ETV Bharat / state

মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি : দেওবাৰৰ পৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন - Nijut Moina scheme - NIJUT MOINA SCHEME

Assam CM: মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ অধীনত দেওবাৰে হিতাধিকাৰীক প্ৰদান কৰা হ'ব আৰ্থিক অনুদান ।

Assam CM
মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি : দেওবাৰৰ পৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন (Facebook@CMOAssam)
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 9:07 PM IST

গুৱাহাটী, ৫ অক্টোবৰ : ছাত্রীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা 'মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি' নামৰ অভিলাষী আঁচনিখন দেওবাৰে ৰাজ্যজুৰি শুভাৰম্ভ কৰা হ'ব । অৰ্থাৎ দেওবাৰৰ পৰা যোগ্য ছাত্রীসকলৰ একাউণ্টত সোমাব নিযুত মইনা আঁচনিৰ ধন । যোৱা ৮ আগষ্টত আঁচনিখন মুকলি কৰিছিল মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বিগত কেইদিনত সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি দেওবাৰৰ পৰা ছাত্রীসকলক আঁচনিৰ ধন দিয়াৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ । ইয়াৰ লগত সংগতি ৰাখি গুৱাহাটীৰ খানাপাৰাত বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁও জিলাৰ ছাত্ৰীসকলক খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক অনুদান আনুষ্ঠানিকভাৱে প্ৰদান কৰিব । ইতিমধ্যে মুখ্যমন্ত্রীয়ে সদৰি কৰা অনুসৰি ৰাজ্যৰ ১০ লাখ ছাত্রীক আঁচনিখনে সামৰি ল'ব । এই আঁচনিখনে ১০ লাখ ছাত্রীক সামৰি ল'বলৈ ৪ বছৰ সময় লাগিব । ১০ লাখ হিতাধিকাৰী সম্পূৰ্ণ হোৱাৰ পাছত আঁচনিখনৰ প্ৰাসংগিকতা সম্পৰ্কত পৰ্যালোচনা কৰি আঁচনিখন চলাই লৈ যোৱা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব । ৮ আগষ্টত আঁচনিখন মুকলি কৰি ছাত্রীসকলৰ মাজত প্ৰপত্র বিতৰণ কৰা হৈছিল আৰু তাৰ পিছত জমা লোৱা হৈছিল ।

Assam CM
মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি : দেওবাৰৰ পৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন (Facebook@CMOAssam)

মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ বাবে কোন যোগ্য :

এই আঁচনিৰ জৰিয়তে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীসকলে প্ৰতিমাহে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব এক নিৰ্দিষ্ট পৰিমাণৰ ধন । আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে দুমাহ বাদ দি বাকী ১০ মাহে মাহেকত ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব । তেওঁলোকে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নোহোৱা পৰ্যন্ত প্ৰতিমাহে এই ধন লাভ কৰিব । সেইদৰে স্নাতক মহলাত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিব । আনহাতে স্নাতকোত্তৰ মহলাত আৰু বি এডত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰিব ২৫০০ টকাকৈ । এই সুবিধা ভেঞ্চাৰ আৰু জুনিয়ৰ কলেজত অধ্যয়ন কৰি থকা ছাত্ৰীসকলেও লাভ কৰিব । জুন আৰু জুলাই মাহক বাদ দি বাকী ১০ মাহে ছাত্রীসকলে নিজৰ একাউণ্টত এই ধন লাভ কৰিব ।

আঁচনিখনৰ বাবে কোন অযোগ্য :

ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰীসকলে মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ নকৰিব । বিবাহিতসকলে লাভ নকৰিব এই আঁচনিৰ সুবিধা । উচ্চতৰ আৰু স্নাতক মহলাত অধ্যয়নৰত অৱস্থাত বিবাহ হোৱা ছাত্ৰীও এই আঁচনিৰ পৰা বঞ্চিত হ'ব । অৱশ্যে স্নাতকোত্তৰ অধ্যয়নৰত ছাত্ৰী বিবাহিত হ'লেও তেওঁ এই আঁচনিৰ সুবিধা লাভ কৰিব । কোনো ছাত্ৰী যদি একেটা শ্ৰেণীতে অনুত্তীৰ্ণ হৈ থাকে তেন্তে তেওঁ এই আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব । আনহাতে এই আঁচনিৰ সুবিধা সেইসকল ছাত্ৰীয়েহে লাভ কৰিব যি সকলে স্কুটি নলয় । ৰাজ্য চৰকাৰে এই আঁচনিখনৰ বাবে বান্ধি দিয়া চৰ্ত অনুসৰি স্কুটি আৰু নিযুত মইনা আঁচনিৰ ভিতৰত যিকোনো এখন আঁচনিহে বাচি ল'ব লাগিব । একেলগে দুয়োখন আঁচনিৰ সুবিধা লাভ নকৰিব । মন্ত্রী, বিধায়ক আৰু সাংসদসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য নহ'ব ।

কি লক্ষ্য আৰু উদ্দেশ্যত নিযুত মইনা আঁচনি :

বাল্য বিবাহ ৰোধ কৰাৰ লক্ষ্যৰে শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসম চৰকাৰে আঁচনিখন আৰম্ভ কৰিছে । নামভৰ্তি বিনামূলীয়া কৰা হৈছে যদিও নামভৰ্তিৰ পাছত বহু ছাত্রীয়ে আধাতে শিক্ষা ত্যাগ কৰা দেখা যায় । আৰ্থিক প্ৰতিবন্ধকতাৰ বাবে বহু ছাত্রীৰ শিক্ষাৰ ক্ষেত্রত বাধাৰ সৃষ্টি হয় । ড্ৰপ আউট হ্ৰাস কৰি বাল্য বিবাহ ৰোধ কৰাৰ লক্ষ্যৰে ছাত্রীসকলৰ শিক্ষাৰ গতি যাতে ৰুদ্ধ নহয় তাৰ বাবে এই আঁচনি লৈছে অসম চৰকাৰে । সকলো ছাত্রীৰ বাবে আঁচনিখন মুকলি আছে যদিও আৰ্থিকভাৱে স্বচ্ছলসকলে ইচ্ছা কৰিলে আঁচনিখনৰ সুবিধা ন'লবও পাৰিব । আঁচনিখনৰ সুবিধা লাভৰ বাবে ছাত্রীগৰাকী উপস্থিতি নিয়মীয়া হ'ব লাগিব । অবিদ্যায়তনিক কাম-কাজত জড়িত থাকিব নোৱাৰিব ।

উল্লেখ্য যে দেওবাৰে কামৰূপ, কামৰূপ মহানগৰ আৰু মৰিগাঁও জিলাৰ ছাত্ৰীসকলক খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক অনুদান আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব । শনিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সভাস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে ।

লগতে পঢ়ক :৮ অক্টোবৰত ৰাজ্য চৰকাৰে পুনৰ ল'ব ৭৫০ কোটিৰ ঋণ - Assam Govt RBI Loan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.