অসম

assam

গোৰেশ্বৰত বাৰেৰহণীয়া সংস্কৃতিৰ সমাহাৰ

By

Published : Jan 19, 2020, 2:04 PM IST

শনিবাৰে লোকনৃত্যৰ সমাহাৰেৰে সামৰণি পৰিল গোৰেশ্বৰ বড়িগাঁৱৰ অনুষ্ঠিত 24 সংখ্যক ভোগালী উৎসৱৰ ৷ অনুষ্ঠানত উপস্থিত হৈ লোকনৃত্যত অংশগ্ৰহণ কৰিলে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে ৷

24th bhogali bihu celebration at borigaon in baksa
সমন্বয় থলীলৈ পৰিণত হ’ল গোৰেশ্বৰ বড়িগাঁও

বাক্সা , 19 জানুৱাৰীঃ লোকনৃত্যৰ সমাহাৰত সমন্বয় থলীলৈ পৰিণত হ’ল গোৰেশ্বৰ বড়িগাঁও ৷ বাক্সা জিলাৰ বড়িগাঁও ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজিত 24 সংখ্যক ভোগালী উৎসৱৰ সামৰণি পৰে শনিবাৰে ৷ সামৰণি অনুষ্ঠানৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত প্ৰদৰ্শিত ৰাভা , বড়ো , শৰণীয়া কছাৰী , নেপালী , বিহু , বহুৰঙী আদি লোকনৃত্য-গীতত মুখৰিত হৈ পৰে উৎসৱথলী ৷ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে ৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত নৃত্য সমাৰোহৰ উদ্বোধন কৰে বিটিচিৰ পৰিষদীয় সদস্য গণেশ কছাৰীয়ে ৷

সমন্বয় থলীলৈ পৰিণত হ’ল গোৰেশ্বৰ বড়িগাঁও

ABOUT THE AUTHOR

...view details