অসম

assam

বঙাইগাঁওত ভূমিপাট্টাৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

By

Published : Aug 27, 2019, 8:38 PM IST

বঙাইগাঁওত ভূমিপাট্টাৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ। অনুমতি লোৱাৰ পিচতো প্ৰতিবাদী সমদল কৰাত বাধা আৰক্ষীৰ ।

বঙাইগাঁওত ভূমিপাট্টাৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

বঙাইগাঁও,27 আগষ্টঃ বঙাইগাঁও জিলা সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলাখনৰ গোষ্টী সংঘৰ্ষত গৃহহীন হোৱা তথা নদীৰ গৰাখহনীয়াত গৃহহীন হোৱা লোক সকলক লৈ ভূমি পাট্টাৰ দাবীত প্ৰতিবাদী গণধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰৰ পৰা প্ৰতিবাদী সমদল কৰি আহি জিলা উপায়ুক্তক ভূমিপাট্টাৰ দাবীত স্মাৰক দি গান্ধী ময়দানত গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ কথা আছিল যদিও জিলা প্ৰশাসনে অনুমতি দিয়াৰ পিচতো সমদল কৰাত বাধা দিলে জিলা প্ৰশাসনে। বৃহৎ আৰক্ষীৰ দলে দণ্ডাধীশসহ আহি বাধা দিলে সমদল কৰাত। ১৯৮৯ চনত বৰ্তমানৰ চিৰাং জিলাত ভাৰত-ভূটান সীমান্তৰ ৪২ খন গাঁওৰ খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ লোকসকলে বড়ো আন্দোলনত নিজৰ পাট্টা মাটি এৰি আহিব লগীয়া হৈছিল। তাৰ পিচতে এই সকল দুৰ্ভগীয়া লোকে বঙাইগাঁও জিলাৰ বিদ্যাপুৰসহ কেবাঠাইতো শিবিৰ পাতি থাকিবলগীয়া হৈছিল। যোৱা ৩০ টা বছৰে অসম চৰকাৰে এই সকল লোকক কোনো সংস্থাপনৰ ব্যৱস্থা নকৰিলে। ইয়াৰোপৰি জিলাখনৰ বহু গাঁও আই তথা অন্যান্য নদীৰ গৰাখহনীয়াত সৰ্বশ্ৰান্ত হোৱাৰ পিচতো চৰকৰে এইসকল লোকক ভূমি পাট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিও পূৰণ নকৰিলে। যি সময়ত অসমত অগপৰ চৰকাৰ আছিল সেই সময়ৰ পৰাই এই সকল লোকক কোনো চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে। বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ সমষ্টিত এই সকল লোকক প্ৰতাৰণা কৰাৰহে অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ৷

বঙাইগাঁওত ভূমিপাট্টাৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details