অসম

assam

শিলচৰত উন্নয়নৰ ফোপোলা স্ৱৰূপ

By

Published : Mar 20, 2019, 10:49 PM IST

2014 চনত শিলচৰৰ সাংসদ সুস্মিতা দেৱে নিজ সমষ্টিৰ লক্ষীনগৰ গাঁওখন তুলি লয় যদিও বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা এই গাঁওখনৰ৷ ৫ বছৰ ধৰি উন্নয়নৰ মুখ দেখা নাই গাঁওখনে৷

শিলচৰত উন্নয়নৰ ফোপোলা স্ৱৰূপ

20 মাৰ্চ, শিলচৰঃ সাংসদৰ দ্ৱাৰা তোলনীয় এখন আদৰ্শ গাঁৱৰ ফোপোলা স্বৰূপ ৷ প্ৰকল্প থাকিও গাঁওখনত নাই বিশুদ্ধ খোৱা পানী, নাই যাতায়ত ব্যৱস্থা ৷ এইখন শিলচৰৰ লক্ষীপুৰ সমষ্টিৰ লক্ষীনগৰ গাঁও ৷

বিগত বছৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি ২০১৪ চনত শিলচৰৰ সাংসদ সুস্মিতা দেৱে নিজ সমষ্টিৰ এই গাঁওখন তুলি লয়৷ কাৰণ উক্ত গাঁওখনৰ পৰা সহস্ৰাধিক ভোট পাইছিল সাংসদ গৰাকীয়ে৷ কিন্তু বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা এই গাঁওখনৰ ৰাইজৰ।

শিলচৰত উন্নয়নৰ ফোপোলা স্ৱৰূপ

বিগত ৫ বছৰ ধৰি উন্নয়নৰ মুখ দেখা নাই গাঁওখনত বাস কৰা ৭০০০ গাঁওবাসীয়ে৷ উল্লেখ্য যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গাঁওখনৰযি অৱস্থা আছিল বৰ্তমানো কোনো পৰিৱৰ্তন নাহিল গাঁওখনত ৷ ফলত ক্ষুদ্ধ হৈ পৰিছে গাঁৱবাসী৷ চাওক ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন.......

ABOUT THE AUTHOR

...view details