ETV Bharat / bharat

তিৰুপতিৰ লাডুত জন্তুৰ চৰ্বি ! চন্দ্ৰবাবুৰ দাবী নাকচ ৱাই এছ আৰ চি পিৰ - Andhra CM on Tirupati Laddu - ANDHRA CM ON TIRUPATI LADDU

Tirupati Laddu Controversy : এখন সভাত মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে অভিযোগ কৰে যে ৱাই এছ আৰ চি পি চৰকাৰৰ অধীনত তিৰুপতি লাডু জন্তুৰ চৰ্বিৰে প্ৰস্তুত কৰা হৈছিল । তেওঁ এইকথাও দৃঢ়তাৰে কয় যে এতিয়া কেৱল বিশুদ্ধ ঘিউ ব্যৱহাৰ কৰা হয়, যাৰ ফলত গুণমান উন্নত হৈছে । ইফালে ৱাই এছ আৰ চি পিৰ নেতাসকলে তেওঁৰ এই মন্তব্যক বিদ্বেষপূৰ্ণ আৰু ধৰ্মীয় অনুভূতিৰ প্ৰতি ভাবুকি বুলি উল্লেখ কৰি গৰিহণা দিয়ে । লগতে নাইডুক ভগৱানৰ সন্মুখত শপত লৈ তেওঁক এই দাবী কৰিবলৈ প্ৰত্যাহ্বান জনায় ।

Tirupati Laddu Controversy
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু (ANI Photo)
author img

By PTI

Published : Sep 19, 2024, 12:53 PM IST

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে বুধবাৰে অভিযোগ কৰিছিল যে পূৰ্বৰ ৱাই এছ আৰ চি পি চৰকাৰৰ সময়ত পৱিত্ৰ প্ৰসাদ হিচাপে বিবেচনা কৰা তিৰুপতি লাডু প্ৰস্তুত কৰাৰ সময়ত নিম্নমানৰ উপাদান আৰু জন্তুৰ চৰ্বি ব্যৱহাৰ কৰা হৈছিল ।

উল্লেখ্য যে এই তিৰুপতি লাডু প্ৰসাদ হিচাপে তিৰুপতিৰ অতি শ্ৰদ্ধাৰ শ্ৰী ভেঙ্কটেশ্বৰ মন্দিৰত দিয়া হয় । এই মন্দিৰটো তিৰুমালা তিৰুপতি দেৱস্থানমৰ (টি টি ডি) দ্বাৰা পৰিচালিত হয় ।

"আনকি তিৰুমালা লাডু নিম্নমানৰ উপাদানেৰেও তৈয়াৰ কৰা হৈছিল... তেওঁলোকে ঘিউৰ সলনি জন্তুৰ চৰ্বি ব্যৱহাৰ কৰিছিল ।" চন্দ্ৰবাবু নাইডুৱে অমৰাৱতীত এন ডি এ বিধায়িনী দলৰ সভাত দিয়া ভাষণত এই দাবী কৰে ।

অন্ধ্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে বৰ্তমান এই লাডু প্ৰস্তুত কৰাত বিশুদ্ধ ঘিউ ব্যৱহাৰ কৰা হৈছে আৰু মন্দিৰত সকলোবোৰ চেনিটাইজ কৰা হৈছে । যাৰ ফলত গুণমান উন্নত হৈছে ।

অৱশ্যে ৱাই এছ আৰ চি পিৰ জ্যেষ্ঠ নেতা তথা টি টি ডিৰ প্ৰাক্তন অধ্যক্ষ ৱাই ভি চুব্বা ৰেড্ডীয়ে নাইডুৰ এই অভিযোগক 'বিদ্বেষপূৰ্ণ' বুলি অভিহিত কৰি কয় যে টি ডি পিৰ শীৰ্ষ নেতাজন 'ৰাজনৈতিক লাভৰ বাবে যিকোনো স্তৰলৈ নামি যাব পাৰে' ।

আনহাতে, এক্সৰ এটা পোষ্টত অন্ধ্ৰপ্ৰদেশৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী নাৰা লোকেশে এই বিষয়টোক লৈ জগন মোহন ৰেড্ডী প্ৰশাসনক আক্ৰমণৰ লক্ষ্য কৰি লয় ।

"তিৰুমালাৰ ভগৱান ভেঙ্কটেশ্বৰ স্বামী মন্দিৰ আমাৰ আটাইতকৈ পৱিত্ৰ মন্দিৰ । মই জানি আচৰিত হৈছোঁ যে ৱাই এছ জগন মোহন ৰেড্ডী প্ৰশাসনে তিৰুপতি প্ৰসাদত ঘিউৰ সলনি পশুৰ চৰ্বি ব্যৱহাৰ কৰিছিল ।" এক্সৰ পোষ্টটোত তেওঁ কয় । আনহাতে, পূৰ্বৰ ৱাই এছ আৰ চি পি চৰকাৰক লক্ষ্য কৰি লোকেশে অভিযোগ কৰে যে তেওঁলোকে কোটি কোটি ভক্তৰ ধৰ্মীয় অনুভূতিক সন্মান জনাব নাজানে ।

ইফালে দুটাকৈ কাৰ্যকালৰ বাবে টি টি ডিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৱাই এছ আৰ চি পি নেতা তথা ৰাজ্যসভাৰ সদস্য চুব্বা ৰেড্ডীয়ে অভিযোগ কৰে যে নাইডুৱে তেওঁৰ মন্তব্যৰ দ্বাৰা পৱিত্ৰ তিৰুমালাৰ পৱিত্ৰতা আৰু কোটি কোটি হিন্দুৰ বিশ্বাসক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিছে ।

"তিৰুমালা প্ৰসাদ সম্পৰ্কে তেওঁৰ মন্তব্য অত্যন্ত বিদ্বেষপূৰ্ণ । কোনো ব্যক্তিয়ে এনে কথা ক'ব নোৱাৰে বা এনে অভিযোগ নকৰে ।" এক্সৰ এটা পোষ্টত চুব্বা ৰেড্ডীয়ে কয় ।

টি টি ডিৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে লগতে মুখ্যমন্ত্ৰীক এটা প্ৰত্যাহ্বানো জনায় । তেওঁ কয় যে ভক্তসকলৰ বিশ্বাস অটল ৰাখিবলৈ তেওঁ ভগৱানৰ সন্মুখত তেওঁৰ পৰিয়ালৰ সৈতে এই বিষয়টোৰ ওপৰত শপত ল'ব । লগতে নাইডুৱেও তেনে কৰিব নেকি সেই প্ৰশ্নও কৰে ।

লগতে পঢ়ক :ভাৰতৰ পাঁচখন অতি ব্যয়বহুল ৰে’ল; যাৰ টিকটৰ মূল্য আৰু সা-সুবিধাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনিও - Most Expensive Train in India
লগতে পঢ়ক :‘এক দেশ, এক নিৰ্বাচন’ ত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন; এই প্ৰক্ৰিয়াৰ সুবিধা-অসুবিধাসমূহ জানো আহক - One Nation One Election

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.