ETV Bharat / bharat

বি এছ এফ জোৱানৰ গুলীত নিহত বাংলাদেশী সৰবৰাহকাৰী - BANGLADESH VIOLENCE

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 1:48 PM IST

Indo Bangladesh border: ভাৰত-বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতি ৷ সীমান্ত সুৰক্ষা জোৱানৰ গুলীত নিহত বাংলাদেশী সৰবৰাহকাৰী ৷ মৃত লোকজন বাংলাদেশৰ আব্দুল্লা বুলি চিনাক্ত কৰা হৈছে ।

Amid Massive Crisis, Bangladeshi Smuggler Killed In BSF Firing
BSF জোৱানৰ গুলীত নিহত বাংলাদেশী সৰবৰাহকাৰী (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, 13 আগষ্ট: চুবুৰীয়া বাংলাদেশৰ পৰিস্থিতি অশান্ত হৈ পৰাৰ পাচতে ভাৰত-বাংলাদেশ সীমান্তত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ তৎস্বত্বেও অশান্ত হৈ পৰা পৰিলক্ষিত হৈছে ভাৰত-বাংলাদেশ সীমান্ত ৷ নিছিদ্ৰ নিৰাপত্তাকো নেওচি দেশখনৰ বহুলোকে ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা অব্যাহত ৰখাও পৰিলক্ষিত হৈছে ৷

সোমবাৰে বি এছ এফৰ এক বিবৃতিযোগে জনাই যে পশ্চিম বংগৰ মালদা জিলাৰ ভাৰত-বাংলা সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে গুলীচালনা কৰাৰ ফলত এজন বাংলাদেশী সৰবৰাহকাৰী নিহত হয় ।

বি এছ এফে এক বিবৃতিযোগে কয়, "11-12 আগষ্টৰ মাজনিশা মালদা জিলাৰ ভাৰত-বাংলা সীমান্তত চান্দনী চ’ক সীমান্ত আউটপোষ্টৰ সমীপত সংঘটিত হয় এই ঘটনাটো । অঞ্চলটোত টহল দি থকা এজন বি এছ এফৰ জোৱানে ভাৰতৰ ফালৰ পৰা বাংলাদেশ অভিমুখে মূৰত সামগ্ৰী কঢ়িয়াই যোৱা 5-6 জন ব্যক্তিক পৰ্যবেক্ষণ কৰে । জোৱানজনে দ্ৰুতগতিত তেওঁলোকক বাধা দিবলৈ যত্ন কৰে আৰু চোৰাংচোৱাকেইজনক ৰ'বলৈ কয় । জোৱানৰ নিৰ্দেশক আওকাণ কৰি আন এটা চোৰাংচোৱাৰ দলে চোকা অস্ত্ৰৰে জোৱানক আক্ৰমণ কৰে আৰু আত্মৰক্ষাৰ স্বাৰ্থত জোৱানজনে 2 জাঁই গুলী নিক্ষেপ কৰে ৷"

গুলীচালনাৰ পিছত দুস্কৃতিকাৰীয়ে আন্ধাৰ আৰু জোপোহাৰ সহায়ত পুনৰ ভাৰত সীমান্তৰ ফালে পলায়ন কৰে । এজন বাংলাদেশী চোৰাংচোৱাক আহত অৱস্থাত উদ্ধাৰ কৰি চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে । মৃত লোকজন বাংলাদেশৰ চাপাই নবাৱগঞ্জ জিলাৰ ঋষিপাৰা গাঁৱৰ আব্দুল্লা বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক: অশান্ত বাংলাদেশৰ পৰা কৰিমগঞ্জ সীমান্তৰে অবৈধভাৱে অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশী নাগৰিকৰ - BANGLADESH VIOLENCE

হনুমান চালিশা পাঠেৰে বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ - Bangladesh Crisis

অশান্ত বাংলাদেশ : সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী বি এছ এফৰ - Bangladesh crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.