অসম

assam

মাজুলীত কাঠফুলা খাই এজনৰ মৃত্যু, অসুস্থ দুজন

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 8:44 PM IST

One dead and two ill after eating mushroom in Majuli
মাজুলীত কাঠফুলা খাই এজনৰ মৃত্যু (ETV Bharat Assam)

মাজুলী,২৫ জুন: মাজুলীত কাঠফুলা খাই এজন লোকৰ মৃত্যু হোৱাৰ লগতে অসুস্থ দুজন । সোমবাৰে নিশা আহাৰৰ লগত খাইছিল কাঠফুলা । কাঠফুলা খাই মৃত্যুক সাৱটি লোৱা লোকজন তুলসী পেগু বুলি জানিব পৰা গৈছে । লোকজনৰ ঘৰ জেংৰাইমুখৰ বালি বৰপমুৱাত । মঙলবাৰে গড়মুৰৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়ৰ পৰা যোৰহাটলৈ নিয়াৰ পথতে মৃত্যুক সাৱটি লয় লোকজনে ।

লোকজনৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে । আনহাতে বিষাক্ত কাঠফুলা খাই বালি বৰপমুৱা গাঁৱৰ মুহিকান্ত পেগু আৰু সঞ্জীৱ পেগু নামৰ লোক দুজনো গুৰুতৰভাৱে অসুস্থ হৈ পৰে । দুয়োজন বৰ্তমান গড়মূৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও দুয়ো বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details