বৰপেটা, 24 জুন: বৰপেটাৰ পাটবাউসীৰ সমীপৰ মৌখাৰি গাওঁত এগৰাকী লোকৰ সলিল সমাধি ৷ লোকজন মৌখাৰি গাঁৱৰ আলীমুদ্দিন আলীৰ পুত্ৰ মকবুল আলী বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে দেওবাৰৰ দুপৰীয়াৰে পৰা সন্ধানহীন হৈ আছিল মকবুল ।
দ’ খাৱৈত পৰি সলিল সমাধি এজনৰ
Published : Jun 25, 2024, 8:05 AM IST
![দ’ খাৱৈত পৰি সলিল সমাধি এজনৰ Death By Drowning](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-06-2024/1200-675-21789021-thumbnail-16x9-ge.jpg)
দ’ খাৱৈত পৰি সলিল সমাধি এজনৰ (ETV Bharat Assam)
পৰৱৰ্তী সময়ত মাজকুছি গাঁৱৰ এটা দ’ খাৱৈৰ পাৰত লোকজনে পৰিধান কৰা চাৰ্ট-চেণ্ডেল প্ৰত্যক্ষ কৰি গাওঁ প্ৰধানক খবৰ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে । কিছুসময় পিছতে ঘটনাস্থলীত এছ ডি আৰ এফ জোৱানৰ দলৰ লগতে আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লোকজনে কি কাৰণত উক্ত স্থানলৈ গৈছিল তথা মৃত্যুৰ কাৰণ বৰ্তমানেও স্পষ্ট হোৱা নাই ।