ETV Bharat / state

মাৰ্কশ্বীট কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ, আৰক্ষীৰ জালত আঠটা অভিযুক্ত - Marksheet Scam

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 6:50 PM IST

Updated : Jun 29, 2024, 7:40 PM IST

Gauhati University : আৰক্ষী আৰু চি আই ডিয়ে যুটীয়াভাৱে তদন্ত আগবঢ়াই নিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰীৰ ৷ এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 8 টা অভিযুক্তক ৷

GAUHATI UNIVERSITY MARKSHEET SCAM
গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰী (ETV BHARAT ASSAM)

গুৱাহাটী, 29 জুন : নেট-নীট পৰীক্ষা কেলেংকাৰীয়ে সমগ্ৰ দেশ কঁপাই থকাৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীটত ধনৰ বিনিময়ত বে-আইনীভাৱে নম্বৰ বঢ়োৱাৰ কোটিটকীয়া বৃহৎ কেলেংকাৰী পোহৰলৈ আহিছে ৷ ধনৰ বিনিময়ত কোনো এটা বিষয়ত নম্বৰ বঢ়োৱাৰ পৰা আৰম্ভ কৰি বেক উঠোৱাৰ নামত লাখ টকা পৰ্যন্ত ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰীৰ তদন্ত অব্যাহত (ETV BHARAT ASSAM)

কেনেকৈ পোহৰলৈ আহিল এই কেলেংকাৰী :

বৰপেটা জিলাৰ আজিজুল হক নামৰ ছাত্ৰজনক এই কামৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচত সমগ্ৰ কেলেংকাৰী পোহৰলৈ আহিছে ৷ বৰপেটাৰোডৰ জি এল চৌধুৰী কলেজৰ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ আজিজুলৰ উপৰিও নম্বৰ বঢ়াই লোৱা বে-আইনী কামৰ সৈতে বৰপেটাৰ আৰু ছজন শিক্ষার্থী জড়িত থকাৰ কথা পোহৰলৈ আহিছে ৷ ইতিমধ্যে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি আৰক্ষী আৰু চি আই ডিয়ে যুটীয়াভাৱে তদন্ত আগবঢ়াই নিছে ৷ বৰপেটা জিলাত ধৰা পৰা এই কেলেংকাৰীৰ তদন্ত জিলা আৰক্ষী অধীক্ষকে তদাৰক কৰাৰ সমান্তৰালভাৱে অন্য ঠাইতো তদন্ত আগবঢ়াই নিছে আৰক্ষী-চি আই ডিয়ে ৷ আই অ' এম এছ নামৰ যিটো পুৰণি ব্যৱস্থাৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীৰ নম্বৰ মার্কশ্বীটত সন্নিৱিষ্ট হয় তাৰ সৈতে জড়িত ব্যক্তি এই কেলেংকাৰীত জড়িত থকাৰ গুৰুতৰ অভিযোগ উঠিছে ৷

কেনেদৰে সংঘটিত হৈছিল এই কেলেংকাৰী :

2017 চনত বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীৰ নম্বৰ মার্কশ্বীটত সন্নিৱিষ্ট এই ব্যৱস্থা চলোৱাৰ বাবে দিল্লীৰ আই টি আই লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ সৈতে চুক্তি হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৷ যদিও 2022 চনত চুক্তিৰ ম্যাদ অন্ত পৰে, কিন্তু এই ব্যৱস্থাটো বৰ্তমানলৈ চলি আছে ৷ কাৰণ 2021 চনত নামভৰ্তি কৰি এই ব্যৱস্থাটোৰ অন্তৰ্ভুক্ত হোৱা 70,263 জন শিক্ষার্থীয়ে এইবাৰহে ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষা দিছে ৷ সেয়েহে শেষ বজাৰত মার্কশ্বীটৰ নম্বৰ বঢ়োৱা কামত দৰ বাঢ়িছে ৷ উল্লেখ্য যে 2022 চনত অনলাইন জি ইউ বুলি এটা নতুন ব্যৱস্থা আৰম্ভ হৈছিল ৷ সম্প্ৰতি বিশ্ববিদ্যালয়খন চৌদিশে খেলিমেলি লগোৱা সমৰ্থ প'ৰ্টেলৰ অধীনলৈ আহিছে ৷ ইতিমধ্যে এই কেলেংকাৰীৰ তদন্তৰ দায়িত্ব লৈ আৰক্ষী আৰু চি আই ডিৰ তদন্তকাৰী বিষয়াসকল যোৱা দুদিন গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিভিন্ন তথ্য-পাতি পৰীক্ষা নিয়ন্ত্ৰক আৰু পঞ্জীয়কৰ পৰা বিচাৰিছে ৷

লগতে পঢ়ক : মাৰ্কশ্বীট জালিয়াতি : মহাবিদ্যালয়ৰ ছাত্ৰক আৰক্ষীক গতালে কৰ্তৃপক্ষই - Forging Documents

এতিয়ালৈকে এই ঘটনাৰ লগত জড়িত আঠটা অভিযুক্ত গ্ৰেপ্তাৰ :

আৰক্ষীয়ে এতিয়ালৈকে এই ঘটনাৰ লগত জড়িত কেবাটাও অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷ এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 8 টা অভিযুক্তক ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত আই আই টি কোম্পানীৰ কৰ্মচাৰী কৃষ্ণণ কৃষ্ণ মূৰ্তি, কলগাছিয়াৰ ইছমাইল হুছেইন, কলগাছিয়াৰ আলমগীৰ খান, কলগাছিয়াৰ বৰঙাৰ মইনুল হক, নগাঁৱৰ হামেজ উদ্দিন, কলগাছিয়াৰ লাংলাৰ আবুল বাচেৰ, লাংলা কলেজৰ লাইব্ৰেৰীয়ান আমিনুল ইছলাম, ধুবৰী আইন মহাবিদ্যালয়ৰ কম্পিউটাৰ সহায়ক শিৱতোষ মাহাতোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ :

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে বৰপেটাত সাংবাদিকৰ আগত মার্কশ্বীট কেলেংকাৰীৰ বিষয়ে সদৰী কৰি কৈছিল, ‘গুৱাহাটী বিশ্ববিদ্যালয়ত নম্বৰ দিয়াৰ যিটো কম্পিউটাৰ ব্যৱস্থা আছে, সেইটো আসোঁৱাহপূৰ্ণ ৷ এই ব্যৱস্থা যিসকল লোকক চলাবলৈ দিয়া হৈছিল, তেওঁলোকে ল'ৰা-ছোৱালীৰ পৰা পইচা লৈ নম্বৰ বঢ়াই দিয়ে ৷ বৰপেটা জিলাত এনে ছটা ঘটনা পোহৰলৈ আহিছে ৷ এই ব্যৱস্থাটোত সাধাৰণ কম্পিউটাৰ অপাৰেটৰ এজনেও নম্বৰ বঢ়াই দিব পাৰে ৷ এতিয়ালৈ কিমানৰ নম্বৰ বদলাইছে তাৰ হিচাপ নাই ৷ বৰপেটা জিলা আৰক্ষী আৰু চি আই ডিয়ে বিষয়টোৰ তদন্ত চলাই আছে ৷ বিষয়টো গুৰুতৰ আৰু গভীৰ ৷ অন্য বিশ্ববিদ্যালয়তো এনে কেলেংকাৰী চলি থাকিব পাৰে ৷ বিশ্ববিদ্যালয়ৰ এই ব্যৱস্থাটোত নম্বৰ সংৰক্ষণৰ ব্যৱস্থাটো কেৰোণেৰে ভৰা ৷ সেয়ে অসাধু চক্ৰটোৱে দুই-তিনি বছৰ পাচতো নম্বৰ বঢ়াই দিয়ে ৷'

লগতে পঢ়ক : মই সদায় জীয়াই নাথাকো, জাতিটো জীয়াই থাকিব লাগিব : মুখ্যমন্ত্ৰী - Assam CM on marksheet scam

কি কয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই :

এই কেলেংকৰীৰ কথা নিশ্চিত কৰি বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ প্ৰতাপজ্যোতি সন্দিকৈয়ে কয়, "আমি তদন্তত সম্পূর্ণ সহযোগ কৰিম আৰু বিচৰা সকলো নথি-পত্ৰ যোগান ধৰিম ৷ আমিও বিষয়টোৰ তদন্ত হৈ সমাধান হোৱাটো আৰু দোষীয়ে শাস্তি পোৱাটো বিচাৰিছো ৷" আই অ’ এম এছ ব্যৱস্থাটোৰ বিভিন্ন আসোঁৱাহ সময়ে সময়ে ব্যৱস্থা পৰিচালনা কৰা কৰ্তৃপক্ষক অৱগত কৰোৱা আৰু আসোঁৱাহ দূৰ কৰিবলৈ কোৱা হৈছিল বুলিও কয় উপাচার্য ড৹ সন্দিকৈয়ে ৷

তেওঁ কয় - এই সন্দৰ্ভত কোম্পানীৰ বিষয়াক সকলক এই সন্দৰ্ভত কৈফয়ৎ তলব কৰি জাননী দিয়া হৈছে ৷ এই কামত কোম্পানীটোৰ পাঁচজন কৰ্মচাৰী জড়িত আছে ৷ ইতিমধ্যে এজন এই অনিয়মৰ লগত জড়িত থকাৰ তথ্য পোৱা গৈছে ৷ তেওঁৰ বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ উপাচাৰ্যগৰকীয়ে এই ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী থাকিব পাৰে বুলি প্ৰকাশ কৰে ৷ তেওঁ কয়, "সেয়া আৰক্ষীয়ে তদন্ত কৰি‌ আছে ৷ এই তদন্তত আমি হস্তক্ষেপ নকৰো ৷ এই তদন্ত বিশ্ববিদ্যালয়ৰ সকলো কলেজ সামৰি লোৱা উচিত ৷ কিন্তু মই নভাবো যে এইক্ষেত্ৰত ব্যাপক কলেজ জড়িত আছে ৷ সীমিত পৰিমাণতে এই কেলেংকৰী সংঘটিত হৈছে ৷"

কি কয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই :

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিমানজিৎ ডেকাই এই সম্পৰ্কত কয়, 'এইটো এটা পদ্ধতিগত কেলেংকাৰী ৷ আমি তাৰ প্ৰমাণ বিশ্ববিদ্যালয় কর্তৃপক্ষক দিছো ৷ প্ৰতি জিলাতে এই কেলেংকাৰীৰ দালাল আছে ৷ বহু কলেজত এই দালাল চক্ৰৰ নেটৱৰ্ক আছে ৷ আমাৰ পুনৰ মূল্যায়ন ব্যৱস্থাটোত থকা আসোঁৱাহৰ সুযোগ লৈ দালাল চক্ৰই লাভ উঠাই আছে ৷ এটা বিষয়ৰ বেক উঠোৱাৰ নামত এই চক্ৰটোৱে 16 হেজাৰ টকা লয় ৷ গোৱালপাৰা জিলাত এই চক্ৰটো যথেষ্ট সক্ৰিয় আৰু বহু লোক জড়িত হৈ আছে ৷ এইটো এটা দীৰ্ঘদিন ধৰি চলি অহা কোটি টকীয়া কেলেংকাৰী ৷' তেওঁ কয় যে দীৰ্ঘদিন ধৰি অব্যাহত থকা এই অবৈধ, অনৈতিক ব্যৱস্থাৰ বিষয়ে বিশ্ববিদ্যালয় কর্তৃপক্ষ অৱগত হোৱাৰ পাচতো তাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে ব্যৱস্থা নোলোৱা কার্যই বিশ্ববিদ্যালয় কর্তৃপক্ষকো সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে ৷

ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি জিন্টু দাসে কয় যে অভিযোগ অনুসৰি মার্কশ্বীটত নম্বৰ বঢ়োৱা এই দালাল চক্ৰ বিশ্ববিদ্যালয়ৰপৰা আৰম্ভ কৰি বিভিন্ন জিলাত থকা মহাবিদ্যালয়সমূহলৈ শিপাই আছে ৷ এই চক্ৰটোৱে এটা বিষয়ত বেক উঠোৱাৰ বাবদ 16 হেজাৰ টকাৰপৰা আৰম্ভ কৰি এটা ষাণ্মাসিকৰ বিভিন্ন বিষয়ৰ বেক উঠোৱাৰ নামত এক লাখ টকা পর্যন্ত ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰি মার্কশ্বীটত নম্বৰ বঢ়োৱাৰ পৰা আৰম্ভ কৰি কম নম্বৰ পোৱাজনক বেছি নম্বৰ দিয়ালৈ বিভিন্ন অনৈতিক কাম বছৰৰ পাচত বছৰ ধৰি কৰি আহিছে ৷ এনেদৰে কিমানজনে এই পর্যন্ত নম্বৰ বঢ়াই লৈছে, তাৰ লেখ-জোখ নাই ৷ গতিকে এই ক্ষেত্ৰত সঠিক তদন্ত হ'ব লাগে ৷

লগতে পঢ়ক : মাৰ্কশ্বীট কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ RSS নেতা

Last Updated : Jun 29, 2024, 7:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.