ETV Bharat / snippets

সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন ৰাজ্য চৰকাৰৰ

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 10:48 PM IST

7TH ASSAM STATE FINANCE COMMISSION
সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন ৰাজ্য চৰকাৰৰ (ANI)

গুৱাহাটী, ১ জুলাই: ভাৰতীয় সংবিধানত থকা ব্যৱস্থাৱলীৰ আধাৰত অসম চৰকাৰে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতাৰ অধ্যক্ষতাত সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন কৰিছে । বিত্ত বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ সচিবৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱেশ্বৰ মালাকাৰ সদস্য হিচাপে থকা সমিতিখনত আই আই টি, গুৱাহাটীৰ অৰ্থনীতিবিদ, অধ্যাপক মৃণালকান্তি দত্তই বিশেষজ্ঞ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব । আনহাতে বিত্ত বিভাগৰ বিশেষ সচিবগৰাকী হ'ব এই সমিতিখনৰ সদস্য সচিব । আয়োগে ৰাজ্যখনৰ লগতে পঞ্চায়ত আৰু পৌৰ নিকায়সমূহৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে প্ৰদান কৰা বিষয়সমূহৰ ভিত্তিত পৰামৰ্শ দাঙি ধৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.