গোলাঘাট,6 জুলাই: সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সংগঠন দুটাই নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ আৰু ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত এই প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজ্যবাসীৰ লগত কোনো আলোচনা নকৰাকৈ চৰকাৰে নতুন উদ্যোগ নীতি বলৱৎ কৰাৰ তীব্ৰ বিৰোধিতা কৰে সংগঠন দুটাই ।
ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ আৰু খিলঞ্জীয়াৰ ভূমি নীতিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত সোমবাৰে যৌথ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংগঠন দুটাই গোলাঘাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
![ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ KMSS and SMSS Protest Against land Laws 2020 golaghat assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7913460-thumbnail-3x2-a.jpg)
উল্লেখ্য যে, এই উদ্যোগ নীতিৰ জৰিয়তে সাধাৰণ কৃষকৰ ভূমি সহজে বণিক গোষ্ঠীৰ হাতলৈ যোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ সেয়ে শীঘ্ৰে এই নীতি বাতিল কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠন দুটাৰ প্ৰতিবাদী নেতাসকলে ৷ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাবন্দী নেতা তথা সম্প্ৰতি গুৰুতৰভাৱে অসুস্থ অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে ৷ গোলাঘাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত অনশনত বহি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাৰ সদস্যসকলে ।
লগতে চাওকঃবিগত ২৪ ঘণ্টাত ভাৰতত ২৪,৮৫০ গৰাকী ব্যক্তিৰ দেহত COVID-19