ETV Bharat / bharat

জেলৰ পৰা মুকলি আপৰ সাংসদ সঞ্জয় সিং, অনুমতি অবিহনে এৰিব নোৱাৰিব দিল্লী - SANJAY SINGH BAIL - SANJAY SINGH BAIL

Sanjay Singh Bail rules: চৰ্ত সাপেক্ষে জামিন লাভ আপৰ সাংসদ সঞ্জয় সিঙৰ ৷ নিয়ম অনুসৰি তেওঁ পাছপ’ৰ্ট জমা দিব লাগিব, দিল্লী এন চি আৰত থাকিব লাগিব আৰু তদন্তত সহযোগ কৰিব লাগিব।

Sanjay Singh Bail rules
জেলৰ পৰা মুকলি আপৰ সাংসদ সঞ্জয় সিং
author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 11:00 PM IST

নিউজ ডেস্ক, 3 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ পূৰ্বে আপৰ সাংসদ সঞ্জয় সিঙলৈ বৃহৎ সকাহ ৷ মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে আপৰ সাংসদ সঞ্জয় সিঙে ৷ ইয়াৰ পিচতে আম আদমী পাৰ্টিয়ে স্বস্তিৰ নিশ্বাস এৰিছে ৷ বুধবাৰে সিং চিকিৎসালয়ৰ পৰা তিহাৰ কাৰাগাৰলৈ যায়, য’ত জামিন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিচত নিশা 8.15 বজাৰ পিচত জেলৰ পৰা মুকলি কৰি দিয়া হয় তেওঁক ৷ অৱশ্যে সিঙক এই জামিন কিছু চৰ্তসহ দিয়া হৈছে ৷

বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাৰ আদালতে সঞ্জয় সিঙে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিচতে জামিনৰ এই চৰ্তসমূহৰ সিদ্ধান্ত লয় ৷ সঞ্জয় সিঙৰ জামিন হিচাপে তেওঁৰ পত্নীয়ে 2 লাখ টকাৰ জামিন বণ্ড পূৰণ কৰে ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সঞ্জয় সিঙে ৰাজনৈতিক কাম-কাজত অংশ ল’ব পাৰিব যদিও এই বিষয়ত কোনো মন্তব্য নকৰে বুলি আদালতে জানিবলৈ দিয়ে ৷ সঞ্জয় সিঙে প্ৰমাণৰ লগত খেলিমেলি নকৰে আৰু তদন্তত সহযোগ কৰিব লাগিব বুলি আদালতে জানিবলৈ দিয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

২ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে সঞ্জয় সিঙৰ জামিন মঞ্জুৰ কৰে ৷ জামিন প্ৰদান কৰাৰ সময়ত ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত থকা বিচাৰপীঠে স্পষ্ট কৰি দিছিল যে জামিনৰ সময়ত সঞ্জয় সিঙে ৰাজনৈতিক কাৰ্যকলাপত অংশ ল’ব পাৰে ৷ ইডিয়ে 2023 চনৰ 4 অক্টোবৰত সঞ্জয় সিঙক তেওঁৰ চৰকাৰী বাসগৃহত সোধা-পোছা কৰি গ্ৰেপ্তাৰ কৰিছিল ৷

বুধবাৰে পুৱা সঞ্জয় সিঙৰ পত্নীয়ে জামিনৰ সৈতে জড়িত আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ ৰাউজ এভিনিউ আদালতত উপস্থিত হয় ৷ তেওঁ জনোৱা মতে, সঞ্জয় সিঙক ৰুটিন চেক-আপৰ বাবে আই এল বি এছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ ইয়াৰ পিচত বুধবাৰে পুৱা চেক-আপৰ অন্তত তেওঁক তিহাৰ কাৰাগাৰলৈ লৈ যোৱা হয় ৷

সঞ্জয় সিঙৰ পত্নী অনিতা সিঙে ন্যায়পালিকাক ধন্যবাদ জনায় ৷ তেওঁ আশা প্ৰকাশ কৰে যে অতি সোনকালে মণীষ চিছোদিয়া, অৰবিন্দ কেজৰিৱাল আৰু সত্যেন্দ্ৰ জৈনো জেলৰ পৰা ওলাই আহিব ৷

লগতে পঢ়ক : বিশাল সমাবেশেৰে ৱায়ানাড সমষ্টিৰ বাবে মনোনয়ন দাখিল ৰাহুল গান্ধীৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.