ETV Bharat / bharat

মুম্বাইৰ পৰা নিউয়ৰ্ক অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; দিল্লীত জৰুৰী অৱতৰণ

Bomb threat: এয়াৰ ইণ্ডিয়াৰ এখন আন্তঃৰাষ্ট্ৰীয় বিমান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ৷ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত জৰুৰী অৱতৰণ বিমানখনৰ ৷

author img

By ANI

Published : Oct 14, 2024, 9:50 AM IST

AIR INDIA FLIGHT
BOMB THREAT TO AIR INDIA FLIGHT (ETV Bharat)

নিউজ ডেস্ক, 14 অক্টোবৰ: মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান জৰুৰীভাৱে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ ৷ বোমাৰে বিমানখন উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰাৰ পিচতেই নিৰাপত্তাজনিত কাৰণত বিমানখন দিল্লী অভিমুখে লৈ যোৱা হয় ৷

এক সূত্ৰই জনোৱা মতে, মুম্বাই বিমান বন্দৰে X ত এটা পোষ্টত নিউয়ৰ্ক অভিমুখী বিমানখন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছিল ৷ লগে লগে এই বাৰ্তা নিৰাপত্তা সংস্থাক প্ৰদান কৰা হয় আৰু বিমানখন দিল্লী অভিমুখে লৈ যোৱাৰ নিৰ্দেশ দিয়া হয় ৷

দিল্লী আৰক্ষীৰ তথ্যমতে বৰ্তমান বিমানখন ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আছে আৰু বিমানখনত থকা যাত্ৰী আৰু বিমান কৰ্মীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলোধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বিমানবন্দৰটোত সকলো নিৰাপত্তা সংস্থাক সষ্টম কৰি তোলা হৈছে ৷

দিল্লী বিমানবন্দৰৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, "আমি আপোনালোকৰ সহযোগিতা বিচাৰিছো আৰু ভিত্তিহীন তথ্য বিয়পোৱাৰ পৰা বিৰত থাকক । সময়ত অধিক আপডেট শ্বেয়াৰ কৰা হ'ব ।"

এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই এক বিবৃতি প্ৰকাশ কৰি কয়, "১৪ অক্টোবৰত মুম্বাইৰ পৰা জে এফ কেলৈ চলাচল কৰা বিমান AI119 য়ে এটা নিৰ্দিষ্ট নিৰাপত্তা সতৰ্কবাণী লাভ কৰিছিল আৰু চৰকাৰৰ নিৰাপত্তা নিয়ন্ত্ৰণ সমিতিৰ নিৰ্দেশত বিমানখন দিল্লীলৈ লৈ যোৱা হৈছিল । সকলো যাত্ৰী বিমানৰ পৰা ওলাই আহিছে আৰু দিল্লী বিমানবন্দৰৰ টাৰ্মিনেলত আছে । আমাৰ সহকৰ্মীসকলে এই অপ্ৰত্যাশিত বিঘিনিৰ ফলত আমাৰ অতিথিসকলৰ অসুবিধা লাঘৱ কৰাটো নিশ্চিত কৰিছে ।’’

শেহতীয়াকৈ একাধিক বিমানবন্দৰ এইদৰে বোমাৰ ভাবুকিৰ লক্ষ্য হৈ পৰিছে, যাৰ বহুকেইটা পাচলৈ প্ৰৱঞ্চনা বুলি প্ৰমাণিত হৈছে । ইয়াৰ পূৰ্বে ৫ অক্টোবৰত মধ্যপ্ৰদেশৰ ইন্দোৰত অৱস্থিত দেৱী অহল্যা বাই হোলকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ বোমা বিস্ফোৰণৰ ভাবুকিপূৰ্ণ ইমেইল আহিছিল আৰু তাৰ পাচত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল । দেশৰ অন্যান্য বিমানবন্দৰসমূহো উৰুৱাই দিয়াৰ ভাবুকি দিয়ে মেইল ​​প্ৰেৰকজনে ।

একেদৰে বদোদৰা বিমানবন্দৰলৈও ই-মেইলযোগে বোমাৰ ভাবুকি দিয়া হৈছিল, যাৰ বাবে ৫ অক্টোবৰত পুংখানুপুংখ অনুসন্ধান কৰা হৈছিল । ইফালে, লাভ কৰা ভাবুকিৰ পাচত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে আৰু বৰ্তমান কৰ্তৃপক্ষই বিষয়টোৰ তদন্ত কৰি আছে । (ANl)

লগতে পঢ়ক: এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাৰ আতংক: বিমানখনত আছে 135 গৰাকী যাত্ৰী - Bomb Threat on Air India Flight

১৪১ গৰাকী যাত্ৰীসহ প্ৰায় ডেৰ ঘণ্টা মাজ আকাশতে উৰি থাকিল বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.