ETV Bharat / state

কৰিমগঞ্জ জিলাৰ নতুন নাম 'শ্ৰীভূমি জিলা' - CABINET CHANGES KARIMGANJ NAME

ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । কেবিনেটৰ পাছতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন ।

Assam cabinet changes name of Karimganj district
কৰিমগঞ্জ জিলাই পালে নতুন নাম 'শ্ৰীভূমি জিলা' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 9:49 PM IST

গুৱাহাটী: সলনি হ'ল কৰিমগঞ্জ জিলাৰ নাম । কৰিমগঞ্জ জিলাক নতুনকৈ 'শ্ৰীভূমি জিলা' হিচাপে নামকৰণ কৰা হৈছে । এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত মঙলবাৰে দিছপুৰৰ লোক সেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় ।

কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

কৰিমগঞ্জ জিলাই পালে নতুন নাম 'শ্ৰীভূমি জিলা' (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে কয়,"ৰাজ্যৰ গাঁও, নগৰ, চহৰ, জিলাসমূহৰ নাম সেই স্থানৰ ঐতিহ্যৰ চানেকী হিচাপে নামাকৰণ কৰাৰ অংশ হিচাপে কৰিমগঞ্জ জিলাৰ নাম 'শ্ৰীভূমি জিলা' হিচাপে নামকৰণ কৰা হৈছে । ইতিমধ্যে বিভিন্ন গাঁও, ঠাইৰ নাম সলনি কৰা হৈছে । গাঁও তথা জিলাসমূহৰ নাম ঐতিহাসিক গুৰুত্বৰ লগতে অভিধানিক হোৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে । কৰিমগঞ্জ জিলাৰ নাম 'শ্ৰীভূমি জিলা' কৰা হৈছে । ১৯১৯ চনত চিলেট ভ্ৰমণৰ সময়ত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে চিলেটক সুন্দৰী শ্ৰীভূমি কৈছিল ।"

পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগত কেবিনেটে লোৱা সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,"আজিৰ কেবিনেটত পঞ্চায়ত নিৰ্বাচনক লৈ বিশদ আলোচনা কৰা হয় । ডিচেম্বৰৰ আগতে ভোটাৰ তালিকা প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ভোটাৰ তালিকা প্ৰকাশ পালে ১০ ফেব্ৰুৱাৰীৰ আগতে পঞ্চায়ত নিৰ্বাচন সমাপ্ত কৰিব পৰা যাব । জানুৱাৰীৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব । পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব ।"

অসমত দ্বিতীয়বাৰৰ বাবে বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,"পাঁচ বছৰ পূৰ্বে অসমত বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰা হৈছিল । এইবাৰ ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 'আছাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্টাকচাৰ চামিট' অনুষ্ঠিত হ'ব । এইবাৰ ইনফ্ৰাষ্টাকচাৰ চামিটো হ'ব । প্ৰধানমন্ত্রীয়ে এই সন্মিলনিত অংশগ্ৰহণ কৰাৰ সন্মতি প্ৰকাশ কৰিছে । ইয়াৰ বাবে দেশৰ বিভিন্ন স্থানত ৰোড শ্ব' কৰা হ'ব ।"

ইফালে উপ-নিৰ্বাচনৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়,"২৩ নৱেম্বৰত ফলাফল ওলাব । ইতিমধ্যে ই ভি এমত ফলাফল আছে । ২৩ তাৰিখে ফলাফল গম পোৱা যাব । এতিয়া জল্পনা-কল্পনা কৰি লাভ নাই ।" সংবাদমেলত মন্ত্রী বিমল বড়া, ৰণজিৎ কুমাৰ দাস, জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰীকাও উপস্থিত আছিল ।

লগতে পঢ়ক: চৰকাৰৰ প্ৰতি আস্থা হেৰুৱালে ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ দুই সহস্ৰাধিক শিক্ষকৰ

শৈক্ষিক দিনপঞ্জীৰ বৰ্হিভূত অতিৰিক্ত দায়িত্বৰ বোজা নোলোৱাৰ ঘোষণা ৰাজ্যৰ শিক্ষক সমাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.