তিনিচুকীয়া,১৮ জানুৱাৰী:বজৰং দলৰ কৰ্মী শম্ভূ কৈৰীৰ হত্যাকাণ্ডক লৈ আজিও উত্তাল তিনিচুকীয়া । বুধবাৰেও বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ তিনিচুকীয়া জিলা সমিতিৰ(Tinsukia district Bajrang dal protest) উদ্যোগত তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত বজৰং দলৰ কৰ্মী শম্ভূ কৈৰিৰ হত্যাৰ উচিত ন্যায় প্ৰদানৰ দাবীত ৰূপায়ণ কৰা হয় এক ধৰ্ণা কায্যসূচীৰ ৷ উক্ত ধৰ্ণা কায্যসূচীৰ জৰিয়তে জেহাদীসকলক সমুখ সমৰত যুদ্ধৰ বাবে মুকলি প্ৰত্যাহ্বান জনাই তিনিচুকীয়া জিলা বজৰং দলে ।
উল্লেখেযোগ্য যে, কৰিমগঞ্জত ৮ জানুৱাৰীত বজৰং দলৰ কৰ্মী শম্ভূ কৈৰিক বজৰং দলৰ প্ৰশিক্ষণ লৈ ঘৰলৈ আহি থকাৰ অৱস্থাত দিন দুপৰতে ছেলিম উদ্দীন নামৰ এটা দুস্কৃতিকাৰীয়ে অতি নৃশংস ভাৱে হত্যা কৰে(Shambhu Koiri murder in Karimganj) । উক্ত ঘটনাই বজৰং দল তথা সমগ্ৰ হিন্দু সংগঠনক ক্ষোভিত কৰি তোলে । শম্ভূ কৈৰিৰ হত্যাকাৰী ছেলিম উদ্দীনক অতি সোনকালে ফাচী দিবলৈ দাবী উত্থাপন কৰে বজৰং দলৰ তিনিচুকীয়া জিলাৰ সদস্যসকলে ।
লগতে শৌয্যৰ কেতিয়াও মৃত্যু নাই, শম্ভূ কৈৰী অমৰ হওক, জেহাদী মূর্দাবাদ, বজৰং দল জিন্দাবাদ ধ্বনিৰে আজি প্ৰতিবাদকাৰীসকলে কঁপাই তোলে তিনিচুকীয়াৰ আকাশ বতাহ(Bajrang dal activist killed in Karimganj) । উক্ত প্ৰতিবাদী কায্যসূচীৰ জৰিয়তে অসমত সনাতনী হিন্দু হত্যা বন্ধ কৰা, শম্ভূ কৈৰীৰ দৰে অসমত কোনো হিন্দু সনাতনীৰ জেহাদীৰ হাতত মৃত্যু নহয় চৰকাৰে তাৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ দাবী জনায় । শম্ভূ কৈৰীৰ হত্যাকাণ্ডৰ তদন্ত এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তত্বাৱধানত সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই সংগঠন দুটাই ।