ETV Bharat / snippets

বাগিচাৰ ঘাঁহ খোৱাৰ অপৰাধত ছাগলীক ভৰিৰে ডিঙি চেপি হত্যা

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 8:23 PM IST

VIRAL VIDEO ON SOCIAL MEDIA
অমানৱীয় এক কাণ্ড (ETV Bharat Assam)

শিলচৰ, 1 জুলাই : কাছাৰৰ হিলাৰা চাহ বাগিচাত চৰম অমানৱীয় কাণ্ড ৷ এটা ছাগলীক ভৰিৰে ডিঙিত চেপি ধৰি হত্যা কৰিলে এজন লোকে ৷ চাহ বাগানত কৰ্মৰত ব্যক্তিজনৰ নাম অশিত নন্দী ওৰফে নন্দী বাবু ৷ ছাগলীটো হত্যাৰ ভয়ংকৰ দৃশ্য ইতিমধ্যে ভাইৰেল ছ’চিয়েল মিডিয়াত ৷ যাক লৈ সৰ্বত্ৰে চলিছে প্ৰতিক্ৰিয়া ৷

বাগিচাত ঘাঁহ খাই থকাৰ অপৰাধতে ছাগলীটোক নিৰ্মমভাৱে হত্যা কৰে ব্যক্তিজনে ৷ ছাগলীটোৰ গৰাকীয়ে বাগানৰ কৰ্মচাৰীসহ দুজনৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ ৷ ইয়াৰ ভিত্তিতে কাছাৰ আৰক্ষীয়ে আটক কৰে অশিত নন্দীক ৷ বৰ্তমান কাটিগড়া আৰক্ষী চকীত ৰখা হৈছে অভিযুক্তক ৷

লগতে পঢ়ক: 24 ঘণ্টাৰ বাবে অসমৰ দুখন জিলাত ৰেড এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.