ETV Bharat / state

মাতৃৰ পৰকীয়া প্ৰেমৰ কুফল ভোগ কৰাৰ দিশে দুটি শিশু - CRPF jawan murder

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 6:13 PM IST

Murder in Guwahati : বিবাহবহিৰ্ভূত প্ৰেমৰ ফলত দুটি সন্তানৰ মাতৃয়ে হত্যা কৰিছিল স্বামীক ৷ সন্তান দুটিৰ সন্মুখতেই সংঘটিত কৰা হ’ল হত্যাকাণ্ড ৷ সেই ঘটনাৰ সাক্ষী হৈ ৰ’ল সন্তান দুটি ৷ মাতৃ আছে এতিয়া কাৰাগাৰত ৷ সন্তান দুটিৰ কি হ’ব ?

Murder in Guwahati
মাতৃৰ পৰকীয়া প্ৰেমৰ কুফল ভোগ কৰাৰ দিশে দুটি শিশু (ETV Bharat Assam)

গুৱাহাটী, ২৯ জুন : পৰকীয়া প্ৰেমৰ বাবে ধ্বংস হ’ল এটা পৰিয়াল । অনাথ হৈ পৰিল দুই সন্তান । গুৱাহাটীৰ কাহিলীপাৰাত চি আৰ পি এফৰ জোৱান দিতুমণি হালৈৰ হত্যাকাণ্ডই জোঁকাৰি গৈছে ৰাজ্য ৷ পত্নীয়ে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিছিল দিতুমণি হালৈক ৷ এই কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে পত্নী হীৰামণি হালৈ আৰু প্ৰেমিক তথা বিজেপি নেতা অৰূপ দাসে ৷

প্ৰকৃততে ২৪ জুনত কি হৈছিল ?

দিতুমণি হালৈ আৰু অৰূপ দাস বন্ধু । সেই সূত্ৰেই কাহিলীপাৰাৰ ভাৰাঘৰলৈ সঘনাই অহা-যোৱা কৰিছিল বিজেপি নেতা তথা বিজেপিৰ টিহু মণ্ডলৰ কিষাণ মৰ্চাৰ সভাপতি অৰূপ দাস । পাঁচ বছৰৰ পূৰ্বৰে পৰা হীৰামণি আৰু অৰূপৰ মাজত ভাল সম্পর্ক গঢ়ি উঠে । দুবছৰ ধৰি তেওঁলোকৰ মাজত আছে প্ৰেমৰ সম্পৰ্ক । এই কথা দিতুমণি হালৈয়ে সন্দেহ কৰিছিল আৰু পত্নীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ কিন্তু পত্নীক প্ৰেমিকৰ সৈতে ধৰিবলৈ দিতুমণিৰ হাতত উপযুক্ত প্ৰমাণ নাছিল ৷

সোমবাৰে হঠাৎ কাহিলীপাৰাৰ ভাৰাঘৰত উপস্থিত হৈছিল দিতুমণি ৷ ভাড়াঘৰলৈ আহি দৰ্জা টুকুৰিয়াইছিল যদিও পত্নীয়ে খুলি দিয়া নাছিল দৰ্জা । কিছু সময়ৰ পিচত দৰ্জা খুলি দিয়াত দিতুমণিয়ে পত্নী আৰু প্ৰেমিক অৰূপক হাতেলোটে ধৰা পেলাই কৰায়ত্ত কৰিছিল ৷ স্বামীৰ হাতৰ পৰা ওলাই হীৰামণিয়ে ঘৰৰ ভিতৰলৈ টানি লৈ গৈছিল দিতুমণিক ৷ ঘৰৰ ভিতৰত মাৰপিট কৰিছিল । অৰূপৰ ঘোচাত ৱালত লাগি অৰ্ধচেতন হৈ পৰি যায় দিতুমণি । অৰ্ধচেতন হৈ পৰি যোৱাত প্ৰেমিকৰে মিলি পত্নীয়ে দুই কণমানি পুত্ৰৰ সন্মুখতে স্বামীক ডিঙি চেপি হত্যা কৰে ৷ বিজেপি নেতা অৰূপ দাসৰ সৈতে মিলি হীৰামণি হালৈয়ে স্বামী দিতুমণি হালৈক কাপোৰেৰে ডিঙিত মেৰিয়ায় আৰু অৰূপে গাৰুৰে সোপা দি হত্যা কৰে । স্বামীক হত্যা কৰি বিচনা চাদৰেৰে মৃতদেহটো বিচনাতে পেলাই থৈ হীৰামণিয়ে দুই সন্তানক বিয়লি টিউচনলৈ নিছিল ৷

লগতে পঢ়ক: প্ৰেমিকৰ সৈতে মাতৃক অসংযত অৱস্থাত দেখিলে কন্যাই; এটা হত্যাকাণ্ড এনেকৈয়ে হ’ল

পৰিকল্পিতভাৱে এই হত্যাকাণ্ড সংঘটিত কৰি নিশা প্ৰায় ২ বজাত দিতুমণি হালৈ অসুস্থ হোৱা বুলি পত্নী হীৰামণিয়ে ১০৮ এম্বুলেন্স মাতি চিকিৎসাৰ বাবে চুবুৰীয়াক লগত লৈ জি এম চি এইছত ভৰ্তি কৰোৱায় । স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকে দিতুমণি হালৈক মৃত ঘোষণা কৰে । ইয়াৰ পিচত হীৰামণিয়ে নাটকীয়ভাৱে দিতুমণিৰ মাতৃ আৰু তেওঁৰ পৰিয়াললৰ লোকলৈ ফোন কৰি ভাত খাই থাকোঁতে পানী গাঁঠি লগাত জি এম চিত ভৰ্তি কৰোৱা বুলি অৱগত কৰোৱায় ৷

দিতুমণিৰ মাতৃয়ে ভাৰাঘৰৰ মালিককো ফোনযোগে এই বিষয়ে অৱগত কৰোৱায় ৷ ইয়াৰ পিচতে ভাৰাঘৰৰ অন্যান্য ভাৰাতীয়াক এই বিষয়ে নিশাই অৱগত কৰোৱাত এম্বুলেন্সত লৈ যোৱাৰ কথা জানিবলৈ দিয়ে । দিতুমণিৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীক অৱগত কৰাত পত্নী আৰু প্ৰেমিকক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক: ঘৰৰ ভিতৰতে উদ্ধাৰ পত্নীৰ মৃতদেহ, মুমূৰ্ষু অৱস্থাত উদ্ধাৰ স্বামীক

২৬ জুনত দুয়োকে দিছপুৰ আৰক্ষীয়ে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক আদালতত হাজিৰ কৰায় ৷ আদালতে দুই অভিযুক্তক দুদিনৰ আৰক্ষীৰ জিন্মাত দিয়ে । শুকুৰবাৰে দুই অভিযুক্তক লগত লৈ আৰক্ষীয়ে অপৰাধৰ দৃশ্যৰূপৰ পুনৰাবৃত্তি কৰে । পুতলাৰ সহায়ত আৰক্ষীক হীৰামণিয়ে দেখুৱাই দিয়ে কিদৰে দিতুমণিক হত্যা কৰা হৈছিল । শনিবাৰে দুই অভিযুক্তক আদালত হাজিৰ কৰি পুনৰ আৰক্ষীৰ জিন্মাত লোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ।

কেতিয়া বিবাহপাশত আৱদ্ধ হৈছিল দিতুমণি আৰু হীৰামণি ?

কিয় গুৱাহাটীৰ ভাৰাঘৰত বাস কৰিছিল ?

চি আৰ পি এফৰ জোৱান টিহুৰ দিতুমণিৰ সৈতে ১৪ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল হীৰামণি । তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ বিশেষভাৱে সক্ষম হোৱা হেতু কাহিলীপাৰাৰ বিদ্যালয়ত নামভৰ্তি কৰাই দিছিল ৷ স্কুললৈ অহা-যোৱা কৰাত যাতে সমস্যা নহয় তাৰ বাবে ছয় বছৰ পূৰ্বে ওচৰতে ঘৰ ভাৰালৈ লৈ দিছিল দিতুমণিয়ে ৷ ২০১১ চনত জীৱনসংগী হিচাপে লোৱা পত্নীৰ হাততে কাহিলীপাৰাৰ ভাড়াঘৰত প্ৰাণ হেৰুৱালে দিতুমণিয়ে ।

২৪ জুনত কাহিলীপাৰাৰ ভাৰাঘৰত দিতুমণি হালৈক প্ৰেমিকৰ সৈতে নিজহাতে হত্যা কৰে হীৰামণিয়ে । মাকে দেউতাকক বিচনাত বগৰাই লৈ দোপাট্টাৰে ডিঙিচেপি ধৰা আৰু প্ৰেমিক অৰূপ দাসে গাৰুৰে মুখ হেঁচি ধৰা দৃশ্য দেখে দুই অবোধ শিশুৱে ।

এই দুই ভাতৃৰ জ্যেষ্ঠজন বিশেষভাৱে সক্ষম । কথা ক’ব নোৱৰা ১২ বছৰীয়া জ্যেষ্ঠ ভাতৃয়ে আকাৰে-ইংগিতে আৰক্ষীৰ আগত দেউতাকক কিদৰে হত্যা কৰা হৈছিল তাৰ বিৱৰণ আগবঢ়াইছে ৷ ৭ বছৰীয়া কণমানিটোৱেও আৰক্ষীক জনাইছে সকলো কথা । আনকি দেউতাকৰ অন্তিম সৎকাৰৰ বাবে টিহুৰ ঘৰলৈ যোৱাৰ সময়তো ৭ বছৰীয়া কণমানিটোৱে আইতাক আৰু অন্যান্য আত্মীয়ৰ সন্মুখত বৰ্ণনা দিয়ে দেউতাকৰ মূৰটো থেকেচি গাৰুৰে মুখমণ্ডল হেঁচি ধৰি, দোপাট্টাৰে ডিঙিচেপি মৰাৰ সেই ভয়াৱহ বিবৰণ ৷

মাতৃৰ অপৰাধৰ বাবে এতিয়া এক অনিশ্চিত ভৱিষ্যতৰ সম্মুখীন হৈছে কণমানি দুটি । দেউতাকক হত্যা কৰা মাতৃ এতিয়া আৰক্ষীৰ লক-আপত । এনে পৰিস্থিতিত একপ্ৰকাৰে অনাথ হৈ পৰিছে দুই কণমানি ভাতৃ । মাতৃৰ অপৰাধৰ কথা দুয়োজনে জনাইছে আৰক্ষীক । পিতৃহত্যাৰ সাক্ষী হিচাপে আৰক্ষীয়ে প্ৰক্ষেপ কৰিছে এই দুই কণমানিক । সম্প্ৰতি তেওঁলোক শিশু কল্যাণ সমিতিৰ অধীনৰ শিশুগৃহত আছে । শিশুগৃহত থকা দিতুমণিৰ দুই পুত্ৰক কেইদিনমানৰ পিচত হয়তো আইতাকে জিন্মাত লাভ কৰিব ।

লগতে পঢ়ক: ছুটীত আহি চি আৰ পি এফ জোৱানে ঘৰৰ ভিতৰতে প্ৰেমিকৰ সৈতে পালে পত্নীক : তাৰ পিচতেই ঘটিল হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.