অসম

assam

ৰিপুণ বৰাৰ দাম কিমান : কি ক'লে দুই বিজেপি নেতাই ?

By

Published : Aug 22, 2019, 3:25 PM IST

সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মা আৰু সম্পাদক কিশোৰ উপাধ্যায়ে সাংবাদিকৰ আগত ৰিপুণ বৰাৰ দাম কিমান বুলি মন্তব্য কৰি বিজেপিত বিক্ৰী চলি থকা বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

ৰিপুণ বৰাৰ দাম কিমান বুলি প্ৰশ্ন দুই বিজেপি নেতাৰ

কামৰূপ,22আগষ্ট : ''ৰিপুণ বৰাৰ দাম কিমান''এই মন্তব্য দুই বিজেপি নেতাৰ ৷ বৃহস্পতিবাৰে সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মা আৰু সম্পাদক কিশোৰ উপাধ্যায়ে যৌথভাৱে সাংবাদিকৰ আগত কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য কৰে ৷ নেতা দুগৰাকীয়ে সাংবাদিকৰ আগত ৰিপুণ বৰাক উভতি ধৰি ৰিপুণ বৰাৰ দাম কিমান বুলিও প্ৰশ্ন কৰে ৷

ৰিপুণ বৰাৰ দাম কিমান বুলি প্ৰশ্ন দুই বিজেপি নেতাৰ

ইয়াৰ লগতে, বিজেপিত চেল চলি আছে বুলি কোৱা বক্তব্যৰো প্ৰতিক্ৰীয়া কৰি বিজেপিৰ দুই নেতাই মন্তব্য কৰি কয়,কংগ্ৰেছত খেল চলি আছে আৰু এই খেল কিমান দূৰলৈ যায় সেয়া দেখা যাব ৷ কংগ্ৰেছক বিজেপিয়ে লোৱা-নোলোৱাটো পাচৰ কথা,কিন্তু কংগ্ৰেছৰ বহুতে যোগাযোগ অব্যাহত ৰাখিছে বিজেপিৰ সৈতে ৷ বন্ধুত্ব মূলক কথা বতৰাৰ মাজেৰেও বিজেপিত যোগদানৰ ইচ্ছা ব্যক্ত কৰিছে 9 জনে ৷ পিছত কংগ্ৰেছত তেওঁলোক থাকে নে নাথাকে সেয়া পাছৰ কথা ৷ ৰকিবুল হুছেইনৰ বিজেপিত যোগদান প্ৰসংগটো তাৎপৰ্যপূৰ্ণ বুলিও মন্তব্য কৰি নেতা দুগৰাকীয়ে ৰকিবুলক বিজেপিত লোৱা হ'ব নে সেয়া চিন্তাৰ বিষয় বুলিও মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details