ETV Bharat / bharat

বিস্কুট খাওঁতে লাগি ধৰিলে ডিঙিত; উশাহ বন্ধ হৈ তিনিবছৰীয়া শিশুৰ মৃত্য়ু - Unnatural death

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 9:56 PM IST

Death after Biscuit Got Stuck in Throat: শিশুৰ হাতত খোৱা বস্তু দিওঁতে সাৱধান হওক ৷ শিশুটিয়ে কি খাইছে, কি কৰিছে তাৰ ওপৰতো নজৰ ৰাখিবলৈ পাহৰি নাযাব ৷ অন্যথা ঘটিব পাৰে অঘটন...

UNNATURAL DEATH
Death after Biscuit Got Stuck in Throat (ETV Bharat)

নিউজ ডেস্ক, 9 জুন: আপোনৰ শিশু সন্তানটোৱে কোন সময়ত কি খাইছে বা কি কৰিছে সেই বিষয়ে মনোযোগ দিয়ক অন্যথা অভাৱনীয় ঘটনাই আপোনাৰ সন্তানৰ বিপদ ঘটাব পাৰে ৷ আপোনাৰ মনত হয়তো ভাৱ হৈছে, যে সকলোৱেই সন্তানৰ খবৰ ৰাখেই, তেন্তে আমি কিয় এনেদৰে কৈছোঁ ? তেন্তে এই প্ৰতিবেদন পঢ়িলেই আপোনাৰ মনৰ ধাৰণা সলনি হ’ব ৷

লগতে পঢ়ক: গণপ্ৰহাৰৰ ফলত মৃত্যু হোৱা নাই উত্তৰ প্ৰদেশৰ দুই যুৱকৰ- আৰক্ষীৰ তথ্যত প্ৰকাশ - Mob Lynching In Animal Trafficking

এটি তিনি বছৰীয়া শিশুৱে বিস্কুট খাই থকা অৱস্থাতে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ৷ বিস্কুট ডিঙিত লাগি ধৰাৰ ফলতেই মৃত্যু ঘটে শিশুটিৰ ৷ অন্ধ্ৰপ্ৰদেশৰ আল্লুৰী সীতাৰামা ৰাজু জিলাৰ ডমব্ৰিগুডা অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷

শনিবাৰে সন্ধিয়া খেলি থাকোঁতে এটা বিস্কুট খাইছিল শিশুটিয়ে । খেলি থাকোঁতে তেওঁ বিস্কুটখন খৰধৰকৈ খোৱাত হঠাৎ ডিঙিত লাগি ধৰে । লগে লগে তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে । তেওঁ উশাহ ল’ব পৰা নাছিল । পৰিয়ালৰ লোকে শিশুটিৰ ডিঙিৰ পৰা বিস্কুটটো আঁতৰোৱাৰ চেষ্টা চলাইছিল যদিও বৃথা হ’ল সেই চেষ্টা ।

লগতে পঢ়ক: প্ৰথমে নাবালিকাক সৰবৰাহ, তাৰ পিচত ধৰ্ষণ কৰি হত্যা... - MINOR GIRL raped and murdered

পিচত পিতৃ-মাতৃয়ে শিশুটিক অ’টোৰে আৰাকু ভেলী আঞ্চলিক চিকিৎসা কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে শিশুটিৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে ।

যোৱা বছৰ মধ্যপ্ৰদেশৰ ছিহোৰত ডিঙিত দুপাট্টা আঁত খায় ধৰাৰ পৰাৰ ফলত এগৰাকী ১১ বছৰীয়া কিশোৰীৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হৈছিল । সেই সময়ত দুপাট্টাখন গছত বান্ধি থোৱা আছিল, য’ত ছোৱালীজনীয়ে বন্ধু-বান্ধৱীৰ সৈতে খেলি আছিল । বুধনিৰ মানা অঞ্চলৰ ঘৰৰ ঠিক বাহিৰত সংঘটিত হৈছিল এই ঘটনা ।

ইয়াৰ পিচতে নিহত কিশোৰীগৰাকী দীপক সাহুৰ কন্যা হৰ্ষিতা বুলি চিনাক্ত কৰা হয় । পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও শ্বাসৰুদ্ধ হোৱাৰ বাবে ছোৱালীজনীৰ মৃত্যু হোৱা বুলি জানিব পৰা যায় । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । লগতে অস্বাভাৱিক মৃত্যুৰ গোচৰো ৰুজু কৰে ।

লগতে পঢ়ক: কংগনাৰ গালত চৰ ! কুলবিন্দৰ কৌৰক সন্মান জনাব কৃষক সংগঠনে - CISF Woman Slapping Kangana Ranaut

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.