অসম

assam

Protest in Guwahati: সমস্যা সমাধানৰ দাবীত চি পি আই এমৰ অৱস্থান ধৰ্মঘট

By

Published : Jun 13, 2023, 2:11 PM IST

সমস্যা সমাধানৰ দাবীত চি পি আই (এম)ৰ মহানগৰীত অৱস্থান ধর্মঘট । প্ৰতিবাদকাৰীসকলে ভয়াবহ মূল্যবৃদ্ধি, ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংসৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে ।

Protest against price hike in Guwahati
চি পি আই (এম)ৰ অৱস্থান ধর্মঘট

চি পি আই (এম)ৰ অৱস্থান ধর্মঘট

গুৱাহাটী, ১৩ জুন:জনসাধাৰণৰ জীৱন জীৱিকাৰ সমস্যা সমাধানৰ দাবীত চি পি আই (এম)ৰ গুৱাহাটী দক্ষিণ-পূব আঞ্চলিক কমিটীৰ উদ্যোগত মঙলবাৰে মহানগৰীৰ বেলতলাত অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

উক্ত কাৰ্যসূচীত অংশ লৈ চি পি আই এমৰ গুৱাহাটী দক্ষিণ-পূব আঞ্চলিক কমিটীৰ সম্পাদক শচীন শৰ্মাই কয় যে চি পি আই (এম)ৰ ৰাজ্যিক কমিটীৰ আহ্বানত জনসাধাৰণৰ কেতবোৰ জৰুৰী সমস্যা সমাধানৰ বাবে জনমত গঠন কৰাৰ উদ্দেশ্যে 'জনসম্পর্ক অভিযান' গ্ৰহণ কৰা হৈছে । ভয়াবহ মূল্যবৃদ্ধি, ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস, কর্মসংস্থানহীনতা, আঁচনিভুক্ত কৰ্মচাৰীৰ সুৰক্ষা, শ্রমিক-কৃষকৰ সমস্যাকে আদি কৰি গুৱাহাটী মহানগৰৰ জ্বলন্ত সমস্যা বিশেষকৈ খোৱাপানীৰ সংকট, বিদ্যুতৰ স্মাৰ্ট প্রিপেইড মিটাৰৰ আসোঁৱাহ, যান-জঁটৰ সমস্যা, মাটিৰ পট্টা আদিৰ দাবীত চি পি আই এম দলে অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

এই কাৰ্যসূচীৰ জৰিয়তে চি পি আই এমৰ গুৱাহাটী দক্ষিণ-পূব আঞ্চলিক কমিটীয়ে পেট্র'ল, ডিজেল, ৰন্ধন গেছ, নিত্য প্রয়োজনীয় সামগ্রী আৰু জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি ৰোধ কৰা, চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ সকলো খালী পদ পূৰণ কৰা আদিৰ দাবী উত্থাপন কৰে । ক্ষুদ্ৰ ব্যৱসায়ী আৰু স্ব-নিয়োজিত লোকক সকাহ দিয়াৰ বাবে বিশেষ চৰকাৰী আঁচনি গ্ৰহণ কৰা, পুৰণি পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তন ,গুৱাহাটী মহানগৰীৰ খোৱাপানী প্রকল্পবোৰৰ কাম শীঘ্ৰেই শেষ কৰি মহানগৰবাসীক পর্যাপ্ত পৰিমাণে বিশুদ্ধ খোৱাপানী যোগান ধৰা, পট্টাহীনক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা, বিদ্যুতৰ বৰ্দ্ধিত মাছুল হ্ৰাস কৰক আৰু স্মাৰ্ট প্রিপেইডৰ আসোঁৱাহসমূহ আঁতৰ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । তেওঁলোকে প্ৰতিগৰাকী গ্ৰাহকক বিদ্যুৎ বিল দিয়াৰ ব্যৱস্থা কৰা, আঁচনিভুক্ত কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দি যথাযথ দৰমহা আদি আদায় দিয়াৰো দাবী উত্থাপন কৰে ।

প্ৰতিবাদকাৰীসকলে নির্মাণ শ্রমিককে ধৰি অসংগঠিত শ্রমিকৰ সামাজিক নিৰাপত্তা সুনিশ্চিত কৰা, ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণ কৰা, ৰাজহুৱা শিক্ষা ব্যৱস্থা শক্তিশালী কৰা, দুর্নীতি নিবাৰণৰ বাবে দুৰ্নীতিৰ অভিযোগসমূহৰ অৰ্থবহ তদন্ত , মুদ্রাস্ফীতিৰ সৈতে সংগতি ৰাখি পি এম এ ৱাই আঁচনিৰ অধীনত ধনৰ আৱন্টনৰ পৰিমাণ বৃদ্ধি, চৰকাৰী আঁচনিসমূহ দুৰ্নীতি আৰু ৰাজনীতিমুক্তভাৱে ৰূপায়ণ কৰা, উপ-পথসমূহত নলা খন্দাৰ ফলত হোৱা যান-জঁটৰ সমস্যা লাঘৱ কৰিবলৈ মহানগৰৰ বিভিন্ন পথ-বিজ্ঞানসম্মত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক:Electricity tariff hike: গৰমৰ দিনত বিদ্যুৎ বেছিকৈ ব্যৱহাৰ কৰিছে বাবে বিল বেছিকৈ আহিছে; দিলীপ শইকীয়া

ABOUT THE AUTHOR

...view details