ডিফু, ২২ আগষ্ট:সোমবাৰে পুৱতি নিশা ডিফুত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road Accident) ৷ ডিফুৰ সমীপৰ বিৰলা হোটেল হেম্পীৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা ৷ ফলত দুৰ্ঘটনাটোত থিতাতে এজন নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন এজন (Accident in Diphu) ৷
প্ৰাৰম্ভিক তথ্য অনুসৰি জানিব পৰা মতে, ডিফু-মাঞ্জা পথেৰে ডিফু দিশে আহি থকা AS 01 FE 6431 নম্বৰৰ বাহনখনে একে দিশে আহি থকা AS 09 H 6269 নম্বৰৰ স্কুটীখনক পিছফালৰ পৰা মহতিয়াই নিয়াৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ ফলত স্কুটীখনৰ চালক ডিফু ৰংমিলিৰ নিৱাসী দেৱেন ৰংপিৰ পুত্ৰ জন ৰংপি (২৮) থিতাতে নিহত হয় ৷