তিনিচুকীয়া : এক নৃশংস হত্যাকাণ্ড ! মাত্ৰ এটা সমান্য কথা ! আৰু তাৰ পাচতে... নিমিষতে থান-বান হৈ গ’ল এটি সুখৰ পৰিয়াল ৷ প্ৰকৃততে ভুল কাৰ... নিজৰ ঘৰখন এৰি সুখৰ সংসাৰ কৰিম বুলি অহা চবিনাৰ নে জীৱনৰ নতুন দায়িত্ব লোৱা জুলেনৰ ৷
প্ৰকৃততে তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমচাং ৫ নম্বৰ লাইনত দেওবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । অভিযোগ অনুসৰি, স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰে নিজ পত্নীক । অভিযুক্তটোৰ নাম জলধৰ তাঁতী ওৰফে জুলেন ৷ নিহত মহিলাগৰাকীৰ নাম চবিনা (৩৩) ৷
স্থানীয় গাঁওৰক্ষী বাহিনীৰ এজন লোকে সংবাদ মাধ্যমৰ আগত জানিব দিয়া অনুসৰি, দেওবাৰে নিশা জুলেন তাঁতী নামৰ লোকজনে নিজৰ পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰে ৷ সোমবাৰে এই কথা গম পাই তেওঁলোকে স্থানীয় কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ফোনযোগে উক্ত ঘটনাৰ বিষয়ে খবৰ দিয়ে ৷
এই খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ তাৰ পাচতে স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ লোক একত্ৰিত হৈ অভিযুক্ত জলধৰ তাঁতীক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ লগতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷
স্থানীয় একাংশ লোকে এই ঘটনাটো পাৰিবাৰিক গৃহ কন্দলৰ ফলতে সংঘটিত হোৱা বুলি উল্লেখ কৰিছে ৷ ইফালে নিহত মহিলাগৰাকীৰ শৰীৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ আছে বুলিও স্থানীয় লোকে উল্লেখ কৰিছে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব ৷
লগতে পঢ়ক : বীমাৰ ধনৰ লোভ, হত্যা কৰিলে পিতৃক লগতে পঢ়ক : পৰিয়ালে নিনিলে আপোন ঘৰলৈ, নৱগ্ৰহত সম্পন্ন শেষকৃত্য |