ETV Bharat / state

জৰাজীৰ্ণ বাসগৃহৰ পৰা বিশ্বমুখী যাত্ৰা এগৰাকী ফুটবল খেলুৱৈৰ - Golaghat Football Player

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 7:14 PM IST

Golaghat Football Player: এগৰাকী প্ৰচুৰ সম্ভাৱনাময় যুৱতী । ক্ৰীড়াৰ ক্ষেত্ৰত আছে তেওঁৰ অগাদ দখল । ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছে তেওঁ । পিছে তেওঁ বাস কৰা জৰাজীৰ্ণ জুপুৰীটো দেখিলে চকু সেমেকি উঠিব আপোনাৰো । ক'ত আছে এই শামুকৰ পেটৰ মুকুতাহেন এই খেলুৱৈ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

An athlete from Golaghat who participated in national-level sports needs help
জৰাজীৰ্ণ বাসগৃহৰ পৰা বিশ্বমুখী যাত্ৰা এগৰাকী ফুটবল খেলুৱৈৰ (ETV Bharat Assam)

গোলাঘাট,২৯ জুন: এটা জৰাজীৰ্ণ পঁজা । পঁজাটোৱেই শোৱনী কোঠা, পঁজাটোৱেই পাকঘৰ । আকাশখনেই যেন পঁজাটোৰ চাল । পঁজাটোৰ ফুটা চালেৰে আকাশখনলৈ চাই সপোন দেখে এগৰাকী প্ৰচুৰ সম্ভাৱনা থকা যুৱতীয়ে । পিচে ফুটা চালেৰে পৰা বৰষুণৰ টোপালে সেমেকাই তোলে যুৱতীগৰাকীৰ সপোনবোৰ । বোকাময় কৰি তোলে সপোনৰ আলিটো । ছবিখন বোকাখাতৰ বিহৰা চাহ বাগিচাৰ ৪ নম্বৰ লাইনৰ । বিভীষণ তাঁতীৰ পঁজাটি দেখিলে চকু সেমেকিব আপোনাৰো ।

পিচে বোকাত পদুম ফুলে । জীৱনৰ কঠোৰ পৰীক্ষাত অৱতীৰ্ণ হৈ এখোজ-দুখোজ কৈ আগবাঢ়িছে বিভীষণ তাঁতীৰ কন্যা আচিমা তাঁতী । বিহৰা চাহ বাগিচাৰ ৪ নম্বৰ লাইনৰ বিভীষণ তাঁতী আৰু ফুলন তাঁতীৰ কন্যা আচিমা তাঁতী বিহৰা মডেল হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী । সৰুৰে পৰাই ক্ৰীড়াৰ প্ৰতি আগ্ৰহী আচিমা । ভাল পায় ফুটবল খেলি । বৰ্তমান গুৱাহাটীৰ ছাই একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আচিমাই ।

সকলো সচেতন ব্যক্তিৰ অজ্ঞাতেই ইতিপূৰ্বে অসম মহিলা ফুটবল দলৰ হৈ ঝাৰখণ্ডত যোৱা ১২ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ অনুষ্ঠিত পঞ্চম নেচনেল ৰুৰেল ফুটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে আচিমাই । তাৰ পূৰ্বে গোলাঘাট আৰু গুৱাহাটীতো ফুটবল খেলি গৌৰৱ কঢ়িয়াইছে তেওঁ । পুনৰ ২ জুলাইৰ পৰা তিনিচুকীয়াত আৰম্ভ হ'ব আচিমাৰ আন এক যুঁজ আৰু তিনিচুকীয়াত নিৰ্বাচিত হ'লে তেওঁলোকৰ দলটোৱে খেলিবলৈ যাব মুম্বাইত । পিচে আচিমাৰ ঘৰখনে আচিমাক এই যাত্ৰাত যেন সহায় কৰিবলৈ অপাৰগ । আচিমাৰ আছে আঙুলি মূৰত গণিব নোৱাৰা অভাৱৰ তালিকা ।

গাহৰি কাটি বিক্ৰি কৰা পিতৃ আৰু বাগিচাৰ শ্ৰমিক মাতৃৰ উপাৰ্জনেৰে নচলে ঘৰ । শামুকৰ পেটৰ মুকুতাহেন আচিমাৰ এই যাত্ৰাক লৈ চিন্তিত মাতৃ । বাহিৰত খেলিবলৈ যাওঁতে, ঘৰখনৰ ছবি চকুলৈ আহিলেই হতাশাই আৱৰি ধৰে চৈধ্য বছৰীয়া, অপাৰ সম্ভাৱনাৰ আঁকৰ আচিমা তাঁতীক । সু-দৃষ্টি পৰিবনে চৰকাৰৰ ? অকণমান সহায়ৰ হাত আগবঢ়াবলৈ আহৰি হ'বনে, বোকাখাতৰ বিধায়ক, জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই ? সেয়া সময়ে ক'ব ।

লগতে পঢ়ক: হেণ্ডবল প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ খেলিব লীলাম্বৰ মৰাণে - Indian Handball Team

ভাৰতীয় টাইকোৱাণ্ডোৰ ৰাষ্ট্ৰীয় ৰেফাৰীৰ স্বীকৃতি লাভ কলিয়াবৰৰ অজয় বৰুৱাৰ - National Taekwondo Referee

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.