গোলাঘাট, 2 মে : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নাহৰফুটুকীৰ আতংক ৷ গোলাঘাট জিলাৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত ঢলাগুৰি নগাকটাত নাহৰফুটুকীৰ আক্ৰমণত আহত হয় এজন লোক । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনৰ নাম অনুক কুৰুৱা (৪৫) । শাক-পাচলি ক্ৰয় কৰিবলৈ জংগলৰ মাজেৰে আহি থকা অৱস্থাতে অনুক কুৰুৱাক হাবিৰ মাজৰ পৰা আক্ৰমণ কৰে নাহৰফুটুকীটোৱে । ফলত বুকু, হাতত, ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন ।
গোলাঘাটত নাহৰফুটুকীৰ আক্ৰমণত আহত এজন - Golaghat leopard attack during lock down one injured
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনৰ নাম অনুক কুৰুৱা (৪৫) । শাক-পাচলি ক্ৰয় কৰিবলৈ জংগলৰ মাজেৰে আহি থকা অৱস্থাতে অনুক কুৰুৱাক হাবিৰ মাজৰ পৰা আক্ৰমণ কৰে নাহৰফুটুকীটোৱে । ফলত বুকু, হাতত, ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন ।

গোলাঘাটত নাহৰফুটুকীৰ আক্ৰমণত আহত এজন
গোলাঘাটত নাহৰফুটুকীৰ আক্ৰমণত আহত এজন
আহত লোকজনক প্ৰথম অৱস্থাত প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে সমীপৱৰ্তী ঢলাগুৰি চাহ বাগিচা চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ পৰৱৰ্তী সময়ত তেওঁক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । উক্ত অঞ্চলটোত বহুদিন ধৰি নাহৰফুটুকীয়ে সন্ত্ৰাস সৃষ্টি কৰি আহিছে ৷ বিগত ডেৰ মাহত অঞ্চলটোত চতুৰ্থ জন লোকক নাহৰফুটুকীয়ে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰিছে ।