঁ দোষমুক্ত নোহোৱালৈকে মুখ্যমন্ত্রীৰ পদত বহিব নোৱাৰিব ৷ দুদিনৰ ভিতৰত তেওঁ পদত্যাগ কৰিব আৰু ঘোষণা কৰা হ’ব নতুন মুখ্যমন্ত্ৰীৰ নাম । জেলৰ পৰা ওলাই অহাৰ পিছত এইটোৱেই হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ প্ৰথম ভাষণ ।

‘‘ভগৱান হনুমান জীক ধন্যবাদ জনাইছো কাৰণ তেওঁৰ আশীৰ্বাদ সদায় আমাৰ লগত আছে ৷ আমাৰ বাবে প্ৰাৰ্থনা কৰা সকলোকে ধন্যবাদ জনাইছো ।’’ অৰবিন্দ কেজৰিৱালে কয় ৷ তেওঁ লগতে কয় ‘‘জেলত মই শুবলৈ আৰু পঢ়িবলৈ বহুত সময় পাইছিলোঁ, বহু কিতাপ পঢ়িছিলোঁ ।’’

‘‘জেলৰ পৰা লেঃ গৱৰ্ণৰলৈ একমাত্ৰ চিঠিখন লিখাৰ সময়ত মোক ভাবুকি দিয়া হৈছিল,’’- কেজৰিৱালে অভিযোগ তোলে ৷

‘‘জেলত গীতা, ৰামায়ণ পঢ়িছিলোঁ, ভগৎ সিঙৰ জেলৰ ডায়েৰীও পঢ়িছিলোঁ । আজিৰ পৰা প্ৰায় ৯০/৯৫ বছৰ আগতে ভগৎ সিং কাৰাগাৰত থাকোঁতে জেলৰ পৰা সতীৰ্থ আৰু দেশৰ যুৱক-যুৱতীলৈ বহু চিঠি লিখিছিল । ভগৎ সিং শ্বহীদ হোৱাৰ পিছত এজন বিপ্লৱী মুখ্যমন্ত্ৰী জেললৈ যায় ।’’ সংবাদমেলত অৰবিন্দ কেজৰিৱালে কয় ৷

‘‘মই দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰলৈ চিঠি লিখিছিলোঁ যে যিহেতু মই জেলত আছো গতিকে আতিশীক মোৰ ঠাইত ত্ৰিৰংগা উত্তোলন কৰিবলৈ দিয়া হওক, কিন্তু এই চিঠিখন জেল প্ৰশাসনে ডেলিভাৰী কৰা নাছিল । মোক সকীয়াই দিয়া হ’ল যে যদি মই পুনৰ লেফটেনেণ্ট গৱৰ্ণৰলৈ চিঠি লিখোঁ তেন্তে মোৰ পৰিয়ালৰ সৈতে মোৰ সাক্ষাৎ বন্ধ হৈ যাব ।’’- এই অভিযোগ কেজৰিৱালৰ ৷

‘‘৯৫ বছৰ আগতে যেতিয়া ভগৎ সিঙক ফাঁচী দিয়া হৈছিল, তেতিয়া তেওঁ ভবা নাছিল যে এদিন এনে এখন নিষ্ঠুৰ চৰকাৰ আহিব । আম আদমী পাৰ্টি ভাঙিবলৈ সম্পূৰ্ণ ষড়যন্ত্ৰ ৰচনা কৰিলে বিজেপিয়ে । তেওঁলোকে অনুভৱ কৰিছিল যে যদি তেওঁলোকে অৰবিন্দ কেজৰিৱালক জেললৈ পঠিয়াই দিয়ে তেন্তে তেওঁলোকে দিল্লীত নিজাকৈ চৰকাৰ গঠন কৰিব । কিন্তু আমাৰ দলটো ভাঙি যোৱা নাছিল, আমাৰ বিধায়ক-কৰ্মীসকলৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ ষড়যন্ত্ৰ কৰিলেও ভাঙি যোৱা নাছিল ।’’ কেজৰিৱালে কয় ৷

তেওঁ আৰু কয়, ‘‘১৫০ ৰ পৰা ২০০ দিন জেলত আছিলো । ইয়াৰ ফলত মোৰ মনোবল আৰু অধিক বৃদ্ধি পালে । এইসকল লোকে আগতে প্ৰশ্ন কৰিছিল যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কিয় পদত্যাগ নকৰিলে । মই গণতন্ত্ৰক বচাব বিচাৰিছিলো, গতিকে মই পদত্যাগ কৰা নাছিলো । য’ত বিজেপি চৰকাৰ নাই, তেনে ঠাইত এইসকল লোকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰে । কাৰাগাৰৰ ভিতৰৰ পৰাও যে চৰকাৰ চলি থাকে সেয়া প্ৰমাণ কৰি দিলোঁ । মই সকলো মুখ্যমন্ত্ৰীকে কওঁ যে প্ৰধানমন্ত্ৰীয়ে আপোনালোকৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিলে পদত্যাগ নকৰিব । জেলৰ পৰা চৰকাৰ চলাওক । কাৰণ গণতন্ত্ৰক বচাব লাগিব । আজি আম আদমি পাৰ্টি তেওঁলোকৰ প্ৰতিটো ষড়যন্ত্ৰৰ সন্মুখীন হ'বলৈ সাজু কাৰণ আম আদমী পাৰ্টি সৎ ।’’

ইয়াৰ পূৰ্বে দিল্লীত আপৰ কাৰ্যালয়টো আছিল ২০৬ ৰাউজ এভিনিউ ৰোডত । এই ঠাইখন আদালতৰ চৌহদ হিচাপে ব্যৱহাৰ কৰিব লাগে, এনে পৰিস্থিতিত আম আদমী পাৰ্টিয়ে আদালতৰ নিৰ্দেশত এই কাৰ্যালয় খালী কৰিব লগা হৈছিল । ১ ছেপ্টেম্বৰৰ পৰা আম আদমি পাৰ্টিক কাৰ্যালয় হিচাপে গঢ়ি তুলিবলৈ পণ্ডিত ৰবি শংকৰ লেনৰ ১ নং বাংলো প্ৰদান কৰা হৈছে । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জেলত থকাৰ সময়তে আম আদমী পাৰ্টিক পুৰণি কাৰ্যালয়ৰ পৰা নতুন কাৰ্যালয়লৈ স্থানান্তৰ কৰা হয় ।

আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক যোৱা ২১ মাৰ্চত দিল্লী সুৰা নীতি কেলেংকাৰীৰ অভিযোগত প্ৰৱৰ্তন সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল । তেতিয়াৰ পৰাই তেওঁ জেলত আছিল । কিন্তু লোকসভা নিৰ্বাচনৰ সময়ত প্ৰচাৰ চলোৱাৰ বাবে ২০ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰে। শুকুৰবাৰে এই গোচৰত নিয়মীয়া জামিন লাভ কৰে অৰবিন্দ কেজৰিৱালে । জামিনৰ পিচত আজি অৰবিন্দ কেজৰিৱালে আম আদমি পাৰ্টিৰ কৰ্মী সকলক সম্বোধন কৰে ।

আম আদমী পাৰ্টিৰ সবিশেষ

  1. ২০১২ চনৰ ২৬ নৱেম্বৰত আপ গঠন হৈছিল । তাৰ পিছত গাজিয়াবাদৰ কৌশম্বিৰ এ-১১৯ ফ্লেটৰ পৰা দলৰ কাম-কাজ আৰম্ভ হয় ।
  2. ২০১৩ চনত দিল্লীত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত দলটোৰ কাৰ্যালয় কন’ট প্লেচৰ ৪১ হনুমান ৰোডত থকা ভাড়াঘৰলৈ স্থানান্তৰ কৰা হৈছিল ।
  3. ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত আম আদমি পাৰ্টিৰ কাৰ্যালয় ২৮/৮ ইষ্ট পেটেল নগৰলৈ স্থানান্তৰ কৰা হয় ।
  4. ২০১৫ চনত যেতিয়া দিল্লীত ৬৭খন আসন লাভ কৰি আপ চৰকাৰ গঠন হৈছিল, তেতিয়া ৰাউজ এভিনিউত অৱস্থিত ২০৬ নম্বৰ বাংলোটো চৰকাৰৰ মন্ত্ৰী আছিম আহমেদ খানক আৱণ্টন দিয়া হৈছিল । কিছুদিনৰ পাছত মন্ত্ৰীজনক পদৰ পৰা বৰ্খাস্ত কৰা হ’ল, তেতিয়াৰ পৰা আপৰ কাৰ্যালয় ২০৬ ৰাউজ এভিনিউত চলি আছে ৷
  5. এতিয়া কেন্দ্ৰীয় চৰকাৰে ১ নং পণ্ডিত ৰবি শংকৰ লেনত অৱস্থিত বাংলোটো কাৰ্যালয়ৰ বাবে আৱণ্টন দিছে । এয়া হ’ব পঞ্চম স্থান ।

লগতে পঢ়ক: সত্য আৰু সৎ আছিলো বাবেই ভগৱানে সহায় কৰিলে : অৰবিন্দ কেজৰিৱাল - Kejriwal Released from Tihar Jail

যুক্তিসংগত নাছিল কেজৰিৱালৰ গ্ৰেপ্তাৰ: ন্যায়াধীশ উজ্জ্বল ভূঞা - Justice Ujjal Bhuyan

জামিন পালে কেজৰিৱালে: মুকলি আকাশৰ তললৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী - Delhi CM Arvind Kejriwal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.