নেশ্যনেল ডেস্ক,১৬ ফেব্ৰুৱাৰী : বিমানবন্দৰ কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে এজন বৃদ্ধৰ মৃত্যুৰ অভিযোগ উঠিছে । নিউয়ৰ্কৰ পৰা মুম্বাইলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ বৃদ্ধ যাত্ৰীজনে হুইলচেয়াৰৰ বাবে অনুৰোধ কৰিছিল । কিন্তু হুইলচেয়াৰ উপলব্ধ নোহোৱাৰ বাবে তেওঁ খোজ কাঢ়ি থাকোতে বিমানবন্দৰত বাগৰি পৰে । এই ঘটনাৰ ৪ দিনৰ অন্তত বৃদ্ধজনৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । এয়াৰলাইন কোম্পানীটোৱে কোৱা মতে হুইলচেয়াৰৰ যথেষ্ট চাহিদাৰ বাবে যাত্ৰীগৰাকীক অপেক্ষা কৰিবলৈ কোৱা হৈছিল । কিন্তু তেওঁ পত্নীৰ সৈতে খোজ কাঢ়িবলৈ সিদ্ধান্ত লৈছিল ।
জানিব পৰা মতে ঘটনাটো ১২ ফেব্ৰুৱাৰীত বিমানবন্দৰত সংঘটিত হৈছিল । সূত্ৰৰ মতে ৮০ বছৰীয়া বৃদ্ধজনে তেওঁৰ পত্নীৰ সৈতে এয়াৰ ইণ্ডিয়াৰ এখন বিমান এআই ১১৬ ত মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছিল । বিমানখনত অসুস্থ হোৱাৰ পিচত যাত্ৰীজনে মুম্বাই বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত হুইলচেয়াৰৰ বাবে অনুৰোধ কৰিছিল । অৱশ্যে, বিমানবন্দৰত হুইলচেয়াৰ উপলব্ধ নোহোৱাৰ ফলত যাত্ৰীজনে ডেৰ কিলোমিটাৰ খোজকাঢ়ি ইমিগ্ৰেচন কাৰ্যালয়লৈ খোজকাঢ়ি যাব লগা হৈছিল ।
কিন্তু সেই সময়ত বৃদ্ধজন বাগৰি পৰে । বৃদ্ধজনক হৃদৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হয় । বৃদ্ধ যাত্ৰীজনক লগে লগে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰৰ নানাৱতী চিকিৎসালয়লৈ লৈ যোৱা হয় । সূত্ৰৰ মতে বিমানবন্দৰত মুঠ ১৫ খন হুইলচেয়াৰ উপলব্ধ আছিল । কিন্তু তাতকৈ বহু যাত্ৰী হুইলচেয়াৰৰ বাবে অপেক্ষা কৰি আছিল ।
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এয়াৰ ইণ্ডিয়াৰ এগৰাকী বিষয়াই শুকুৰবাৰে কয় যে যাত্ৰীজনৰ বয়স ৮০ বছৰতকৈও অধিক । হুইলচেয়াৰৰ প্ৰচুৰ চাহিদাৰ বাবে যাত্ৰীজনক এয়াৰলাইনৰ কৰ্মচাৰী-সহায়ক হুইলচেয়াৰৰ বাবে অপেক্ষা কৰিবলৈ অনুৰোধ কৰিছিল কিন্তু তেওঁ তেওঁৰ পত্নীৰ সৈতে খোজ কাঢ়ি গৈছিল । ইফালে এয়াৰলাইনটোৱে শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক যোগাযোগ অব্যাহত ৰাখিছে আৰু প্ৰয়োজনীয় সহায় আগবঢ়াইছে ।
লগতে পঢ়ক:চিৰিয়াখানাত সিংহৰ আক্ৰমণত মৃত্যু এজনৰ