ETV Bharat / state

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই অসমত বাল্যবিবাহ ৰোধত সহায় কৰিব : মুখ্যমন্ত্ৰী - Bharatiya Nagarik Suraksha Sanhita

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 11:02 PM IST

Assam CM on new criminal laws: বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বলৱৎকৰণে চৰকাৰক অধিক বল দিব ৷ সংবাদমেলত ক’লে মুখ্যমন্ত্ৰীয়ে ৷

bharatiya nagarik suraksha sanhita
Assam CM on new criminal laws (ETV Bharat Assam)

গুৱাহাটী, ১ জুলাই: ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বলৱৎকৰণে বাল্যবিবাহ ৰোধ কৰাত অসম চৰকাৰক অধিক শক্তিশালী কৰিব ৷ বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বলৱৎকৰণে চৰকাৰক অধিক বল দিব । দিছপুৰত আজি এক সংবাদমেল সম্বোধন কৰি‌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে ।

তেওঁ কয় যে ভাৰতৰ অপৰাধমূলক ন্যায় ব্যৱস্থাৰ বাবে আজি এক বিশেষ দিন । ১৬৪ বছৰীয়া ঔপনিৱেশিক আইনী ব্যৱস্থা আঁতৰাই ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বলৱৎ হৈছে । ইয়াৰ লগে লগে আমাৰ গণৰাজ্যই আধুনিক প্ৰযুক্তি আৰু নাগৰিককেন্দ্ৰিক সেৱাৰ ওপৰত আধাৰিত এক নতুন ব্যৱস্থাত প্ৰৱেশ কৰিছে । এই আইনসমূহে মহিলা, শিশু আৰু বঞ্চিতজনৰ সুৰক্ষাক সৰ্বোচ্চ প্ৰাধান্য প্ৰদান কৰিব ।

লগতে পঢ়ক: নতুন আইনৰ অধীনত ছত্তীশগড়ত প্ৰথমখন এজাহাৰ দাখিল নিশা ১২.৩০ বজাত - New Criminal Code in India

তেওঁ জনায় যে নগাঁও সদৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত প্ৰথমটো গোচৰ আজি ৰুজু কৰিছে । এই নতুন আইন সফলভাৱে ৰূপায়ণ কৰাৰ বাবে ১১৫ জন আৰক্ষীক মাষ্টাৰ ট্ৰেনাইৰ হিচাপে প্ৰশিক্ষণ দিয়া হৈছে । পাঁচটা ফৰেনছিক লেব স্থাপন‌ কৰা হৈছে । ৫০০ জন‌ আৰক্ষীক প্ৰশিক্ষণ দিয়া হৈছে ।

ভাৰতীয় ন্যায় সংহিতাৰ এটা ধাৰা গুৰুত্বপূৰ্ণ । এই ধাৰা মতে বাল্যবিবাহৰ ক্ষেত্ৰত ১৮ বছৰ তলৰ হ'লে যৌন‌ সম্পৰ্ক কৰিব নোৱাৰিব । যদি কৰে এয়া ধৰ্ষণৰ দৰে অপৰাধৰ লগত গণ্য কৰা হ'ব । গতিকে বাল্যবিবাহৰ ক্ষেত্ৰত চৰকাৰে যুঁজ দিয়াৰ বাবে সহজ‌ হ’ব ।

লগতে পঢ়ক: ফোনতেই অসমৰ বানৰ বুজ ল’লে মোদী-শ্বাহে : সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীক - Flood In Assam

শিক্ষা সেতু এপৰ‌ মান নিৰ্ণয় সন্দৰ্ভত কমিটী‌ গঠন:

শিক্ষা সেতু এপৰ‌ গুণগত মান সন্দৰ্ভত কমিটী‌ গঠন কৰা হ'ব । পৰমেশ্বৰ আয়াৰ, ডীন আই আই টি, অধ্যাপক শৰৎ‌ কুমাৰ পাত্ৰ ইনষ্টিউট অৱ ইনফৰ্মেচন টেকন’ল’জী, অধ্যাপক হীতেন চৌধুৰী, মুৰব্বী ইনফৰ্মেচন টেকন’ল’জী বিভাগ, কটন বিশ্ববিদ্যালয়ক লৈ এই কমিটী গঠন কৰা হ'ব । প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ক শিক্ষক সমাজে এই এপৰ‌ বিষয়ে অভিযোগ দিব পাৰিব । কমিটীয়ে এই বিষয়ক পৰ্যালোচনা কৰিব ।

লগতে পঢ়ক: ছফ্টৱেৰ দুৰ্বল হোৱা বাবেই ঘটিল বিয়াগোম মাৰ্কশ্বীট কেলেংকাৰী: মুখ্যমন্ত্ৰী - Gauhati university marksheet scam

তিনিখন চৰ, পাহাৰ আৰু পিচপৰা অঞ্চলৰ বিদ্যালয়ত গৈ নিজে এপ ব্যৱহাৰ কৰি তেওঁলোকে প্ৰতিবেদন দিব । ৩১ জুলাইৰ ভিতৰত শিক্ষক সমাজক অভিযোগ দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ । অহা ১ ছেপ্টেম্বৰত এই কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব ।

অসমত স্থাপন হ'ব নতুন কিডনী ডায়েলাইছিছ কেন্দ্ৰ:

তেওঁ কয় যে ২০১৯ চনৰ জুনত নলবাৰীত আৰম্ভ কৰা হৈছিল বিনামূলীয়া কিডনীৰ ডায়েলাইছিছ কেন্দ্ৰ । ৩৩ খন‌ জিলাৰ ৪১ টা কেন্দ্ৰত এই কিডনীৰ ডায়েলাইছিছ হৈছে । ২ লাখ, ২১ হাজাৰ ১১৬ টা বিনামূলীয়া কিডনীৰ ডায়েলাইছিছ কৰা‌ হৈছ ।‌ ২ লাখ ২১ হাজাৰে এই আঁচনিৰ সুবিধা পাইছে ।‌‌ যোৱা‌ বছৰ ৩১ কোটি টকা খৰচ কৰা হৈছিল এই আচঁনিৰ বাবদ ।‌ নতুনকৈ আৰু ৩৫ টা কিডনীৰ ডায়েলাইছিছ কেন্দ্ৰ স্থাপন‌ কৰা‌ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক: ব্ৰিটিছ যুগৰ আইনত পৰ্দা, ১ জুলাইৰ পৰা দেশত কাৰ্যকৰী হ’ব নতুন অপৰাধমূলক আইন - New criminal laws

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.