অসম

assam

কৃষি খণ্ডত প্ৰায় দুই কোটি টকাৰ ক্ষতিঃ কৃষি মন্ত্ৰী অতুল বৰা

By

Published : Apr 22, 2020, 8:59 PM IST

ধুবুৰী জিলাত কিমান সংখ্যক কৃষক ক্ষতিগ্ৰস্ত হৈছে আৰু কি কি খেতি নষ্ট হৈছে সেই তথ্য সংগ্ৰহ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে কৃষি মন্ত্ৰী অতুল বৰাই ৷

ETV BHARAT
কৃষি খণ্ডত প্ৰায় দুই কোটি টকা ক্ষতিঃ কৃষি মন্ত্ৰী অতুল বৰা

ধুবুৰী, 22 এপ্ৰিলঃ লক ডাউনৰ সময়ত ধুবুৰীত উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা আৰু যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী ৷ জিলা প্ৰশাসনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় মন্ত্ৰী দুজনৰ ৷

কৃষি খণ্ডত প্ৰায় দুই কোটি টকা ক্ষতিঃ কৃষি মন্ত্ৰী অতুল বৰা

লক ডাউনৰ সময়ত বুধবাৰে ধুবুৰীত উপস্থিত হয় ৰাজ্য চৰকাৰ কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী । দুয়োগৰাকী মন্ত্ৰী আজি ধুবুৰী জিলা প্ৰশাসনৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি লক ডাউনৰ বিভিন্ন দিশ সামৰি লৈ আলোচনা কৰে । ইপিনে কৃষি মন্ত্ৰী অতুল বৰাই বৈঠকৰ অন্তত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত এখন সংবাদমেল আয়োজন কৰে । লক ডাউনৰ ফলত ধুবুৰী জিলাত কিমান সংখ্যক কৃষক ক্ষতিগ্ৰস্ত হৈছে আৰু কি কি খেতি নষ্ট হৈছে সেই তথ্য সংগ্ৰহ কৰিবলৈ বৈঠকত বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনক নিৰ্দেশ দিয়া বুলি সংবাদমেলত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । ইপিনে জিলা খনৰ কৃষি খণ্ডত প্ৰায় দুই কোটি টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি জিলা প্ৰশাসনে মন্ত্ৰী গৰাকীক এক তথ্য যোগান দিয়াৰ লগতে প্ৰায় এক কোটি টকাৰ কৃষি সামগ্ৰী বিক্ৰী কৰা হৈছে বুলি সংবাদ মেলত দাবী কৰে মন্ত্ৰী অতুল বৰাই । আনহাতে অসমৰ কৃষি খণ্ডত উৎপাদিত সামগ্ৰী বহিঃৰাজ্যৰ ভিন্ন প্ৰান্তত ৰপ্তানি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈ আছে বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে সংবাদ মেলত। আজিৰ সংবাদমেলত ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই ।

লগতে পঢ়ক- অসম-নাগালেণ্ড সীমান্তত খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতি

ABOUT THE AUTHOR

...view details