ETV Bharat / state

মণিপুৰৰ হিংসা: গৃহমন্ত্ৰীৰ পদত্যাগৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ - CONGRESS PROTEST IN GUWAHATI

প্ৰতিবাদকাৰীসকলে বিজেপি মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক, মণিপুৰ চৰকাৰক বৰ্খাস্ত কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ।

congress protest on Manipur issue
মণিপুৰৰ হিংসাৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ মমবাতি সমদল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 8:26 PM IST

গুৱাহাটী: অশান্তজৰ্জৰ মণিপুৰত হত্যা-হিংসা বন্ধ কৰাৰ দাবীত মঙলবাৰে সন্ধিয়া অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । পূৰ্বঘোষিত কাৰ্যসূচী অনুযায়ী কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে সন্ধিয়া দীঘলীপুখুৰীৰ পাৰত মিলিত হয় । তাৰ পিছত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে সন্ধিয়া দীঘলীপুখুৰীৰৰ পাৰত মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে শ শ কংগ্ৰেছ কৰ্মীয়ে দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ কৰি থকাৰ সময়তে আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীসকলক আগুৱাই যোৱাত বাধা প্ৰদান কৰে । যাৰ ফলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয় । প্ৰতিবাদকাৰীসকলে বেনাৰ লৈ বিজেপি মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, গৃহমন্ত্ৰী অমিত শ্বাহে পদত্যাগ কৰক, মণিপুৰৰ বিজেপি চৰকাৰক বৰ্খাস্ত কৰক আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ।

মণিপুৰৰ হিংসাৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ মমবাতি সমদল (ETV Bharat Assam)

দীঘলীপুখুৰীৰ পৰা হাতত মমবাতি লৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ফালে প্ৰতিবাদকাৰীসকল আগবাঢ়ে যদিও আৰক্ষীয়ে সমদলটোক আগবঢ়াত বাধা দিয়ে । আনহাতে, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কংগ্ৰেছ কৰ্মীসকলক সম্বোধন কৰি কয়, "বিজেপিয়ে জনগোষ্ঠীসমূহৰ মাজত ভেদ-ভাব সৃষ্টি কৰি মণিপুৰক অশান্ত কৰি তুলিছে ।"

congress protest on Manipur issue
গুৱাহাটীত কংগ্ৰেছৰ মমবাতি সমদল (ETV Bharat Assam)

মণিপুৰলৈ প্ৰধানমন্ত্ৰী কিয় নাহে বুলি প্ৰশ্ন কৰি দেৱব্ৰত শইকীয়াই কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰত হৈ থকা হত্যা-হিংসাক গুৰুত্ব দিব নোখোজাতো দেশৰ সংবিধান-বিৰোধী কথা । মণিপুৰত নাৰী আৰু শিশুৰ অধিকাৰ সম্পূৰ্ণৰূপে খৰ্ব হৈছে । মানৱ অধিকাৰৰ বধ্যভূমিত পৰিণত হৈ পৰিছে মণিপুৰ ।" লগতে প্ৰধানমন্ত্ৰীক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে দাবী জনাই বিৰোধী দলৰ নেতা শইকীয়াই ।

প্ৰতিবাদস্থলীত প্ৰাক্তন সাংসদ ৰিপুণ বৰা, আব্দুল খালেকেও বিজেপিৰ অপশাসনৰ ফলতেই মণিপুৰ আজি জ্বলি আছে বুলি অভিযোগ কৰে । অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি পূৰ্ণকান্ত গগৈ, ৰূপা দেউৰী, জ্যেষ্ঠ নেতা বলীন কুলী, ৰামান্না বৰুৱা, বিপুল গগৈ, দ্বীপ বায়ন, প্ৰদ্যুৎ ভূঞা প্ৰমুখ্যে কংগ্ৰেছ নেতাসকল উপস্থিত থাকে । প্ৰতিবাদী সভাখনৰ আঁত ধৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ।

লগতে পঢ়ক :মণিপুৰত হিংসাৰ জুই; অসম সীমান্তত সষ্টম পহৰাদাৰ
লগতে পঢ়ক :অশান্ত মণিপুৰৰ চুড়াচান্দপুৰত প্ৰতীকী কফিন লৈ কুকি গোটৰ সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.