অসম

assam

ETV Bharat / snippets

বাঘৰ আক্ৰমণৰ বলি হোৱা ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 5:25 PM IST

FLOOD IN BISWANATH
বাঘৰ আক্ৰমণৰ বলি হোৱা হুছেইন আলিৰ বাসগৃহত সাংসদ ৰঞ্জিৎ দত্ত (ETV BHARAT ASSAM)

বিশ্বনাথ, 4 জুলাই : বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংছালী-দলনীত বাঘৰ আক্ৰমণৰ বলি হোৱা হুছেইন আলি নামৰ ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ ৷ আজি পুৱা 4.30 বজাতে বিশ্বনাথ বন সংমণ্ডল বিষয়া বিশ্বজিৎ দাসৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে পৰিয়ালৰ সদস্য আৰু স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলাই আৰু পানীত ওপঙি থকা অৱস্থাত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত মৃতদেহটো বিহালী আৰক্ষী আৰু বন বিভাগৰ লোকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰাই পৰিয়ালক চমজাই দিয়ে ৷

ইফালে পৰিয়ালৰ একমাত্ৰ উপৰ্জনকাৰী লোকজনৰ অকাল মৃত্যুত দিশহাৰা হৈ পৰা পৰিয়ালটোৰ কাষত আজি সাংসদ ৰঞ্জিৎ দত্ত উপস্থিত হয় ৷ সাংসদজনে দুৰ্ভগীয়া পৰিয়ালটোক কিছু অৰ্থ সাহায্য আগবঢ়ায় ৷

ABOUT THE AUTHOR

...view details