ETV Bharat / state

দণ্ডাধীশৰ জেৰাত কি তথ্য দিলে লাওখোৱাৰ বন বিভাগে ? - Fisherman Shooting Case at Laokhowa

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 10:40 PM IST

Fisherman Shooting Case at Laokhowa : লাওখোৱাৰ বনকৰ্মীৰ গুলীচালনা ঘটনাৰ তদন্ত প্ৰক্ৰিয়া । দণ্ডাধীশৰ জেৰাৰ সন্মুখীন হ’ল লাওখোৱাৰ বন বিভাগ । গ্ৰহণ কৰিলে স্থানীয় আৰক্ষী আৰু চক্ৰ বিষয়াৰ ভাষ্য । বৃহস্পতিবাৰৰ পৰা তিনিদিন গ্ৰহণ কৰিব ৰাজহুৱা শুনানি । দণ্ডাধীশৰ জেৰাত কি তথ্য প্ৰদান কৰিলে অভিযুক্ত লাওখোৱাৰ বন বিভাগে ? ই টিভি ভাৰতৰ হাতত এক্সক্লুছিভ তথ্য ।

Fisherman Shooting Case at Laokhowa
লাওখোৱা-কাণ্ডৰ দুই ভুক্তভোগী (ETV Bharat Assam)

নগাঁও, ১ জুলাই : লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীৰ গুলীচালনাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত চলি আছে । নগাঁৱৰ জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহৰ নিৰ্দেশত জিলা অতিৰিক্ত দণ্ডাধীশ সুদীপ নাথে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া । নগাঁও জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহৰ আদেশ নং এন আৰ এ ডি ০২/২০২৪/২ তাৰিখ ২২/৬/২০২৪ যোগেদি লাওখোৱাৰ গুলীচালনাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বাবে সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল অতিৰিক্ত জিলা আয়ুক্ত তথা অতিৰিক্ত জিলা দণ্ডাধীশ সুদীপ নাথক।

Fisherman Shooting Case at Laokhowa
সুঁতিৰপাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয় (ETV Bharat Assam)

অতিৰিক্ত দণ্ডাধীশ সুদীপ নাথে তদন্তৰ দায়িত্ব গ্ৰহণ কৰিয়েই সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য উদঘাটন কৰি কম সময়ৰ ভিতৰতেই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ তৎপৰতা আৰম্ভ কৰে।

কোন কোন সন্মুখীন হ’ল দণ্ডাধীশৰ জেৰাৰ

লাওখোৱা অভয়াৰণ্যৰ গুলীচালনাৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰখা নগাঁও জিলা অতিৰিক্ত দণ্ডাধীশ সুদীপ নাথে সোমবাৰে চৰকাৰী বিষয়া, কৰ্মচাৰীৰ শুনানি গ্ৰহণ কৰে । লাওখোৱা অভয়াৰণ্যৰ গুলীচালনাৰ ঘটনাৰ তদন্তৰ দায়িত্ব লাভ কৰা নগাঁও জিলা অতিৰিক্ত দণ্ডাধীশ সুদীপ নাথৰ জেৰাৰ সন্মুখীন হয় লাওখোৱাৰ অভিযুক্ত বন বিষয়া তথা বনকৰ্মীও । সোমবাৰে স্থানীয় আৰক্ষী, স্থানীয় চক্ৰ বিষয়াৰ ভাষ্য গ্ৰহণ কৰাৰ উপৰি লাওখোৱাৰ অভিযুক্ত বন বিষয়া, বনকৰ্মীক জেৰা কৰে দণ্ডাধীশগৰাকীয়ে । দণ্ডাধীশৰ জেৰাৰ সময়ত বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে দাঙি ধৰে ঘটনাৰ বিৱৰণী ।

দণ্ডাধীশৰ জেৰাত কি তথ্য দিলে বন বিভাগে

স্থানীয় বিধায়ককে ধৰি একাংশই বনকৰ্মীৰ গুলীত নিহত জুৰীয়াৰ ধিং বড়ি চাপৰিৰ আব্দুল জলিল আৰু ছমিৰ উদ্দিনক নিশা খেতিৰ পহৰা দি থকা অৱস্থাত অভয়াৰণ্যৰ বাহিৰত গুলীওৱা বুলি অভিযোগ উত্থাপন কৰিছিল যদিও এই সন্দৰ্ভতো কিছু তথ্য দাঙি ধৰে লাওখোৱাৰ বনকৰ্মীৰ দলে । 21 জুনৰ নিশা আব্দুল জলিল আৰু ছমিৰ উদ্দিনক লাওখোৱা অভয়াৰণ্যৰ ভিতৰৰ ৰৌমাৰী বিলত মৎস্য চিকাৰ কৰাৰ বাবেই গুলীওৱা বুলি দণ্ডাধীশৰ সন্মুখত উল্লেখ কৰে বুলি জিলা আয়ুক্ত কাৰ্যালয়ৰ এক সূত্ৰত জানিব পৰা গৈছে । লগতে আন বহু তথ্যও দাঙি ধৰা বুলি সূত্ৰটোৰ পৰা জানিব পৰা গৈছে ।

কেতিয়া গ্ৰহণ কৰিব ৰাজহুৱা শুনানি

নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়াৰ লগতে অভিযানত অংশগ্ৰহণ কৰা বনকৰ্মী তথা বিষয়াৰ শুনানি গ্ৰহণৰ পাচত তদন্তৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধীশ সুদীপ নাথে ৰাজহুৱা শুনানিৰ বাবে জাৰি কৰে জাননী । জাৰি কৰা এন আৰ এ ডি ০২/২০২৪/৫ নম্বৰৰ জাননীত উল্লেখ থকা মতে, অহা ৪, ৫ আৰু ৬ জুলাইত ৰাজহুৱা শুনানি গ্ৰহণ কৰিব দণ্ডাধীশে । ইয়াৰে ৪ আৰু ৫ জুলাইত ৰূপহী চক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰু ৬ জুলাইত নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত শুনানি গ্ৰহণ কৰিব বুলি জাননীত উল্লেখ কৰা হৈছে ।

উক্ত নিৰ্দিষ্ট দিনত পুৱা ১১ বজাৰ পৰা দিনৰ ২ বজালৈকে শুনানি গ্ৰহণ কৰিব দণ্ডাধীশে । ঘটনা সম্পৰ্কত সাক্ষ্য প্ৰদান কৰিব বিচৰা ব্যক্তি-সংগঠনক নিৰ্দিষ্ট সময়ত উপস্থিত থাকি সাক্ষ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে জিলা অতিৰিক্ত দণ্ডাধীশে ।

উল্লেখ্য যে যোৱা 21 জুনৰ মাজনিশা চোৰাং মৎস্য চিকাৰৰ সন্দেহত বনকৰ্মীৰ দলে গুলীচালনা কৰাত জুৰীয়াৰ ধিং বড়ি চাপৰিৰ দুই ভাতৃ ক্ৰমে আব্দুল জলিল আৰু ছমিৰ উদ্দিনৰ থিতাতে মৃত্যু হৈছিল । বনকৰ্মীৰ গুলীত দুই ভাতৃৰ মৃত্যু সহজভাৱে ল’ব পৰা নাছিল জুৰীয়াবাসীয়ে । সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ লগতে নিহত দুই ভাতৃৰ পৰিয়ালৰ লোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত সংখ্যলাঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুকে ধৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছিল ।

আনহাতে, ঘটনা সংঘটিত হোৱাৰ পাচতেই এটা দিনৰ ভিতৰতেই সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । তাৰ পাচতে তৎপৰতাৰে তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয় জিলা অতিৰিক্ত দণ্ডাধীশ সুদীপ নাথক ।

লগতে পঢ়ক :লাওখোৱা অভয়াৰণ্যৰ গুলীচালনা : দণ্ডাধীশৰ জেৰাৰ সন্মুখীন হ’ব ডি এফ অ'সহ বনকর্মী - Fisherman Shooting Case at Laokhowa
লগতে পঢ়ক :নগাঁৱত আমছুৰ প্ৰতিবাদ, লাওখোৱা কাণ্ডত জড়িতক শাস্তিৰ দাবী - AAMSU PROTEST IN NAGAON
লগতে পঢ়ক :বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃ : বনমন্ত্ৰীৰ পুত্তলিকা দাহেৰে নগাঁৱত প্ৰতিবাদ - AAMSU Protest In Nagaon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.